স্ত্ৰী-শিক্ষাৰ বিষয়ে সি বাৰৰ অধিবেশনত বহুত কথাৰ আলোচনা হৈছিল, কিন্তু কথাৰ ওৰ পৰা নাছিল। এই বোৰৰ অধিবেশনত বিষয়টি শেষ কৰিম বুলি বক্তা ডাঙ্গৰীয়াই সভাক জনাইছিল। আমি সিবাৰৰ কথা বিলাক শুনি বৰ ৰং পাইছিলোঁ, আৰু বাকী খিনি শুনিবলৈ মনত বৰ ধাউতি আছিল। সেই দেখি এইবাৰো আমি সভাত উপস্থিত আছিলোঁ। সভাৰ সভ্য এটাই বিলাক আহি গোট খালত সভাপতি ডাঙ্গৰীয়াই সভা লগাই দি কলেঃ—সভ্য ডাঙ্গৰীয়া সকল! ৰাজখোৱা ডাঙ্গৰীয়াই সিবাৰ যি বিলাক কথা কৈছিল, আমি শুনি বৰ আনন্দ পাইছিলোঁ। তেখেতৰ বাকী কথা খিনি শুনিবলৈ আমাৰ মন উত্ৰাৱল হৈ আছে। আজি যেন তেখেতে বিষয়টি শেষ কৰি আমাৰ মনৰ খুদুঁৱনি নিবাৰণ কৰে, এই মোৰ অনুৰোধ।
সভাপতি বহিলতে ৰাজখোৱা থিয় দিলে, আৰু চকু মুদি অলপমান পৰ কিবা ভাবিলে, এবাৰ মূৰত হাত বুলালে, পাচত দুয়োখানি হাত কঁকালত দি বুকু ফিন্দাই সভা পাতিলৈ নিৰীক্ষণ কৰি কবলৈ ধৰিলেঃ—সভ্য সকল! আপোনালোকে কেন্দ্ৰসভাৰ নিয়ম উলঙ্ঘি মোক যে দুদিনকৈ বক্তৃতা কৰি বলৈ দিছে, এই বাবে মই আপোনালোকৰ নথৈ শলাগ লৈছোঁ।