সমললৈ যাওক

পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৯ ]

সভাৰ জ্ঞান নেত্ৰ মেল খাব। প্ৰকৃত পক্ষে যি লোকে নিজৰ বা নিজ পৰিয়ালৰ উন্নতিৰ নিমিত্তে চেষ্টা নকৰে, বা সমাজৰ হিতৰ বা সমাজৰ উন্নতিৰ নিমিত্তে কৰ্ম্ম নকৰে, তাৰ জীৱন ইকৰা জীৱনৰ নিচিনা অসাৰ, সেই জীৱনত সংসাৰৰ সকাম নাই। এতেকে সেই জীৱন থকা নথকা সমান। যি দীৰ্ঘ ভাৱনৰ লালসী সি আগে সংসাৰ ক্ষেত্ৰৰ আম কঠাল হবলৈ চেষ্টা কৰা যুগুত। নিষ্কৰ্মা মানুহে যথাৰ্থ পক্ষে সময় কটাবৰ উপাই নাপায়, দিন নাযায়, ৰাতি নুপুৱাই বুলি সিহতে সদায় ওজৰ কৰে। এনেকুৱা মানুহে যে দীৰ্ঘায়ুস হবলৈ বাঞ্চা কৰে, ই বাস্তৱতে বৰ আচৰিত কথা। এতিয়া আৰু গধূলি হ'ল, আমি পূজ্যপাদ বিদ্যানিধি ডাঙ্গৰীয়াক তেখেতৰ জ্ঞানগৰ্ভ অমূল্য বক্ততাৰ বাবে শত সহস্ৰ ধন্যবাদ দি আজিলৈ সভা সম্বৰণ কৰিলোঁ। ( চাপৰি )

 সভা ভাগিলত সভাৰ বহুত ডাঙ্গৰীয়াই বিদ্যানিধি ডাঙ্গৰীয়াৰ পদ ছুই প্ৰণাম কৰিলে আৰু মাজে মাজে এই দৰে কেন্দ্ৰসভাত দুই এটা বক্তৃতা দিবলৈ খাটনি লগালে। বিদ্যানিধি ডাঙ্গৰীয়াই হাঁহি মুখেৰে সকলোকে সমাদৰ কৰি সভাপতি ডাঙ্গৰীয়াৰ লগত ওলাই গল। আমি সকলোৰে পাচত সভাঘৰৰ পৰা ওলালোঁ, ওলায়েই সভাঘৰৰ ওচৰত থকা কঁঠাল জোপা দেখি বিদ্যানিধিৰ কথা আষাৰ আকৌ মনত পৰিল, আৰু মনত ধিক্কাৰ লাগিল। আমি এই কঁঠাল গছ ডালতকৈও নীচ। হাঁয়! হাঁয়! কেতিয়ানো আমি সংসাৰ ক্ষেত্ৰৰ আম কঁঠাল হম!

——