সমললৈ যাওক

পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮৬ ]


পানীৰ পৰা নুতুলিলে আৰু আন উপায় নাই, তাহানি জটায়ুৰ লগত ইন্দ্ৰৰ বৰ মিত্ৰভাৱ আছিল, সেই কথা সুমৰি ইন্দ্ৰই ঐৰাৱতক যাবলৈ আদেশ কৰিলে। ঐৰাৱতে গৰাকীৰ আদেশ পাই, মহ| আস্ফোট কৰি, ধঞ্জয়ৰ লগত মৈনাকলৈ গল। বাটত যাওঁতে ঐৰাৱতে সুধিলে যে কণীত লগাবলৈ ভাল ফয় আছেনে নাই। ধঞ্জয়ে ফয় নাই বুলি কলত, ঐৰাৱতে তেওঁক বাসুকীৰ তালৈ পাচিলে, আৰু কলে যে তুমি বাসুকীক মই মতা বুলি মাতি আনাগৈ। ধঞ্জয় গৈ বাসুকীৰ আগত ঐৰাৱতৰ বাতৰি কোৱাত তেওঁ তৎক্ষণাৎ ওলাল, আৰু বেগাইজম আহি ঐৰাৱতৰ লগ ধৰিলে।। পাচত এটাই কেউজনে গৈ মৈনাক পালে। তাত বাসুকীয়ে নেজেৰে কণীটি মেৰাই ধৰি, মুখৰ ফালেৰে ঐৰাৱতৰ ডিঙিত মেৰ দিলে। ঐৰাৱতে কথমপি বহুত বল দি কণীটি টানি আনি সাগৰৰ পাৰত তুলিলে। তেতিয়া ধঞ্জয়ে কলে যে ইয়াত আৰু কণী থবৰ ঠাই নাই, একেবাৰে ৰৈৱতক গিৰিলৈ লৈ বলা, আমি তাতেহে বাহ লম। এই কথাত ঐৰাৱত আৰু বাসুকীয়ে কণী টানি নি ৰৈৱতক গিৰিত তুলি দি আহিল। এইদৰে ধঞ্জয়ৰ কণী উদ্ধাৰ হল কিন্তু মৈনাক আজিলৈকে সাগৰৰ তলতে থাকিল। আন আন পুৰাণ লিখক সকলে মৈনাক সাগৰসৎ হোৱাৰ অন্য কাহিনী কয়। কিন্তু তাক আমি বিশ্বাস নকৰোঁ। এই কাহিনী আমি বৰদৈচিলাৰ আপোন মুখৰ পৰা শুনিছো। কাৰবাৰ ইয়াত সন্দেহ হলে, তেওঁৰ যদি সাহ আছে, বৰদৈচিলা যাওঁতে আ আহোঁতে ঘৰৰ বাজ ওলাই সুধি চাব পাৰে।