ফুকন ডাঙ্গৰীয়া অসমৰ এজন লেখৰ মানুহ । তাহানি সৰুতে তেখেতে টোলত সংস্কৃত পঢ়িছিল। তেখেত বিশ্ব- দ্যিালয়ৰো নিচেই গোন্ধ নোপোৱা মানুহ নহয়, এণ্ট্ৰেঞ্চলৈকে পঢ়িছিল । পাচে বাপেক ঢুকালত জানিবা গৃহজঞ্জালত পৰি স্কুল এৰিলে । কিন্তু ইংৰাজী লিখাপঢ়া হলে ভাল কৈ শিকি- ছিল । তেখেত ৩০ টকীয়া কেৰানীৰ পৰা উধাই গৈ চিৰস্তাদাৰ হৈছিল, আৰু সুখ্যাতিৰে কাম চলাই পেন্চন পাইছে। যদিও চাকৰি কৰিয়েই বয়স কটালে, তেখেতে বিদ্যাৰ চৰ্চা এৰা নাছিল, ঘৰত সদাই নানাবিধৰ পুথি চাই থাকে । সভাপতিয়ে অনুৰোধ কৰি বহিলতে ফুকন থিয় হল, দুবাৰ খেঁকাৰিলে, এবাৰ মুখ মুছিলে আৰু চাৰিও ফালৰ মানুহবোৰলৈ চাই ললে । ইফালে গোটেই সভাৰ মানুহে হাত চাপৰিৰে কোৰ্হাল লগালে । পাচত তেখেতে ককাঁলত হাত দি সুপক্ক মুৰটি আগলৈ আগ বঢ়াই, গম্ভীৰ সুৰত কবলৈ ধৰিলে,—“সভ্য ডাঙ্গৰীয়া সকল ! তাহানি আমি ডেকাকালত, সভাসমিতি কৰি- বলৈ গলে তাত যি মন যায় তাকে কব পাৰিছিলোঁ। নিজৰ কথাওঁ সভাত কোৱা দস্তুৰ আছিল । কিন্তু আজিকালি সি নিয়ম নাই । আগৰ নিয়ম ইংৰাজী মতেৰে শোধন কৰা হৈছে। সেই শোধিত নিয়ম অনুসাৰে সভাত নিজৰ বিষয় কোনো কথা উলিয়াব নাপায়। কিন্তু আজিৰ সভাত আপোনালোকৰ আজ্ঞা লৈ, ইংৰাজী নিয়ম ভঙ্গ কৰি বক্তৃতাৰ আদিতে, ঘোষাৰ স্বৰূপে, আষাৰ চেৰেক নিজৰ কথা কব খুজিলোঁ । এই কথাত আপোনা- লোকে যেন মোৰ অপৰাধ নধৰে । ( সজ সজ শব্দ )
পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/১৫
অৱয়ব