পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৫৭ ]


আমাৰ চিনাকি লোক এজনো নাই। যেই সেই মানুহৰ ঘৰলৈ গলে, বিশেষতঃ ইমান বেচি নিশাত, থাকিবলৈ নিদিব পাৰে। এই নানা কাৰণে জাহাজ ঘাটৰ জাহাজ বাবুৰ ঘৰতে এবাৰ টুকুৰিয়াই চাবলৈ প্ৰস্তাৱ কৰা হল। মোৰ বন্ধু দুজন এই প্ৰস্তাবত মান্তি হোৱাত আমি কেউজন ঘৰটিৰ পৰা ওলাই জাহাজ বাবুৰ অফিচলৈ ৰাওণা হলোঁ। তাত দেখোঁ যে চাকি জ্বলি আছে। বাবুজনে কিবা লিখিবলৈ লাগিছে। আমি গৈ প্ৰথমে জাহাজৰ বাতৰি সুধিলোঁ। বাবুৱে কলে যে জাহাজ দহবজাতে সেই খিনি পাবৰ কথা, কিন্তু ইমান নিশালৈকে যেতিয়া আহি নাপালে, আৰু আহিবৰ বৰ ভৰষা নাই, বিশেষতঃ নৈত এতিয়া লাহে লাহে কুঁৱলি উঠিবলৈ লাগিছে। বাবুজনক কথাবাৰ্ত্তাত বৰ ভাল পালোঁ। নিশাটো আমি তেওঁৰ অফিচত পৰি থাকিব পাৰিমনে নোৱাৰিম বুলি তেওঁক সুধিলোঁ। তেওঁ দেখোঁ খপ কৰে সম্মত হল আৰু আমি শুবলৈ এটা ঘৰ দেখুৱাই দিলে। ঘৰটোত সোমাই চালোঁ, তাত এখন খাট আছে, খাটত এখন দলিচা পৰা আছে। এনে ব্যবস্থা দেখি আমাৰ মনত বৰ ৰং লাগিল।। আমি তিনিও জনে সেই খাটতে বাগৰ দিলোঁ। মোৰ লগৰীয়া দুজন বয়সত মোতকৈ সৰু, মই বুঢ়া মানুহ। খাটত বাগৰ দিয়া মাত্ৰেই তেওঁলোক দুজনে নিতত হল। মোৰ হলে টোপনি অহা নাই, জানোচা ৰাতি কেতিয়াবা জাহাজ ওলায় হি আৰু আমাক এৰি যায়। এই বোৰ ভাবি চিন্তি পৰি আছোঁ।

 আমি শোৱা কোঠালিৰ দক্ষিণে ঘৰটোৰ আৰু এটা কোঠাঠি আছে। তাত জুই ধৰি কোনোবা এজনে পুঁৱাই আছে, আৰ