ইয়াৰ ভিতৰত কেন্দ্ৰসভাৰ দুই তিনি বাৰ অধিবেশন হৈ গল, কিন্তু তাত আমি উপস্থিত নাছিলোঁ। প্ৰত্যেক অধি- বেশনৰ আগেয়ে মানুহক একোখন জাননীৰে সভা হব বুলি জনোৱা হয়।। সেই জাননী আমি বাৰে পতি পাই আছোঁ, আৰু জাননী পালেই সেই বাৰ যাম বুলি মনে মনে ভাবি থওঁ কিন্তু মূৰকত যাবলৈ আজৰি নাপাওঁ। এবাৰ যাম বুলিলোঁ ল'ৰাটোৱে আহি “চিলা কৰি দে, চিলা কৰি দে” বুলি নেৰাতেই পৰিল, সেই দিনা তাৰ চিলাটো সাজি দিওঁতেই গল, সভালৈ আৰু যোৱা নহ'ল। আৰু এদিন জাননী পাই, যাম বুলি আছিলোঁ, পাচে দুই নৌ বাজোতেই ফুকন, কাকতী , ৰাজখোৱা, বৰুৰা গোটেই জাকেই ওলালহি, ওলাই দবাৰ খেল পাতিলে, সেই দিনাও সভালৈ যোৱা নহল।। এই দৰে সভায় পতি একোটা বন ওলায়, একোটা আসোঁৱাহ ওলায়। গতিকে এই কেইবাৰ সভা চাবলৈ যাব পৰা নাছিলোঁ। সিদিনা আকৌ জাননী পালো, কিন্তু সেই দিনাও যাবলৈ যাত্ৰা কৰি ওলাওঁতেই আমাৰ টঙ্কেশ্বৰ বৰুৰা আহি পালে। তেওঁক হুনু সোণেশ্বৰ মজিন্দাৰ বৰুৱাৰ সবাহত অপমান কৰিলে। আন বিলাকক বৰ বৰ চৰুতকৈ প্ৰসাদ দিছিল, কিন্তু তেওঁক
পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৩৯
অৱয়ব