পুহমাহৰ ভৰ জাৰ। ইফালে ৰাতি প্ৰায় এঘাৰটা, তেও জাহাজৰ দেখাদেখি নাই। নিয়ম মতে হলে দহ বজাতেই জাহাজ আহি ঘাট পাব লাগে কিন্তু আমাৰ দুৰ্কপালৰ গুণত এঘাৰ বজাতো জাহাজ আহি নাপালে। জাহাজ আহিব বুলি পুহমহীয়া জাৰত, ব্ৰহ্মপুত্ৰৰ বালিত বহি পৰ দিছোঁ। নৈৰ ফেৰফেৰীয়া বতাহে ইফালে হাড়লৈকে ভেদিছে; জাৰত লৰা মানুহৰ নিচিনা ওঠৰ কাঁপনি উঠিছে। যদিও মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিলাতী কাচনে কাচিছিলোঁ, তেও ব্ৰহ্মপুত্ৰৰ মাজনিশাৰ বতাহৰ আগত সি আমাক একো সহায় কৰিব নোৱাৰিলে। মুকলিত আৰু বহুত পৰ থাকিব নোৱাৰি দূৰৈত থকা এটা ঘৰলৈ গলোঁ। ঘৰটো নকৈ সাজিজে মাথোন। চাল চাইছে, আৰু বেৰ চাৰি। খন দিছে, কিন্তু বেৰ লিপা হোৱা নাই। মোৰ লগত লগৰীয়া আৰু দুজন আছিল আমি এটাইবিলাকে ব্ৰহ্মপুত্ৰৰ হাড়ভেদী বতাহৰ পৰা সেই ঘৰটোত আশ্ৰয় ললোঁ। মুকলিত থকাতকৈ ঘৰৰ ভিতৰত অলপ সুযোগ হৈছিল যদিও, আমাৰ ওঠৰ কঁপনি, আৰু বুকুৰ কঁপনি গোটেই গুচা নাছিল। সি যেইবা নহওক, ঘৰটোৰ ভিতৰত আৰু এঘন্টা অপেক্ষা কৰিলোঁ; তেও জহাজ আহি নাপালে গতিকে, নিশা সেই জাহাজ পাবৰ আশাত জলাঞ্জলি দি নিশাটো কত থাকি কটোৱা যাব তাৰ মীমাংসা কৰিবলৈ ধৰিলোঁ। যি ঠাইত আমাৰ এই বিপদ, সেই ঠাইত
পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৬২
অৱয়ব