সমললৈ যাওক

পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৬ ]


কিন্তু এই অভিলাষ যে সকলো মনুষ্যৰ পক্ষে সঙ্গত এনে বোধ নহয়। একেইতো দীৰ্ঘজীৱন দুখৰ স্ৰোত। ( চাপৰি ) বেচি দিন জীয়াই থাকিলে সাংসাৰিক জীয়াতুৰ ডাঙ্গৰ ভাগ লবলগীয়া হয় আৰু তাৰ ওপৰঞ্চিও জৰাজনিত যাতনা পুঞ্জৰ হাতত পৰিব লাগে। দীৰ্ঘ জীৱনৰ ইমান কষ্ট, তদপি মানুহ দীৰ্ঘ জীৱনৰ লালসী। কিয়? উত্তৰ এই যে আয়ুস দীঘল হলে সংসাৰত সৰহ কাম কৰিব পাৰি। এই উত্তৰ অনেকে নামানিব পাৰে। সিবিলাকে কব পাৰে যে দীৰ্ঘজীৱন অভিলাষ কৰাৰ এই কাৰণ নহয়। জীৱনৰ প্ৰতি মানুহৰ বৰ মৰম আৰু মৰণলৈ মানুহৰ বৰ ভয়, সেই দেখি মানুহে বহুত দিন জীয়াই থাকিবলৈ বাঞ্ছা কৰে। অথবা ইয়াকো কব পাৰে যে সংসাৰত যাতনা থাকিলেও উপভোগৰ সামগ্ৰীও বহুত আছে। মানুহে সেই বোৰৰ ভোগ এৰি যাব নোখোজে। সেই দেখি দীৰ্ঘায়ুস হবলৈ বাঞ্ছা কৰে। ( চাপৰি ) হয়, দীৰ্ঘজীৱনলৈ অভিলাষ কৰাৰ ইও এটা কাৰণ হব পাৰে, কিন্তু এই কাৰণত কোনো যুক্তি নাই ( সজ সজ শব্দ ) ই কেৱল অজ্ঞানীৰ অযুগুত কামনা; এই হেতুত কেও তোমাক দীৰ্ঘায়ুস দিবলৈ সন্মত নহয়। তুমি এই হেতু দেখুৱাই “ঈশ্বৰৰ আদালত”ত দীৰ্ঘায়ুস দাবি কৰিব নোৱাৰা। ( চাপৰি ) আকৌ কেৱল অজ্ঞানীয়ে হে যে দীৰ্ঘায়ুস বাঞ্ছে এনেও নহয় বৰ বৰ জ্ঞানী মানুহেও দীৰ্ঘজীবী হবলৈ বাঞ্ছা কৰে। জ্ঞানী শ্ৰেষ্ঠ ঋষি মুনি সকলেও দীৰ্ঘজীবী হবলৈ বাঞ্ছা কৰিছিল। পিচে, এওঁ লোকেও মৰণৰ ভয়ত বা ভোগৰ লোভত এনে বাঞ্ছা কৰি- ছিলনে? কেতিয়াও নহয়। এওঁলোকে ভোগ কৰক ছাৰি