পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৪৪ ] এৰি থিয় হল, আৰু হাত দুখনি উত্তৰীৰ তলত বুকুৰ ওচৰত থুপুৰিয়াই লৈ কিছুমান পৰ চকু মুদি আছিল, , , সৎ শক ফুটাই উচ্চাৰণ কৰি চকু মেলিলে, হাত দুখন তললৈ এৰি দিলে, আৰু সভাপতিৰ ফাললৈ মুখ কৰি গভীৰ সুৰত গম্ভীৰ ভাবে মাত লগালে ?”-ভো ভো মহৎ মৰ্য্যাদাবিশিষ্ট ভদ্রবংশতিলক ডাঙ্গৰীয়া বৃন্দ ! এই (নিজৰ গালৈ টোৱাই ) অভাজনক আজি আপোনা সকলে যিৰূপ অভ্যৰ্থনা কৰিছে, অভাজন তদ্রুপ অভ্যৰ্থনাৰ যথাৰ্থ যোগ্যপাত্র নহয় । ই কেৱল আপোনালোকৰ মহৎ হৃদয়ৰ চিনাকি । এই আদৰ অভ্যর্থনাৰ ঋণ পৰিশোধ কৰিবলৈ যে মই কোনোবা কালত সমর্থবান্ হম, এনে আশা মোৰ হৃদয়ত স্থাপন কৰিব নোৱাৰো। মোৰ প্রতি ঈদশ সম্মান প্রদর্শন কৰি অপমালোকে কেৱল মোক ঋণপাপৰ চিৰ বনত পেলালে। । আপোনালোকে নিজগুণে সেই:বন্ধন মোচন কৰিব, এই মোৰ ঐকান্তিক আশা । ( চাপৰি আৰু সজ সজ শব্দ ) ডাঙ্গৰীয়া বৃন্দ ! সভাপতিৰ পাতনি বস্কৃতাত প্রকাশ যে আপোনালোকে মোৰ মুখৰ পৰা উপদেশ বচন শুনিবলৈ হাবিয়াস কৰি মোৰ নিমন্ত্ৰি আনিছে। ( চাপৰি ) কিন্তু এই অভাজন যে। এই বিভমগুলীক উপদেশ দিবৰ পাত্ৰ মোৰ এনে বিশ্বাস নাই, তথাপি আপোনালোকৰ অনুৰোধ ৰক্ষাৰ নিমিত্তে দুই আষাৰ মান কবলৈ অগ্ৰসৰ হলে।। মোৰ বন্ধুতাৰ বিষয় কিমাশ্চৰ্য্যমতঃপৰং। এই বচন আষাৰ অৱশ্য মহাভাৰতৰ, সেই দেখি আপোনালোকে মহাভাৰতৰ কথা কম বুলি ভাবিব পাৰে। কিন্তু মই মহাভাৰতৰ কথা কবলৈ