পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৩২ ]


দিছিল মলাত, আৰু লাড়ুও তেওঁৰ ভাগত অলপ। তেওঁ এই বিলাক কথা কৈ বৰ বেজাৰ কৰিলে, ইয়াকে শুনি থাকোঁতে বহু ত পলম হ'ল। পাচে তেওঁ উঠি গলত সভালৈ যাও যে সভা বহি আৰণি পুৰণি হৈছে, সভাপতিয়ে সভা আৰম্ভ কৰি দি বক্তাক বক্তৃতা দিবলৈ অনুৰোধ কৰিছে। মই গৈ প্ৰথমে বহিবৰ ঠাইকে পোৱা নাছিলোঁ, পাচত শ্ৰীধৰ গগৈয়ে অনুগ্ৰহ কৰি তেওঁৰ ওচৰতে অলপ ঠাই দিলে, তাতে বহিলোঁ।

 এইবাৰ বক্তৃতা দিবৰ পাল আছিল হাজৰিকাৰ এওঁ এজন অতি প্ৰাচীন লোক, বয়সত চাৰিকুৰি সাতৰ কম নহয়। চুলি, দাড়ি, ভুৰূ সকলো পকি শুভ্ৰ হৈছে। এওঁ এজন পণ্ডিত লোক বুলি প্ৰখ্যাত। যদিও বয়স ইমান বেচি, সকলো কৰ্ম্মতে আগ। ইংৰাজী লিখা পঢ়াও কিছু জানে। তাহানি বাপেকৰ দণ্ডিত হুনু তেওঁ ফাৰ্চিও পঢ়িছিল, সেই দেখি ফাৰ্চিও অলপ জানে। সভাপতি বহিলতে এওঁ থিয় হ'ল, দুবাৰ খেকাৰিলে, চেলেঙৰ আঁচলেৰে মুখ মুছিলে আৰু চকু মুছিলে। পাচে এখন হাত কঁকালত থৈ আৰু সিখন ওপৰলৈ তুলি ধীৰে ধীৰে গহীন সুৰেৰে কবলৈ ধৰিলে, ডাঙ্গৰীয়া সকল! আজিৰ সভাত বক্তৃতা দিম বুলি গাত লৈ মই জানিবা কোৰে কাটি শনিহে চপাই লৈছিলোঁ। ( চাপৰি ) আজি মাহেক মোৰ এই চিন্তাই মনৰ পৰা গুচা নাই। সভাত কি বিষয়ে বক্তৃতা দিম, খাওঁতে শোঁতে কেৱল এই চিন্তাই মনক খুন্দিয়া খুন্দিকৈ আছে। মনত হাবিয়াস এই যে সভাত এটা বৰ ধেমেলীয়া