পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ২৭ ]


সকল! ৰাজখোৱা ডাঙ্গৰীয়াই আমাৰ তিৰোতাৰ ঘুনবিলাক দেখালে হয়, কিন্তু তেওঁলোকৰ গুণৰ কথা এটিও নকলে। আমাৰ তিৰোতাৰ যেনে দোষ আছে, তেনে হটি এটি গুণো আছে। তেওঁলোকে সজ আলাপ নাজানিব পাৰে, লিখা পঢ়া নাজানিব পাৰে, ভাল ৰান্ধন নাজানিব পাৰে, কিন্তু বোৱন কাটনত অসমীয়া তিৰোতাক কেও চেৰ পেলাব পৰা নাই। একোজনীৰ হাতৰ কাপোৰ দেখিলে বিস্ময় মানিব লাগে। দুখীয়া গৃহস্থীত ঘৈনীয়েই লৰা চোৰালী আদি ঘৰৰ পৰিয়ালক তাতে বৈ কাপোৰ যোগায়। গৰাকীয়ে কাপোৰত ধন ভাঙ্গিবই নালাগে। ইয়াৰ বাজেও আমাৰ তিৰোতা বিলাক কামিলা। মতা বিলাক যদিও সৰপা, তিৰোতাই কিন্তু আঠোপৰে কাম কৰে। দুখীয়াৰ ঘৈনীয়ে ঘৰত ৰান্ধে বাঢ়ে, বয় কাটে, পথাৰত ৰুই দাই গিৰিয়েকক সহায় কৰে।। আমাৰ মাইকীৰ এই বিলাক গুণ অৱশ্যে প্ৰশংসাৰ যোগ্য। ( চাপৰি )

 বৰাও কেন্দ্ৰ সভাৰ এজন সভ্য। এওঁ বৰ সাত্ত্বিক লোক। এওঁ দিনটোৰ ভিতৰত অতি কমেও ন বাৰ মান গা ধোৱে তিতা কাপোৰে ভাত খায়, মালা জপে, আৰু গুৰু সেৱা নকৰাকৈ পানী টোপো ভিতৰ নকৰে। এওঁৰ আৰ্থিক অৰস্থাও ৰৰৈয়া। আগেয়ে এওঁ দুখীয়া আছিল, পাচত ককায়েক মৰি- লত এখান উইল উলিয়াই হুজুৰত গোচৰ কৰি ককায়েকৰ সম্পত্তি এটাইখিনি পাইছে। ককায়েকৰ এটি ১২ বছৰীয়া, ল'ৰা আৰু তাৰ মাক আছিল। তেওঁলোকে সম্পতি নাপালে। ল'ৰাৰ মাকৰ হুনু স্বভাব বৰ ভাল নাছিল সেই দেখি গিৰি-