পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭৫ ]


পুৰণি বিধি ব্যৱস্থাৰ ফলাফল ৰিজাই চাই ন বছৰত ন বিধি প্ৰচাৰ কৰে। খেতিয়কে পুৰণি বছৰৰ খেতি চপাই লৈ ন বছৰত ন খেতি আৰম্ভ কৰে। বৈজ্ঞানিকে পুৰণি বছৰৰ পুৰণি আবিষ্কাৰ পুৰণি উদ্ভাবন প্ৰয়োগ কৰি ন বছৰত ন আবিষ্কাৰ ন উদ্ভাবন কৰিবলৈ যত্নশীল হয়। শিকাৰু ল'ৰাই পুৰণি বছৰৰ পুথি তুলি থৈ ন বছৰত ন পুথি হাতত লয়। ইত্যাদি ক্ৰমে সকলোৱে ন বছৰত পুৰণি কথা সামৰি থয় আৰু নতুন কথাৰ আধ্যা মেলে।

 সকলোৰে ন বছৰ একে সময়তে নপৰে। ইংৰাজৰ ন বছৰ মাঘত, আমাৰ ন বছৰ বহাগত, চিনৰ ন বছৰ আহাৰত পৰে। নতুন বছৰ একোজন মহাপুৰুষৰ কীৰ্ত্তি। খৃস্টাব্দ যিচুখৃষ্টৰ কীৰ্ত্তি, শঁক শালিবাহনৰ কীৰ্ত্তি। এই দৰে প্ৰত্যেক জাতিৰে ন বছৰ সেই জাতিৰ কোনো এজন ৰজাই বা মহাপুৰুষে কৰা বস্তু। নতুন বছৰ কেতিয়াবা পৰিবৰ্ত্তনো হয়। এক যুগত যি দিনা ন বছৰ পৰে, অন্য এক যুগত সেই দিনা নপৰিবও পাৰে। বিক্ৰমাদিত্য ৰজাৰ এটি শঁক আছিল, সেই শঁক এতিয়া প্ৰায় লোপ হৈছে। ভাৰতত যদি ন বছৰৰ এনেকুৱা পৰিবৰ্ত্তন হয়, আন বিলাক দেশত নহবৰ কাৰণ নাই। এতিয়া যিবিলাক দেশত খৃষ্টাব্দ চলিত আছে, খৃষ্টৰ আগেয়ে সেই বিলাক দেশত অৱশ্যে অন্য অব্দ চলিত আছিল, আৰু সেই অনুসৰি সেই বিলাক দেশত নতুন বছৰো বেলেগ আছিল।

 নতুন বছৰ এটি কল্পনা, কিন্তু এই কল্পনা চিৰকাল আছে আৰু চিৰকাল থাকিব। যিমান দিন পৃথিবীত মানুহে থাকে