তাহানি লৰাকালিতে বোপায়ে মোক পঢ়াশালিত পঢ়িবলৈ দিছিল। মই এবছৰৰ ভিতৰত প্ৰথম ভাগ শেষ কৰি দ্বিতীয় ভাগ লৈ ভাবিছিলোঁ যে, এইখন কিতাপ শেষ হলেই মোৰ পঢ়াশলীয়া জীৱন শেষ হব। কিন্তু দ্বিতীয় ভাগ শেষ হওঁ হওঁ হলত আৰ তাৰ মুখে শুনিবলৈ পালো, বোলে দ্বিতীয় ভাগৰ পাচত আকৌ তৃতীয় ভাগ এখন আছে। আৰু হেনো তেতিয়া তাৰ লগে লগে কিবা ব্যাকৰণো পঢ়িৰ লাগিব। বিয়াকৰ্ণৰ নাম মই ইয়াৰ আগেয়েও শুনিছিলোঁ। সেই কিতাপখন মানুহে বৰ টান বুলি কৈছিল। মোৰ পক্ষে দ্বিতীয় ভাগেই বৰ টান। ফলা পঢ়োঁতে ওজাদেৱে কেইডাল এছাৰি মোৰ পিঠিত চিঙিছে তাৰ লেখ-জোখ নাই, তেও এতিয়াও মাজে মাজে খোকোজা লাগেহে। ব্যাকৰ্ণৰ নাম শুনি ভয়ত মোৰ বুকু কঁপি আছিল; আৰু ভাবিছিলোঁ যে ব্যাকৰ্ণ শিকোঁতে পিঠিৰ ছাল এডুখৰিও থাকিবৰ নহয়। কিন্তু ঈশ্বৰৰ এনে মহিমা যে, মোৰো দ্বিতীয় ভাগ শেষ হল, আৰু ইফালে বোপায়েও জহনীত পৰি ৰাম বুলিলে। আয়ে বৰকৈ কান্দিছিল কিন্তু মই হলে বোপাই মৰাত ৰক্ষা পৰা যেন পাইছিলোঁ। সি যেইবা নহওক বোপাই ঢুকুৱাৰ পাচত মই পঢ়াশালি এৰি হালত ধৰিলোঁ। ক্ৰমে বিয়া বাৰু কৰাই গৃহস্থালি কৰি আছোঁ, ল'ৰা ছোৱালীও চাৰি পাঁচুটি হৈছে।
কোৱঁৰগাওঁৰ শইকীয়াচুকত মোৰ মোমাইৰ ঘৰ। মই এবাৰ