[১৬]
তেওঁ গৃহস্থালী চক্ৰৰ ডিলামাৰিৰ স্বৰূপ, তেওঁক আশ্ৰয় কৰি সেই চক্ৰ ঘূৰে। তেওঁ ইচ্ছা কৰিলে তাক সোঁহাতে ঘূৰাব পাৰে, আৰু ইচ্ছা কৰিলে আও হাতেও ঘূৰাব পাৰে, ইচ্ছা কৰিলে গৃহস্থালী ৰৰৈয়া কৰিব পাৰে, আৰু ইচ্ছা কৰিলে তাক খাস্তাং কৰিবও পাৰে। তেওঁ ঘৰোৱাহৰ অধ্যাপক বুলি কোৱা হৈছে। কাৰণ, গৰাকীটিৰ বাজে পৰিয়ালৰ এটাই বিলাকেই তেওঁৰ শিকনি পায়; তেওঁৰ শিক্ষাৰ পৰা লৰা ছোৱালীৰ ভবিষ্যত জীৱনৰ গতি নিৰ্ধাৰিত হয়, আৰু বান্দী, বেটী, লগুৱা ভণ্ডাৰীৰো স্বভাৱ গঠিত হয়। তেওঁ ভবিষ্যৎ ঘৈনী বোৱাৰীৰ স্বভাৱ চৰিত্ৰৰো গঢ় লগায়। মুঠ কথা, ঘৈনী ভাল হলে, ঘৰৰ লৰা ছোৱালী, বান্দী বেটী সকলো ভাল হয়, আৰু ঘৈনী বেয়া হলে, বেয়া হয়। ঘৈনীয়েই ঘৰ, আৰু ঘৰেই শিক্ষাৰ থলি। গৰাকী এজন আলহীৰ নিচিনা তেওঁ দিনৰ চাৰি পৰ বাজত ফুৰে, আৰু ৰাতিৰ চাৰি পৰ শুই থাকে। এতেকে গৃহস্থালী গঢ়িবলৈ তেওঁৰ সময় নাই, সকলো কথাঘৈনীৰ হাতত।
আমি আৰম্ভতে গৰাকীক ঘৈনীৰ পঢ়াশালীৰ পৰা বাদ দিছোঁ। কিন্তু সেই কথা উচিত হৈছেনে অনুচিত হৈছে, তাক থিৰাং কৰিব পৰা নাই। কিছুমান গৰাকীক অৱশ্যে ঘৈনীৰ ছাত্ৰ বুলিব নোৱাৰি। তেওঁলোক মইমত, কাৰো কথা নুশুনে, নিজ ইচ্ছা মতে চলে। কিন্তু কিছুমান গৰাকী ঘৈনীৰ অনুগত ছাত্ৰ, ঘৈনীৰ এচাৰিৰ ভয়ত সদায় কম্পমান তেওঁলোকৰ মনত ঘৈনীৰ বাক্য বেদৰ বাক্যতকৈও গৰিয়স, ঘৈনীৰ আজ্ঞা ৰজাৰ। আজ্ঞাতকৈও টান। ( চাপৰি ) তেওঁলোকে ঘৈনীৰ দণ্ডিত ভাইৰ