কথা উলিয়াই সভ্যবৃন্দৰ পেটু ছিগা হাঁহি তুলি উগ্ৰ বক্তা
নাম লওঁ, কিন্তু তেনে কথা আজি মাহেকেও ভাবি নাপালোঁ।
অসমৰ যেনি চাওঁ, কেৱল দুখৰ কথাহে দেখিবলৈ পাওঁ।
( চাপৰি ) সেই দেখি ৰ’ লগা কথা কৈ বক্তা নাম লোৱাটো
মোৰ ভাগ্যত নঘটিল।। আজি আপোনালোকক মই দুখৰ
বাতৰিহে দিবলৈ ওলাইছোঁ। ( সজ সজ শক ) ডাঙ্গৰীয়া সকল!
আপোনালোক এটাইবিলাক দেশ হিতৈষী লোক, নাইবা এই
বৃদ্ধ বয়সত পাটীৰ সুখ পৰিহাৰ কৰি, এখন সভা পাতি, তাত
দেশৰ মঙ্গলা মঙ্গলৰ কথা আউটি প্ৰাচীন শিৰৰ প্ৰাচীন মগজু
উতলাবলৈ কেতিয়াও মান্তি নহলহেঁতেন।। অসমৰ উন্নতি
আপোনালোকৰ হাদয়ৰ কামনা। ( চাপৰি ) কিন্তু উন্নতি কৰিব
কেনেকৈ? উন্নতি কৰিব কাৰ? মানুহ নহলে জাৰণি, বননি।
আৰু কাঠনিৰ উন্নতি কৰিব নে? ( চাপৰি ) অসম দেশ
নিচেই সৰু দেশ। দীঘলে পুতলে ডাঙ্গৰ হলেও প্ৰজাৰ সংখ্যা
নিচেই তাকৰ। আগৰ কালত যে অসমত কেতিয়াবা সৰহ
প্ৰজা আছিল, এনেও নহয়। যি অলপ অচৰপ আছিল তাৰে
আকৌ কেতখিনি সংহৰিলে মানে, কেতখিনি সংহৰিলে মটকে,
বাকী আছিল কেৱল লাই আৰু লেচাই। ইংৰাজ ৰজাৰ
আমোল পৰিবৰ পৰা অসমত তেনেকুৱা কোনো বিপ্লব মিলা
নাই। সেই দেখি লাই আৰু লেচাইৰ বংশ পৰিয়াল বাঢ়ি
ঘৰ ভৰিব বুলি আশা কৰিছিলো কিন্তু কনা বিধতাৰ এনে
ব্যৱস্থা যে আমাৰ এই ক্ষুদ্ৰ আশাও পূৰ নহল। (সজ সজ শব্দ)
অসমীয়াৰ পৰিয়াল বাঢ়ি সৰহ হওক ছাৰি, দিনক দিনে টুটিহে
পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৪১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৩ ]