পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৯ ]


আৰু সিহঁতৰ কথাৰ পৰা আজি আমাৰ সাধাৰণ তৰপৰ সুখ দুখৰ ভাব আৰু ভোগৰ ভাব কেনেকুৱা তাক বুজিব পাৰিম বুলি বেচি মনযোগেৰে শুনিবলৈ ধৰিলোঁ।

 দে, টে—সুখীয়ানো কোন আছে? মই হাকিম বিলাককে সুখীয়া বুলি ভাবিছিলোঁ, পাচে ভাবি চাওঁ তেওঁলোকো সুখীয়া নহয়, পুৱাৰপৰা গধূলিলৈ মূৰপুতি লেখি তত নাপায়। তদুপৰি ওপৰৰ পৰা, সামান্য বিষয়াৰ দৰে ডাবি হুকি, গালি গৰিহণা মাজে মাজে খাব লাগে।

 জা, চা— মই দেখাত আমাৰ গোঁসাই আৰু মহন্ত বিলাকেই সুখীয়া, তেওঁ লোকৰ কৰিবলৈ একো নাই। কেৱল শিচ্‌ ফুৰি পইচা আনে, আৰু মজা কৰি খাই বহি থাকে।

 দে, টে—এ! তেওঁলোকনো দুখ। শিচ ফুৰাটো জানো কম কথা, ই গাওঁৰ পৰা সি গাওঁলৈ, সি গাঁওৰ পৰা ই গাওঁলৈ টকৌ টকৌ কৰে ফুৰি থকাতো নিচেই সহজ নহয়। তাতে আকৌ কেতিয়াবা দুপইচা পায়, কেতিয়াৰা বা নাপায়েই। কত গোসাঁইৰ কত মহন্তৰ ঘৰত খোৱাৰ কষ্ট দেখা পাইছোঁ।

 জা, চা— এৰাভাবি চালে সংসাৰত কেওঁ সুখীয়া নাই, কেৱল এক মহাৰাণী ( তেতিয়া ভাৰতেশ্বৰী ভিক্‌টৰিয়া বৰ্ত্তমান আছিল ) মাথোন সুখীয়া।

 দে, টে—ওঁ, তাকে কোৱা যদি শুনো। সংসাৰত কেৱল মহাৰাণী মাত্ৰ সুখীয়া। তেওঁ জোতা মোজা পিন্ধি দিব্য আসনত বছি থাকে, কৰোঁতাই কৰে ধৰোঁতাই ধৰে, তেওঁ হাত লৰাবই নালাগে।