য়ৈকে সেই কথা উইলত লিখি তেওঁক লাৰু লৰাটিক
বঞ্চিত কৰি তেওঁৰ লাকটি পাকটি যি আছিল, এটাইখিনি
ভায়েকক দি গৈছে। ল'ৰাটি এতিয়া মোমায়েকৰ ঘৰত।
বৰাই জানিবা সেই সম্পত্তিকে চলাই গৃহস্থালি কৰি আছে।
সন্দিকৈ বহিলতে, এওঁ থিয় হল আৰু বাওঁহাতত এডুখৰী চাৰি
আঙ্গুলীয়া টোকা লৈ সোঁহাত ওপৰলৈ তুলি কবলৈ ধৰিলে
—-ডাঙ্গৰীয়া সকল। ডেকাল'ৰাৰ মতি বুদ্ধি লৰচৰ ভয় দেখি-
বলৈ ভাল। কিন্তু আমাৰ ৰাজখোৱ ডাঙ্গৰীয়াৰ বয়স মোৰ
মনে তিনি কুৰি পোন্ধৰৰ কম নহয়।। তেখেতে যে এই বয়সত
চাহাব হব : ই কথা আমাৰ সপোনৰ বাতৰি। তেখেতৰ কথা
ধৰিব লাগিলে আমি এটাই বিলাক চাহাব হব লাগিব; আৰু
আমাৰ ঘৰৰ বুঢ়ী কেই জনীকো গন পিন্ধাই বিবী কৰিব লাগিব।
আমাৰ তিৰোতা বিলাকে দীঘলীয়া মাছিয়াত দীঘল হৈ ঠেং
টোৰ ওপৰত ঠেংটো তুলি লাহৰী মনোমতী পঢ়ি থাকিলে
ৰাজখোৱাৰ মনত ভাল। ৰাজখোৱাৰ জীয়েক এজনীও নাই,
নাইবা তেখেতৰ গাভৰু জীয়েক লিখিকা পাঠিকা হৈ চুবুৰীয়া
ডেকালৈ প্ৰিয়তম বুলি চিঠি লিখিলে ভাল পাবনে? ( টোকা
খনলৈ চাই ) ৰাজখোৱাই আৰু কৈছে যে আমাৰ তিৰোতাই
ভাল আঞ্জা ৰান্ধিব নাজানে। তেখেতে আজিকালি ,আমাৰ
পুৰণি সাতাম পুৰুষীয়া লফাৰ টেঙ্গা আৰু কোমোৰাৰ জালুকীয়া
লোপ কৰি বঙ্গলুৱা পোলাও কোৰ্ম্মাত ধৰিছে হবলা। আমাৰ
তিৰোতাই সেই বিলাক ৰান্ধিব নাজানে হয়। কিন্তু ৰাজ-
খোৱাই তেখেতৰ গৃহিনীৰ হাতৰ লফাৰ আঞ্জা টকালি পাৰি
পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৩৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৮ ]