পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৬৪ ]


বন, পৰ্বত সকলো হিমৰ তাপত নিশ্চল হয় আৰু বাঢ়ল এৰে। জীৱনৰ হেমন্তও ঠিক তেনেকুৱা। এই কালত মানুহৰ তেজ শক্তিৰ বঢ়া টুটা নাই, সকলো থিৰ মাৰে। শৰীৰৰ হেমন্ত বৰ দীঘল। হেমন্ত কালেই মানুহৰ কাৰ্য্যৰ কাল, হেমন্তকালেই জীৱনৰ প্ৰধান কাল। বসন্তৰ উদ্ধতালিৰ পাচত হেমন্তৰ গহিনালি উপস্থিত হয়।। এই কালত মানুহ উতনুৱা গুচি গম্ভীৰ হয়, খৰ গুচি ধীৰ হয় আৰু উগ্ৰ গুচি মৃদু হয়। পৃথিবীত যেনেকৈ হেমন্ত কালত ছেগাচোৰোকা ৰ'দ আৰু বৰষুণ হৈ বতৰ ঘনেপতি পৰিবৰ্ত্তন নহয়, শৰীৰৰো সেই দৰে হেমন্ত কালত কোনোৰূপ পৰিবৰ্ত্তন নহয়।। আজি টপটপীয়া কালি লেৰেলা, এনেকুৱা পৰিবৰ্ত্তন জীৱনৰ গ্ৰীষ্ম বৰ্ষাতহে দেখা যায়।। হেমন্তৰ অন্তত জীৱনৰ শৰৎ ঋতু পৰে। পৃথিবীত শৰৎ শুকনিৰ কাল। শৰীৰ শৰতো শুকনিৰ কাল। তেতিয়া শৰীৰৰ সকলোৱে শুকনি ধৰে। লোদোৰা হাত ভৰি শুকাই গৈ ঠাৰি যেন হয়, গাৰ মঙ্গহ শুকাই সোতোৰা পৰে, চিকচিকীয়া দাঁত সৰি সোলা হয়, চুলি পকি বগা হয়, আৰু নিপোটল গাল শুকাই গৈ মুখৰ দুই কাষত দুটি পুখুৰি ওলায়। চকু কোটৰত সোমায় আৰু ললিত মাতৰ মূৰ ভাগি কঠুৱা হয়। পৃথিবীৰ শৰৎ ঋতুত নৈ, বিল পুখুৰি আদি শুকাই টটঙ্গা হয়, সেইদৰে শৰীৰৰো ৰস তেজ শুকাই যায়। শৰতৰ অন্তত শীত আৰম্ভ হয়। শৰীৰৰ এই ঋতুক মৃত্যু বোলে। মৃত্যুৰ শীতত তপত শৰীৰ ঠেৰেঙ্গা হয়, চলন্তা শৰীৰ অচল হয়। পৃথবীৰ শীতত মানুহে লৰচৰ কৰিব নোখোজে, কিন্তু শৰীৰৰ শীত ঋতু ইমান