পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪]

বিধি ব্যবস্থা বান্ধি নললে কোনো কাম সুকলমে সাধিব নোৱাৰি; কেন্দ্ৰসভাৰ কামনো বিধি ব্যবস্থা নোহোৱাকৈ কেনেকৈ চলিব? সেই দেখি মই গোটা চেৰেক নিয়ম লিখি আনিছোঁ ( চাপৰি ) সেই নিয়ম বিলাক মই সভাত অৰ্পণ কৰিলোঁ, সভ্যবিলাকে তাৰ ভিতৰত যি কেইটা মনোনীত কৰে সেই কেইটাক সভাৰ নিয়মাৱলী স্বৰূপে প্ৰচাৰ কৰা হওক।

 বৰা—কাকতী ডাঙ্গৰীয়াৰ গঠিত নিয়মবিলাক মোৰ বিবে- চনাত বৰ ভাল হৈছে, কেৱল সভ্যৰ বয়সৰ সীমাটো যুক্তি সঙ্গত যেন বোধ হোৱা নাই। মোৰ মনেৰে কেন্দ্ৰসভাৰ সভ্য বয়সত ৫০ বছৰৰ কম হোৱা উচিত নহয়। এই সভাত অনেক গভীৰ বিষয়ৰ আলোচনা হব। পনীয়া বুদ্ধিৰ মানুহে তেনেকুৱা আলোচনাৰ তলাকে ধৰিব নোৱাৰিব।

 বৰাৰ কথা সকলো সভাই শলাগিলে, আৰু কেন্দ্ৰসভাৰ সভ্যৰ বয়স ৫০ বছৰেই থিৰ হল। আন আন নিয়মবিলাক সকলোৰে মনোনীত হোৱাত, সেই বিষয় কোনো তৰ্ক বিতৰ্ক নহল। পাঠকৰ অবগতিৰ নিমিত্তে নিয়ম কেইটা এই ঠাইতে উদ্ধাৰ কৰি দিয়া গল।

নিয়মাৱলী।

১। বয়সত ৫০ বছৰ বা তাৰ উৰ্দ্ধ নহলে কাকো কেন্দ্ৰ সভাৰ সভ্য পতা নাযাব।
২। প্ৰতি মাহে সভাৰ এটা অধিবেশন হব।
৩। প্ৰত্যেক সভাত এজন সভ্যই গদ্য বা পদ্য প্ৰণালীত