পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৪৮ ]


যি নিজৰ বা আনৰ উপকাৰৰ অৰ্থে এটি কামো কৰা নাই, বা কৰিব নোৱাৰে, তাৰহে সংসাৰত থাকিবলৈ হেপাহ ডাঙৰ। সি দীৰ্ঘায়ুস লভিবলৈ তেত্ৰিশ কোটি দেৱতা গোটাই পূজা কৰে ( চাপৰি ) গুৰু, পুৰুহিত, ভকত, মহন্ত, সকলোৰে আশীৰ্বাদ লয়। সি এবাৰ ভাবি নাচায় যে তাৰ জীৱন মৰণ সংসাৰৰ পক্ষে একে কথা। আৰু নিজৰ পক্ষেও জীৱনটো তাৰ এটা আহুকাল মাথোন। সি দিন কটাবলৈ উপাই নাপাই লোকৰ পদূলি শুঙ্গি ফুৰে আৰু টোটক লগাই ফুৰে ( চাপৰি ) দিন নাযায়, ৰাতি নুপুৱায় বুলি সদাই ওজৰ কৰে। অথচ সিয়েহে আকৌ দীঘল জীৱনৰ লালসী। দিন নাযায় বুলি দেও পাৰি ফুৰা মানুহে জীৱনটো ঢুকাই বুলি ভাবি পাৰ নাপায়। ই বৰ আচৰিত কথা। কিমাশ্চৰ্য্যমতঃপৰং। ( চাপৰি আৰু আনন্দৰ কোৰ্হাল )

 বক্তৃতা শেষ কৰি বিদ্যানিধি ডাঙ্গৰীয়াই আসন গ্ৰহণ কৰিলত সভাপতি ডাঙ্গৰীয়া থিয় হল, আৰু মানুহৰ হায় মাৰি- বলৈ অলপ পৰ ৰৈ আছিল। যেতিয়া সভা আকৌ নিজম পৰিল, সভাপতি ডাঙ্গৰীয়াই সোঁহাত মূৰৰ ওপৰলৈ তুলি সভাৰ ই মূৰৰ পৰা সি মূৰলৈ শুনাকৈ পঞ্চমত মাত লগালে --সভ্য ডাঙ্গৰীয়া সকল! কেন্দ্ৰসভা স্থাপিত হবৰ পৰা ইয়াত সৰু বৰ অনেক বক্তৃতা হৈছে, কিন্তু বিদ্যানিধি ডাঙ্গৰীয়ািৰ বক্তৃতাৰ নিচিনা সাৰুৱা বক্তৃতা এটিও হোৱা নাছিল। ( চাপৰি ) বিদ্যানিধিৰ বক্তৃতাৰ প্ৰত্যেক ফাঁকি, প্ৰত্যেক শব্দ, প্ৰত্যেক আখৰ তত্ত্ব জ্ঞানেৰে পৰিপূৰ্ণ। এই বক্তৃতাৰ পৰা সভাৰ অনেক