পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


[৯]

লাগে । বোৱাৰী ঘৰলৈ আহিলে শাহ আই তো চাঙ্গত উঠেই, বান্দী বেটীয়েও তাইৰ হাঙ্গি নধৰাকৈ কুটাগছ নিছিঙ্গে।  শাহুৰ বিবেচনাত বোৱাৰী শিলৰ মানুহ । তাইৰ বনতো ভাগৰ নাই, গালিতো বেজাৰ নাই, পেটতো ভোক নাই । পুৱাৰ পৰা দুপৰীয়ালৈ, আৰু দুপৰীয়াৰ পৰা নিশালৈ তাইৰ দুখন হাতৰ আজৰি নাই; তেও শাহু আইৰ সন্তোষ নাই । বোৱাৰী উঠিব সবাৰ আগত, নিশা শুব সবাৰ পাচত । খাওতে পূবৰ বেলি পচিমে যায় । আগেয়ে ডাঙ্গৰীয়াই খাই ওলাব, তাৰ পাচত বোপাহঁতে খাই ঘাব (চাপৰি) তাৰ পাচত আইটীহঁতে খাব, তাৰ পাচতহে বোৱাৰী আৰু বেটীৰ সকলোৰে পাত চোছা খোৱা পাল পৰে ।  শাহু আয়ে নিজৰ সোঁ হাত বাওঁ হাত নিচিনে, কিন্তু বোৰাৰীৰ ওপৰত চোকা অধ্যাপক । মাছে গচকা আঞ্জা খাবা, শাহুৱে গচকা বোৱাৰী বাবা। সেই দেখি শাহুৱেকে ভালকৈ গচকি দিয়ে (চাপৰি) । আইটী ১৬ বছৰীয়া হলেও আলৌ লৌৱা, আতোল্, তোল্ অজলা পোনা । কিন্তু বোৱাৰী ১২ বছৰতে পেট টেঙ্গৰী হয় । আইটীয়ে কথা কলে নন্দনকাননত বীন বাজে বোৱাৰীয়ে কথা কলে ভগা ঢোলত কোব মাৰে । (চাপৰি)  অসমত অনেক বোৱাৰীৰ এই অৱস্থা । ৰাওমুঈ শাহুৰ অত্যাচাৰত বোৱাৰীয়ে চকুৰ লো টুকি ভাত খায়; এনেকুৱা শাহুৰ প্রতি (চাপৰি) বোৱাৰীৰ কিমান ভক্তি হব পাৰে তাক আপোনালোকে বিবেচনা কৰি চাব পাৰে! ন বোৱাৰীয়ে কিছু-