পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ২৬ ]


পূজা ফেৰি হেৰাব বুলি আমি সদায় শঙ্কিত। এই শঙ্কাৰ পৰাই আমি আমাৰ তিৰোতা বিলাকক চকুত সাঁফৰ লগাই থৈছোঁ। এইবিলাকতো সামান্য ওজৰ, ইয়াৰ ওপৰঞ্চিও টান ওজৰ আছে। পঢ়িবলৈ শিকিলে বোলে ছোৱালীৰ চৰিত্ৰ ভালে নাথাকে। যি দেশত স্ত্ৰী শিক্ষা চলিত আছে, তাৰ তিৰোতা বিলাক ধৈয়ালী, আৰু অসমৰ বিলাক লাজুকী—সাক্ষাৎ লজ্জা ৱতী লতা। ছোৱালীয়ে লিখা-পঢ়া শিকিলে এনে বিলাক বিপৰ্যয় ফল ধৰে, এই আমাৰ বুজ, এই বুজৰ পৰা আমি ছোৱালীক লিখা-পঢ়া শিকিবলৈ নিদিওঁ, দিলেও শ্যমন্ত হৰণৰ ওপৰে নহয়। ( চাপৰি ) এতিয়া আপোনালোকে বিবেচনা কৰি কওক এনে বিলাক তিৰোতাই গৃহস্থালি চলোৱাত পাৰ্গত হব পাৰে নে কি। তেওঁলোকে নিজৰ বুদ্ধিৰে এটি কামো সুৱলাকৈ কৰিব নোৱাৰে। সেই দেখি যি গৃহস্থালিৰ ভাৰ তিৰোতাৰ হাতত, সেই গৃহস্থালি অচিৰে তল যায়। আমি গৰুৱালি কৰি আমাৰ তিৰোতাক অজ্ঞান আন্ধাৰত বান্ধি থৈ নিজে তাৰ ফল ভোগ কৰিবলৈ লাগিছোঁ, আৰু দেশখনক এনে দুৰৱস্থাত পেলাইছোঁ। ( চাপৰি )

 বস্তৃতা শেষ কৰি ৰাজখোৱা বহিলত সভাপতি ডাঙ্গৰীয়াই উঠি বক্তৃতাৰ ওপৰত যাৰ যি মন্তব্য আছে প্ৰকাশ কৰিবলৈ সভ্যবিলাকক অনুৰোধ কৰিলে। সন্দিকৈয়ে আগৰ পৰাই উঠে উঠোঁকৈ অছিল। সভাপতিয়ে অনুৰোধ কৰি বহিলত তেওঁ একে চাবে উঠি থিয় হল; আৰু বাওঁহাতখন কঁকালত থৈ গাত ঢুলনি লগাই কবলৈ ধৰিলেঃ—সভ্য ডাঙ্গৰীয়া