পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৫৫ ] মৰিলেও প্রাণী জীৱক্ত হব । কিহ এই বুঢ়ীৰ মন্ত্ৰণাত পৰি ব্যাসদেৱে তেওঁৰ হাবিয়াসৰ বাৰাণসী নিজে গঢ়ি নিজে স°কৰিলে । যি বাৰাণসীত প্ৰাণ এৰিলে মসুষ্যাৰ পুনর্জন্ম নহলহেঁতেন, সেই বাৰাণসী এতিয়া তাৰণ্যময়। তাত মনুষ্য বাস নকৰে। তাত মৰিলে গাধৰ পেটত জন্ম পাব লাগে বুলি প্ৰবাদ আছে। বুঢ়ীৰ চক্ৰত পৰি ব্যাসদেৱে নিজে গঢ়া বাৰাণসীক সেই মৰ্ম্মে । শাপ দিছিল। পুৰাণত কয় যে স্বামীৰ গৌৰৱ ৰক্ষা কৰিবলৈ স্বয়ং ভগৱতীয়েই বুঢ়ীৰূপ ধৰিছিল, হব পাৰে ! কিন্তু ইয়াত আমাৰ কথা এই যে সর্বশক্তিমতী ভগৱতীয়েও বুঢ়ী হৈছে কথাত জিকিব পাৰিছিল। এতেকে ইয়াকো বুঢ়ীৰ খ্যাতি বুলি হে ধৰিব লাগে । কলিযুগত অৱশ্যে তেনেকুৱা উজ্বল খ্যাতিৰ বুঢ়ী ওলোৱ৷ নাই, কিন্তু সেই বুলি আজিকালিও বুঢ়ীক একেবাৰে উলাই ইতিকিং কৰি উৰাব নোৱাৰি। বুঢ়ী নহলে কবি মগুলিৰ হাহাকাৰ, আৰু নাট ‘উপ্যাস নিৰস হয়। নায়িকাৰ বাতৰি নায়কক কলৈ কোৱৰৰ সন্দেশ কুৱৰীক দিবলৈ বুটীৰ নিচিনা ৰঙিত লোক নাই। সেই দেখি নাট নাটিকাত । মালিনী বুঢ়ী গোৱালনী বুঢ়ী অলেখ পোৱা যায় । পুথি এৰি সমাজত ধৰিলেও প্রয়োজন বহুত আচে । বুঢ়ী নহলে গাঁও নচলে । কূটনী বুঢ়ীৰ অবিহনে ধৈয়াল ডেকা নিগমে মৰে । নাম পাতিলে । নাম লগাতী বুঢ়ীআাক বিয়া পাতিলে কুলাবুঢ়ী সদায় গাৱত । প্রয়োজন হয় ।