পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


খ্যাতিমতী বুঢ়ী।

 বুঢ়ীৰ খ্যাতি যুগে যুগে, কলিযুগত, সত্য যুগত. ত্ৰেতাত বা দ্বাপৰ যুগত সকলো কালত খ্যাতিমতী বুঢ়ী আছে। এক বুঢ়ীৰ খ্যাতি ৰামায়ণত গায়।। তেওঁৰ প্ৰতাপ ভাৰতৰ সকলোৱে জানে। তেওঁৰ তিনি কুৰি সাত মেৰীয়া মন্ত্ৰণাত ৰাজপুত্ৰ ৰামচন্দ্ৰই ৰাজ্যভাৰ লবলৈ এৰি চকুৰ লো টুকি অৰণ্যলৈ ওলাই গৈছিল; বুঢ়া দশৰথ ৰজাই প্ৰাণ এৰিছিল, বুঢ়ী কৌশল্যাৰ বুকু ফাটিছিল। হাঁয়! হাঁয়! এই বুঢ়ীয়ে এদিন অযোধ্যা পুৰিত কি দুৰ্ঘোৰ বিপদ নিমিলাইছিল। মৰমৰ কোঁৱৰ পাটত বহিব, অযোধ্যাবাসীৰ উলহ মালহ, হাতী, ঘোৰা, সৈন্য সামন্ত আৰু পুৰবাসী নৰনাৰী সকলো সাজি পাৰি তদকাৰ, নগৰত হুলস্থূল, ঘৰ নিৰন্তৰে উৎসৱ। এনে সময়ত বুঢ়ীৰ বজ্ৰবাণীয়ে ইন্দ্ৰৰ বজ্ৰ তুল্য হৈ উৎসাহত উল্লাসিত অযোধ্যাপুৰিক একে তিলে জঁই পেলালে। হাঁহিময় অযোধ্যা আন্ধাৰ হল। উলহ-মালহ হাহাকাৰত পৰিল। জনকবালা জানকীয়ে ৰাজপাটৰ সুখ সম্ভোগ পৰিহৰি, ৰাজৰাণীৰ বেশ থৈ, যোগিনীৰ ভেশ ধৰি, বাকলি-বসন ৰামচন্দ্ৰৰ অনুগামিনী হল। ই কেৱল এই টামটিঙ্গালী বুঢ়ীৰ কুমন্ত্ৰণাৰ ফল।

 দ্বাপৰ যগতে এজনী বুঢ়ী ওলাইছিল। এওঁৰ বাস মথুৰাত। এওঁৰ খ্যাতি অযোধ্যাৰ জনাতকৈ একাঠি চৰা। এওঁ ৰসজ্ঞ,