পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৬৫ ]


টান য়ে, তেতিয়া মানুহৰ লৰচৰ কৰিবৰ ক্ষমতা একেবাৰে লয় পায়। এই ঋতুত কোনোৱে ভেকুলিৰ নিচিনা মাটিৰ তলত ঠাই লয়, কোনোৱে বা অগ্নিকুণ্ডত প্ৰবেশ কৰে। কিন্তু শীতৰ প্ৰতিকাৰ কোনো ঠাইত নাপায়, যেনে শীত তেনেই থাকে। শৰীৰৰ শীত ঋতুৰ প্ৰতিকাৰ আজিলৈকে কোনেও আবিষ্কাৰ কৰিব পৰা নাই। অনন্তকাল মাটিৰ হেচাত থাকিও বা জুইত সমূলে দগ্ধ হৈও চেঁচা শৰীৰ তপত হব নোৱাৰে। পৃথিবীত শীত গৈ ঘুৰি আকৌ বসন্ত পৰে। কিন্তু শৰীৰৰ শীত গৈ আকৌ বৰ্ষা নপৰে। কোনো কোনো লোকে পৰে বুলি কয়, কিন্তু প্ৰমাণৰ অভাবত তাক আমি শপত খাই সঁচা বুলিব নোৱাৰো।

⸺⸺