পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৮]

 মই আজি আপোনালোকৰ আগত যি বিষয়টি আলোচনা কৰিম বুলি আগ বাঢ়িছোঁ, সেই বিষয়টি বহুত দিনৰে পৰা মই আলচি আছিলোঁ। নিজে নিজে আলচি কেতিয়াবা হাঁহিছোঁ, কেতিয়াবা কান্দিছোঁ, কেতিয়াবা অনুশোচ কৰিছোঁ । আজি সুচল মিলিছে, সেই দেখি মন উবুৰিয়াই এটাই খিনি ভাল মন্দ সভাৰ আগত নিবেদন কৰিম বুলি ভাবিছোঁ । এতিয়া জয় জয়তে আপোনালোকক সোধোঁ, বোৱাৰী নে বেটী ? পোলৈ বিয়া কৰাই বোৱাৰী আনে নে ঘৰত বাবলৈ মূল দি বেটী আনে ? কথা কওঁতে হলে বোৱাৰী আৰু বেটী দুইকো যোৰ লাগাই কয় । এই দৰে কথাত মাথোন যোৰ লগালে, আমাৰ পক্ষে হাঁহন কান্দনৰ কথা নাথাকিল হেতেন । কিন্তু দুখৰ বিষয় যে, কথাত যেনে যোৰ লগায়, কামতো বোৱাৰী আৰু বেটীক সমান যেন দেখে । বোৱাৰী এজনী বিয়া কৰাই আনিলে, বেটী এজনী অনা যেন ভাবে। বোৱাৰী ঘৰ সোমালনে শাহুৱেকে আগধৰি বাপে- কৰ ঘৰৰ পৰা তাই কি আনিছে তাৰ হিচাব কিতাপ লয় । লগত অনা বস্তু লেখ মতে নিমিলেলে সেই জনী বোৱাৰী বেয়া । তাই ভাতৰ ভতুৱা, তাই অকাজভাগী, অবালচন্দ, আলাবাদু; তাই আঁকৰী, আজলী, লেতেৰী; তাই শাঁকিনী, হুতাশনী, কুলক্ষণী আৰু নো তাই কি নহয় । শাহুৱেকে এই দৰে বোৱাৰী- সহস্ত্ৰ নাম গাইহে (চাপৰি) বোৱাৰীয়েকক সম্ভাষণ কৰে । তদুপৰি কথায় পতি পাটন দিয়ে, কথায় পতি গেজেৰা মাৰে। শাহৰ গেজেৰা ভিনে, ননন্দৰ গেজেৰা ভিনে, আৰু ঘৰৰ যি বান্দী বেটী আছে, তাইহঁতৰ গেজেৰা ভিনে, সদায় বোৱাৰীয়ে শুনিব