পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ১• ] মান দিন চকু মুদি সহি থাকে। নিজৰ দুখৰ কথা মাকৰ আগত কয়কিন্তু মাক । বাপেকৰ মুখ বন্ধ । কাৰণ, ছোৱালীৰ ওজৰ ৰা ওমুৰি কাণত পৰিলে এগুণ ৰাও দুগুণ হব। (সজ সজ শব্দ) সেই দেখি ছোৱালীক বুজাই বঢ়াই নিচুকাই থয়। শহুৰ দেউত। দেউতা মানুহ, মাইকীৰ শাক পাত খোৱা কথাত কাণ নিদিয়ে, বিশেষতঃ তেওঁ ৰাজ ভগনৰ হেন্দোল দোপনিত থাকে সেই দেখি তেনে কথাত কাণ দিবলৈ সময়ো নাপায়া, গিৰিয়েকে শুনিলেও লাজত কাকো মুখ ফালি নকয়। পাচত সহনিৰ শেধ পৰিলে, বোৱাৰায়ে নিজৰ মুখৰ অগ্নি নিজে নুমাবলৈ কাৰবাৰ কৰে। (চাপনি) প্রথমে বেটীৰ সৈতে বিৰোধা-বিৰোধি, পাচত ননদোৰে সৈতে ঠেহেৰাঠেহেৰি, ওফন্দাওফন্দি (চাপৰি), শেষত শাহু আইৰ গেজেৰাও নসহ হয়। এই দৰে প্রথমে ৰাওমুঈ শাহুরে নিমাতী বোৱাৰীৰ মাত উলিয়ায়। পাচত এবাৰ ভেদ ভাগিলে শাহু বোৱাৰীৰ চুলিয়াচুলি লাগে। আগৰ পৰা যদি শাহুৱে বোৱাৰীক নিজৰ জীৰ নিচিনা মৰম কৰেপেট বুজি খুৱায়, গা বুজি পিন্ধায়, আৰু শক্তি বুজি কাম কৰায়, যদি নিজে মিঠা মুখে মাতে, বান্দী বেটীক টান কথা কবলৈ লাই নিদিয়ে, তেনে হলে বোৱাৰী শাহুৰ সোঁ হাত, গৃহস্থালিৰ লক্ষনীস্বৰূপ “হয়। আপোন ভালে । জগত ভাল, শাহু ভালে বোৱাৰী ভাল। ” । (চাপৰি) বস্তৃতা শেষ কৰি ফুকন বহিলত সভাপতি ডাঙ্গৰীয়াই উঠি কলে“ডাঙ্গৰীয়া সকল ! আপোনালোকে ফুকন ঔাঙ্গৰীয়ান বস্তৃতা শুনিলে, এতিয়া তেখেতৰ কোৱা কথাৰ ওপৰত কাৰবাৰ