এই ঘটনাৰ এবছৰ মানৰ পাচত এদিন মই ৰুকুনী গাৱলৈ
মহ কিনিবলৈ গৈছিলোঁ। মোৰ হাল খন, তাৰে এটা মহ
চবকা লাগি মৰিল। আৰু এটা মহ নহলে নচলে দেখি পুৱাই
দুটামান খাই ওলাই গৈছিলোঁ, আৰু দিনৰে দিনটো মহ বিচাৰি
ফুৰিছিলো, কিন্তু মহ হলে পোৱা নগল। ঘূৰি ঘৰলৈ আহিবৰ
সময়ত বাটতে ৰাতি হ'ল। সেই দেখি তাতে এঘৰ মানুহৰ
ঘৰত আলহী চাপিলোঁ। মই যোৱাৰ আগেয়ে আৰু এজন
মানুহ মোৰ দৰে আলহী চাপিছিল। গিৰিহঁতে দুইকো এটা
মুকলি ঘৰত বহা দিলে। খাবলৈ সিধাপাতিও দিব খুজিছিল।
কিন্তু আমি আৰু তাত ভাত ৰান্ধি খাবলৈ মান্তি নহলোঁ, লগতে
অলপ যি ই-সি আছিল, তাকে খাই শুই থাকিলোঁ। মাঘৰ
মাহ, ৰাতি জাৰ, ফুৰি ফুৰি মোৰ বৰ ভাগৰ লাগিছিল, সেই দেখি
পৰিলতে টোপনি আহিল। পাচত পুৱতী নিশা যে সাৰ পাওঁ,
জাৰত গা একেবাৰে ঠেৰেঙ্গা লাগিছে। মই উঠি বহিলোঁ,
আৰু সিজন মানুহক মাত লগালোঁ। তেৱোঁ জাৰত থাকিব
নোৱাৰি কোচমোচ খাই আছে। মই মাতিলত তেওঁ একেচাবে
উঠিল। গিৰিহঁতে পাৰি শুবলৈ আমাক বহুত ধানখেৰ দিছিল,
তাৰে জুই ধৰি পুৱাবৰ মনেৰে জুই বিচাৰো যে সাঁজতে ধৰা
জুইৰ ফিৰিঙ্গতি দুই চাইটা ছাইৰ মাজত আছিল, তাৰেই অহো
পুৰুষাৰ্থ কৰি জুই ধৰিলোঁ। জুইৰ ওচৰত বছি তামোল-ছালি
খাই কথা বতৰা হৈ দুয়োজন বহি আছোঁ। কথাৰ মাজত
সিজন মানুহে হাঁহি মাৰি এটা ফকৰা গালে,—
পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৭৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬৮ ]