পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ২৫ ]


কৰিলোঁ। তিৰোতাক এই দৰে ৰাখি আমি তেওঁলোকৰ দেখি শিকাৰ মূৰ মাৰিছো। লেখি শিকাৰ পটন্তৰো তেনেকুৱা। ছোৱালী পঢ়াবলৈ আমি কত কেই জন অধ্যাপক ৰাখি দিওঁ কেই জনী ছোৱালীয়ে পঢ়াশালিত পঢ়ে। ছোৱালীক পঢ়ো- ৱাটো আমি দোষৰ কথা বুলিহে বিবেচনা কৰোঁ। পঢ়িলে ছোৱালী ৰচকী আৰু লাহতী হয়। বৰুৱাৰ জীয়েক লিখা পঢ়া শিকি লাহতী হৈছে, তেওঁ নিকা কাপোৰ নহলে মলিয়ন কাপোৰ নিপিন্ধে, আখলত তেলীচাই লাগিলে চাবোন খাৰণি লগায়, আৰু উপন্যাস পঢ়ে আৰু বাতৰি কাকত পঢ়ে। এনেকুৱা আচৰণ আমি গৰ্হিত বুলি ধৰোঁ। আমাৰ বিবেচনাত তিৰোতা নেজ-গুবৰুৱা গাই, বা লেটিলোৱা গাহৰি যেন হব লাগে। তেওঁলোকৰ গাৰ গোন্ধত খালৰ যখিনী আৰু গছৰ পিশাচনী পলাব লাগে! কিয়নো সুতিৰী গেন্ধেলী ই ডাকৰ বচন, ( চাপৰি ) গাত কেচেমা কেচেম গোন্ধ নাথাকিলে তেওঁ কেতিয়াও সুতিৰী ( চাপৰি ) হব নোৱাৰে। তিৰোতাৰ গাত নিকা কাপোৰ; আৰু তিৰোতাৰ নিকা ভৰি হাত আমাৰ চকুৰ কুটা দাঁতৰ শাল, আমি তাক কদাপি সহিব নোৱাৰোঁ। আমি আৰু তৰ্ক কৰোঁ যে লিখা পঢ়া শিকিলে ছোৱালী মই- মত হয়; শাহ শহুৰক নমনা হয়, আৰু গিৰিয়েকক উলাই কৰে। আমাৰ বিবেচনাত ছোৱালীয়ে পুৱা-গধূলি দুয়ো বেলা দণ্ডৱৎ দি সেৱা কৰিলেহে স্বামীক মান্য কৰা হয়, শাহুৱেকৰ ভৰি ধুৱাই পাদোদক খালেহে শাহুক ভক্তি কৰা হয়। ঘৰৰ তিৰোতা জনীৰ পূজাৰ থলি হবলৈ আমাৰ পৰম হাবিয়াস।