পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৪৭ ]


ভোগশূন্য বনস্থলিত বাস কৰিছিল ( চাপৰি ) মৰণৰ ভয় কৰক ছাৰি মৃত্যুৰাজ যমকো ইতিকিং কৰিছিল। এওঁলোকে দীৰ্ঘ- জীৱন বাঞ্ছা কৰাৰ হেতু এই যে সৰহ দিন জীয়াই থাকিলে সংসাৰত সৰহ কাম কৰিব পাৰিব। অনেক মুনিয়ে যোগৰ বলত দীৰ্ঘজীবী হৈ দীৰ্ঘ চিন্তা, দীৰ্ঘ ধ্যান কৰি সংসাৰৰ তত্ত্ব আবিষ্কাৰ কৰিছিল, আৰু সেই বিষয়ে অনেক শাস্ত্ৰ লিখি থৈ গৈছে। আচল কথা, যি কৰ্ম্মী মানুহ সি দীৰ্ঘজীবী হবলৈ বাঞ্ছা কৰিলে ৰজে। কিন্তু যি নিষ্কৰ্মা, কেৱল ভক্ষণৰ মুখমাত্ৰ, সি তেনে বাঞ্চা কৰিলে হাস্যাস্পদ হয়। (সজ সজ শব্দ ) অৰণ্যৰ ইকৰাই দীৰ্ঘজীৱন বাঞ্ছা কৰিলে কোনে ভাল বুলিব? বৰং বৃদ্ধ ইকৰা দূৰীভুত হৈ ন গজালিক ঠাই দিয়াহে উচিত, কাৰণ তেনে হলে ইকৰা বংশৰ উন্নতি হয়। নিষ্কৰ্মা মানুহো ইকৰাৰ নিচিনা। সিহঁতেও যথা সময়ত আঁতৰ হৈ কামিলা মানুহলৈ ঠাই কৰা উচিত কিন্তু উদ্ভিদ ৰাজ্যত ইকৰাৰ জীৱন যেনে, আম কঠালৰ জীৱন তেনে নহয়।। আম কঠালৰ পক্ষে দীৰ্ঘ জীৱন বাঞ্ছনীয়, কাৰণ সিহঁত দীৰ্ঘায়ুস হলে সংসাৰত সৰহ কাম কৰিব পাৰে অৰ্থাৎ সৰহ ফল যোগাব পাৰে। ( চাপৰি ) সেই দৰে যদি মানুহো সংসাৰ- ক্ষেত্ৰত আম কঠাল হব পাৰে ( চাপৰি ) তেনেহলে তাৰ জীবন দীৰ্ঘ হোৱা বাঞ্চনীয়। মুঠ কথা, যাৰপৰা সংসাৰে কোনো বিনিময় নাপায় বা পোৱা শেষ হৈছে, তেনে মানুহৰ সংসাৰত থাকিবলৈ কোনো অধিকাৰ নাই। ( সজ সজ শব্দ ) কিন্তু, ডাঙ্গৰীয়া সকল! যাৰ থাকিবলৈ অধিকাৰ নাই, তাৰহে থাকিবলৈ হেপাহ ডাঙ্গৰ। ( চাপৰি ) যি কেবল সংসাৰৰ বোজা মাত্ৰ,