পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৬৩ ]


কেনায়া বৰষুণ হয়, কেচুৱায়ো শাওন মাহৰ বৰষুণৰ নিচিনা সৰু . সূতা কটা যেন কুন-কুন, মুন-মুন কৰি কান্দি থাকে। পৃথিবীত বৰ্ষাৰ অধিকাৰ দুমাহ মাথোন কিন্তু শৰীৰত অনেক দিন। বৰ্ষা উকলি গলে শৰীৰত গ্ৰীষ্ম পৰে, অৰ্থাৎ ল'ৰাই ফুকলীয়া অৱস্থা এৰাই চেমনীয়া হলে তাৰ তেতিয়া গ্ৰীষ্ম কাল হয়। গ্ৰীষ্ম কালৰ জহত মানুহে যেনে চট্‌ফটাই থাকে, চেমনীয়া লৰাও তেনে চটফটীয়া হয়। সি এক্ষন্তক শাঁত হৈ থাকিব নোৱাৰে, পোক লগা গৰুৰ নিচিনা ধৰফৰাই ফুৰে। চিঞৰি, চেকুৰি জপিয়াই নিজে নিজে সি হাৰা শাস্তি হয়। গ্ৰীষ্ম ঋতুৰ ৰ'দ চোকা হয় আৰু ছাতি বা জাপি নোলোৱাকৈ কলৈকো যাব নোৱাৰি। চেমনীয়া ল'ৰাকো লগৰীয়াৰূপী জাপি লগত নিদি- য়াকৈ কলৈকো এৰি দিব নোৱাৰি। যৌবন জীৱনৰ বসন্তকাল, এই কালত পৃথিবী যেনে ফুলে পাতে জাতিষ্কাৰ হয়, মানুহৰ শৰীৰো সেই দৰে জাতিষ্কাৰ হয়। বসন্তত কাঁইটীয়া বননিও শুৱনী হয়, তিনিশ বাৰ কুৰি খোৰোং থকা, ওঠৰ কুৰি টেমুনা ওলোৱা, ধোন্দোলা গছো ধুনীয়া হয়। সেইদৰে গাভৰু কালত কুঁজা, কুঁজী, ফেঁচা, ফেঁচী, অন্ধলা, আন্ধলী, ধেন্দেলা ধেন্দেলী, শেঙুনটেপা, শেঙুনটেপী, পেটুৱা, পেটুলী, খৰে-খোৱা, ফাঁপৰে ধৰা ইত্যাদি নৰনাৰী সকলোৱে নপ ধৰি চিলচিলীয়া হয়। তেজৰ বেগ তীব্ৰ হয় আৰু নতুন বৰণ ধৰে। বসন্ত ঋতুত পৃথিবীৰ জীৱজন্তু সকলো আনন্দত উতলি উঠে। যৌবনতো সেই দৰে মানুহ আনন্দত বিভোল হয়। বসন্ত উকলি গলে জীৱনত হেমন্তকাল পৰে। হেমন্ত ঋতুত পৃথিবীৰ তৰু, লতা,