পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৮২ ] গৃহস্থালি একেবাৰে পানী হব। তেওচোন আকৌ ধাৰ কৰি ফাকুৱা কৰিবলৈ ওলাইছে। মোৰ কথা শুনি কাকতী এইবাৰ একেবাৰে টিঙ্গিৰি তুল৷ যেন হল, আৰুক চকু ৰঙ্গ কৰি মোৰ মুখৰ আগত সোঁ হাতৰ মুঠি জোকাৰি কবলৈ ধৰিলে, ‘তোৰ বৰ পীত বাঢ়ি গৈছে, তই আগতেই ইমানখিনি কথা শুনাৱ, তই মোৰ ওপৰত কিবা চৰাৰ ওলাইছ নে কি ? ( সাতোলাৰ ফাললৈ চাই ) ই মোৰ ঘৰতেই মোক অপমান কৰিলে । ই সদাই মোৰ বেয়াটোহে দেখে, বাটে ঘাটে যতে দেখে ততেই কেৱল মোৰ ধাৰৰ কথাহে উলিয়ায়। সিদিনা বৰুৱাৰে সৈতে ফুৰিবলৈ যাওঁতেও বাটত তেওঁৰ আগতেই ধাৰৰ কথা উলিয়াই ছিল । মই ই আন্দলিয়া বুলি কথালৈ কাণ নকৰে, কিন্তু ই মোক যতে ততে অপমান দিবলৈহে বিচাৰি ফুৰে । ” সাতোলাই কলে ‘হয় তো, এনেবোৰ কথা ভাল নহয় । ধাৰ নালাগে কাৰ ? ডাঙ্গৰ মামুহু হলেই দোপোন ছকড়া ধাৰ থাকে ; সিও এটা নিন্দাৰ কথানে ? ইয়াৰ মুখ খনেই এনেকুৱাইয়াক ইয়ালৈ আহিব দিয়াই অযুগুত। এনেকুৱা৷ মুখৰ যহত হে সিদিনা ফুকনৰ গতা খাই ওলাই আহিছে । মই ভালকৈ জানো ধনীৰাম সাভোলা ৰান্ধনী উচটাই গ্লোল খোৱা মানুহ। সিয়েই কুবুদ্ধি দি দি কাকতীৰ পুৰণি ঘৰখন খাস্তাং কৰিলে । সি যেতিয়াই এই দৰে মাত লগালে, মোৰ একেবাৰে জ’ক উঠিল। মই কলোঁ, ফুকনে মোক নগাভিয়াব কেলেইমই হিতবুদ্ধি দিওঁ নহয় । তেওৰ টেটুৰ গুৰিলৈকে