কিবা মন্তব্য থাকিলে প্ৰকাশ কৰিব পাৰে। ” সভাপতিৰ এই অনুৰোধত সন্দিকৈ ডাঙ্গৰীয়া আসনৰ পৰা নামি থিয় হল, আৰু হাত দুখনি পাচ ফালে থুপুৰিয়াই কবলৈ ধৰিলে, ‘সমজুৱা ডাঙ্গৰীয়া সকল । ফুকন ডাঙ্গৰীয়াৰ সাৰগৰ্ভ সুললিত বক্তৃতা শুনি যি তৃপ্তি লাভ কৰিলোঁ তাক মই এক মুখেৰে বৰ্ণাব নোৱাৰোঁ । ফুকনে আমাৰ আচল ঘুণত হাত দিছে। আমাৰ অধিকভাগ বোৱাৰী শাহু শহুৰৰ দোষত বেয়া । হয়, ইয়াত তিলাৰ্দ্ধও সন্দেহ নাই । মোৰ ঘৰতে শাহুৱেক বোৱাৰীয়েকৰ সদায় খকা-খুন্দা, ঠেহেৰা-ঠেহেবি লাগি থাকে । মই মাইকী মানুহৰ কথা দেখি তালৈ বৰ কাণ নকৰোঁ। কিন্তু আজি ফুকনৰ কথা শুনি মোৰ চকু মুকলি হল। মই ঘৰৰ গৰাকী, এতেকে মই সকলো ফালে দৃষ্টি ৰাখা উচিত । এই কথা আগেয়ে মনত খেলোৱা নাছিল । অবুজ, কক্ষাত মৰা, আগ পাচ নুগুণা, বুঢ়াৰ হাতত গৃহস্থালি পেলাই দি আৰু লোকৰ ছোৱালীক মাকক শীতল বুকুৰ পৰা কাঢ়ি আনি শাহুৰ চেঙ্গা দণ্ডিত পেলাই দি গৰাকীয়ে নিশ্চিন্তে থকা কদাপি উচিত নহয়। আশা কৰোঁ ফুকনৰ বক্তৃতাই মোৰ যেনে টোপনি ভাঙ্গিলে, তেনেকৈ সকলো অসমীয়াৰ টোপনি ভাঙ্গিব । তেখেতৰ কথা কেই আষাৰ সোণালী আখৰেৰে লিখি থোৱা যুগুত। ( চাপৰি ) নেওগ,—ফুকন ডাঙ্গৰীয়াই আমাৰ অন্তেস পুৰত লুকাই থকা দোষ বিদিত কৰি ; তালৈ আমাৰ চকু পেলাই দিয়াত ; আমি শলাগ নলৈ থাকিব নোৱাৰোঁ। শহুৰৰ ঘৰলৈ আহি ন বোৱাৰীয়ে যে বহুত কষ্ট ভোগ কৰে, তাক কেওঁ নহয় বুলিব
পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/১৯
অৱয়ব