পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৪ ]


লিখা পঢ়া নিশিকে বুলি নাভাবিব। দুজনী এজনীয়ে কিতাপ কাকত খৰচি নোৰোৱাকৈ মাতিব পাৰে, আৰু দুজনী এজনীয়ে পঢ়াশালিত পঢ়ি মহলা দিয়ে, খ্যাতিও পায়। এওঁলোকেই আমাৰ মহিলা মণ্ডলীৰ ৰত্ন। ( চাপৰি )

 লিখা পঢ়াত আমাৰ তিৰোতাৰ এই অৱস্থা। এতিয়া সোধোঁ তেওঁলোকৰ এনেকুৱা অৱস্থা হোৱাৰ কাৰণ কি? তেওঁলোক আন দেশৰ তিৰোতাৰ নিচিনা জনা বুজা বা পণ্ডিত নহয় কিয়? আন দেশৰ তিৰোতাৰ নিচিনা সজ আলাপ কৰিব নাজানে কিয়? ৰান্ধন বাঢ়নত পাৰ্গত নহয় কিয়? এই অৱস্থাৰ বাবে কোন জগৰীয়া? মোৰ বিবেচনাত জগৰ আমাৰ। আমাৰ তিৰোতা আমাৰ অধীন। আমি যেনেকৈ চলাও তেওঁলোক তেনেকৈ চলে, আৰু যেনেকৈ ৰাখোঁ তেনেকৈ থাকে। পাচত, আমি তেওঁলোকৰ শিক্ষাৰ কিবা ব্যবস্থা কৰিছো নে? মানুহে এক শিকে দেখি আৰু এক শিকে লেখি। পিচে, দেখি শিকিবলৈ তেওঁলোকৰ কোনটো সুচল আছে? বুকুত ৰিহা লবৰ দিন ধৰি আমি তেওঁলোকক পোহনীয়া শালিকীৰ নিচিনা সজাত ভৰাই আৰ বেৰ দি থৈ দিওঁ। কেতিয়াবা বাজলৈ এৰি দিলেও, এহতীয়া ওৰণিৰে তেলশালিৰ বলদৰ নিচিনাকৈ চকু বান্ধি আৰু চাৰি ফালে চাৰিটা বৰজাপিৰে চন্দ্ৰ সূৰ্য্যই নেদেখাকৈ পঠাওঁ। ( সজ সজ শব্দ ) জানোচা তেওঁ কাৰবাক দেখে, জানোচা তেওঁক কোনোবাই দেখে, এই ভয়ে চিৰকাল আমাৰ পাচ নেৰে।। এই ভয়তে আমি তিৰোতাক সজাৰ শালিকী, নাদৰ ভেকুলি