নিজে নিজে কিবা কিবি বকি আছে এনেতে আৰু এজন মানুহ
আহি সোমাল। সিহঁত দুইৰো ভিতৰত যি কথাবাৰ্তা হল তাৰ
পৰা বুজিলোঁ যে আগৰ জন মানুহ সেই জাহাজ অফিচৰেই
চাকৰ আৰু দ্বিতীয় জন দেওৱানী আদালতৰ টেকেলা। টেকেলা
জনে কৰবাত মাল ক্ৰোকী পৰোৱানা জাৰি কৰি সেই নিশা
জাৰত কঁপি কঁপি ওলাইছেহি। টেকেলা আহি পোৱাৰ কিছুমান
পৰৰ পাচত দুয়োজনে বহি জলপান খাবৰ দিহা কৰিলে। সেই
নিশা, জুইৰ ওচৰত বহি জলপানৰ বাটি আগত লৈ সিহঁত দুই
জনে যিবিলাক মন্তব্য প্ৰকাশ কৰিলে, তাৰ সংক্ষিপ্ত বিবৰণ
অলপ কোৱা যাব।
জাহাজৰ চাকৰ—তুমি এই ৰাতি ইমান হাবিৰ মাজেদি।
কেনেকৈ আহিলা?
দেওৱানী টেকেলা—এই ৰাতি! এই ৰাতি নাহিলে হয় নে?
কালিলৈ মোকৰ্দ্দমাৰ দিন, পৰোৱানা জাৰিৰ ৰিপোৰ্ট নিদিলে
নচলে। সেই দেখি মৰণত শৰণ দি কথমপি এই খিনি ললোহি।
জা চা—মই ভাবিছিলোঁ মোৰ হে সুখ নাই, দুপৰ নিশালৈ
জাহাজ আহিব জাহাজ আহিব বুলি ৰৈ থাকিব লাগে। কোনবা
দিনা জাহাজ আহে, কোনবা দিনা বা নাহেই, তেও মই ৰাতি
তিনি বজালৈ জপৰ জপৰ মাৰি থাকিব লাগে। এতিয়া দেখো
টেকেলা বিলাকৰো সেই দুখ।
এই দৰে সিহঁতে কথা পাতি ক্ৰমে গৈ সুখীয়া কোন, দুখীয়া কোন, ভোগ কি, কোনে ভোগ কৰিবলৈ পায়, এই বোৰ বিষয়ৰ আলোচনাত পৰিল, মই মনে মনে সিহঁতৰ কথা শুনি আছিলোঁ,