নামেৰে এটি ল'ৰা চপাই ৰাখে। জী জোঁৱাইৰ মুখ চাই
কিছুমান দিনৰ পাচত বুঢ়া বুঢ়ীয়ে ইহলোক এৰি গল। তেতিয়া
এওঁলোক উভয়ে সেই ঘৰকে ৰাখি ঢাকি মহাসুখে কাল
বঞ্চিছিল, কিন্তু তেওঁলোকৰ সন্তান সন্ততি নোহোৱাত ধঞ্জয়
বৰ চিন্তিত আছিল, আৰু সন্তানৰ নিমিত্তে নানা দেব দেৰীক
পূজা অৰ্চনা কৰিছিল। তথাপি বহুত দিনলৈকে তেওঁ সন্তানৰ
মুখ দেখা নাছিল। এওঁলোকৰ ঘৰ আছিল মৈনাক গিৰিত।
এদিন নাৰদ ঋষি যজ্ঞলৈ সমিধ বিচাৰি মৈনাকলৈ যোৱাত
ধঞ্জয়ে লগ পায়, আৰু তেওঁৰ সন্তান কেনেকৈ হব তাৰে উপাই
সোধে। নাৰদে শিৱপূজা কৰিবলৈ বুদ্ধি দিয়ে। নাৰদৰ বুদ্ধি।
ধৰি দুয়ো গিৰীয়েক ঘৈনীয়েকে শুদ্ধ চিত্তে এটি শিবপূজা কৰে।
সেই পূজাৰ গুণত ধঞ্জয়ৰ ঘৈনীয়েকৰ গাত গৰ্ভ লক্ষণ দেখা
দিয়ে। পাচত একুৰি এমাহ উকলি গলত তেওঁ এটি কণী
প্ৰসৱ কৰে। কণী ভূমিস্থ হোৱা মাত্ৰেই পৃথিবীত তোলপাৰ
লাগি গল। পাঁচৰাৰ ভইঁকপ হ'ল, আৰু দুৰ্ঘোৰ ধুমুহা হবলৈ
ধৰিলে। ইফালে কণীৰ ভৰত মৈনাক বহিগৈ সাগৰৰ তল
হ'ল। কণীটি কেৱল দেখা পোৱা হৈ থাকিল। এই ঘটনাত
তেওঁলোক দুয়ো বিস্ময় আৰু বিবুদ্ধি হল। দুয়ো গোটখাই
কণীটি সাগৰৰ পৰা উদ্ধাৰ কৰিবলৈ বহুত যত্ব, বহুত পুৰুষাৰ্থ
কৰিলে তথাপি কণী লৰাবই নোৱাৰিলে। অৱশেষত আন
একো উপায় নাপাই, আৰু অবাবত কাল নষ্ট নকৰি, ধঞ্জয়
শীঘ্ৰে ইন্দ্ৰৰ তালৈ যাত্ৰা কৰিলে। তাত গৈ নিজৰ আপালি
আটাই খিনি নিবেদি কলে যে, এবাৰ ঐৰাৱত গৈ মোৰ কণীটি
পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৯৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮৫ ]