ৰূপজ্ঞ আৰু চতুৰালিৰ আৰ্হি, টেঙ্গৰালিৰ তিলক। টেটনটামন
শ্ৰীকৃষ্ণকো ধমনা কুঁজ দেখুৱাই মুহিছিল। এওঁৰ মোহিনিত
পৰি, ব্ৰজপুৰ পৰিহৰি, শ্ৰীমতীৰ সঙ্গ এৰি, বৃন্দাবনৰ শ্ৰীহৰি
মথুৰাত বন্দি হৈছিল। এই বুঢ়ীৰ মন্ত্ৰণাত নন্দ যশোদাৰ।
বিনন্দ বিলাস গৃহস্থালি চুৰ্চু মৈ হৈছিল, ৰাধাৰ প্ৰাণ শূন্য হৈছিল,
গোপ গোপিনীয়ে বিৰহ ভুঞ্জিছিল, আনন্দময় বৃন্দাবন বিষাদময়
হৈছিল। এওঁৰ আঠুৱা তলীয়া ভুলনিৰ গুণত শ্ৰীকৃষ্ণই মৰমৰ
যশোমতী আৰু প্ৰণয়ৰ শ্ৰীমতী দুয়োকো পাহৰিছিল। এওঁ
জাতত চন্দন যোগাঁতী, ৰূপত কুঁজীধামনী। এই গুণেৰেই
ৰূপহী ৰাধিকাৰ প্ৰণয় পুতলা, ব্ৰজৰ দুলাল, শ্ৰীকৃষ্ণক বশ
কৰিছিল। এওঁ বোলে ত্ৰেতা যুগত লঙ্কাৰ ৰজা ৰাৱণৰ ভনীয়েক
আছিল, তেতিয়া নাম আছিল শূৰ্পনখা। তেতিয়াও এওঁৰ
খিতাপ কম নাছিল। দণ্ডুকা প্ৰবাসী ৰাম লক্ষণক পতি কৰিবলৈ
যতন কৰোঁতে এওঁৰ নাক কাণ কটা গৈছিল। কিন্তু ভক্তবৎসল
ৰামচন্দ্ৰই এওঁৰ ভক্তিত সন্তুষ্ট হৈ জন্মান্তৰত প্ৰেম দিবলৈ মান্তি
হৈছিল। সেই দেখি দ্বাপৰত আহি এওঁ কৃষ্ণবল্লভা হ'ল।
সি যেইবা নহওক, এওঁ যে বুঢ়াকালত কুঁজক আহুদি কৰি কৃষ্ণক
মুহিছিল, এই অদ্ভুত খ্যাতি যুগযুগান্তৰলৈ পৰি থাকিব।
আৰু এক বুঢ়ী আছিল কাশীত। এওঁৰ অৱতাৰ সত্য যুগত। এওঁ ফাং পাতি তপস্বী প্ৰধান ব্যাসদেৱৰ বহুদিনৰ তপস্যাৰ ফল নাশ কৰিছিল। পপীয়াৰ মুক্তিৰ দুৱাৰ মোক্ষভূমি বাৰাণসী মহাদেৱে থাপনা কৰাৰ পাচত উগ্ৰ তপস্বী ব্যাসদেৱেও তেনেকুৱা এখন বাৰাণসী পাতিছিল, আৰু সঙ্কল্প কৰিছিল যে তাত