পৃষ্ঠা:কেন্দ্ৰ সভা.djvu/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ১৮ ]


গোট খাই এখন বিৰাট সভা পাতে। (সজ সজ শব্দ ) তাত সজকামৰ ভিতৰ ত তামোল খোৱা আৰু ঘৰত পিক পেলোৱা, সজ মেলৰ ভিতৰত ল'ৰা ছোৱালীৰ মঙ্গলামঙ্গলৰ বাতৰি লোৱা। ইয়াৰ ওপৰঞ্চিও সজ মেল আছে। কোনে কিহেৰে ভাত খালে, কি আঞ্জা ৰান্ধিছিল, আঞ্জা কেনে হৈছিল, ডাঙ্গৰীয়াই আঞ্জা কেনে বুলিলে, এই বিলাক কথাও তাত ওলায়। সজ মেল কিন্তু বহুত পৰ নাথাকে। ই কেৱল আচল মেলৰ পাতনি মাথোন। আচল মেলত চুবুৰীয়া মতা মাইকীৰ ৰূপ বৰ্ণনা; স্বভাব বৰ্ণনা; আৰু নিজ নিজ স্বামীৰ গুণাগুণ বৰ্ণনা কৰা হয়।। তাইৰ নাকটো খঁৰা, তেও তাইৰ ফিতাহি নেদেখিছ, তাইৰ চুলি এবেগতীয়া, তেওঁ তাইৰ লাহটো ডাঙ্গৰ; ( চাপৰি ) আলোচনাৰ বিষয় এই বিলাক। গৃহস্থালিৰ কামতনো কি চাবা। তেওঁলোকে ঘৰৰ কোন বিধ বস্তু কত আছে তাক কব নোৱাৰে। গিৰিয়েকৰ শোৱা পাটী গৰুৰ গোহালী যেন হৈ আছে তালৈ চকু নাই। ধোবাই দি যোৱা কাপোৰ পাটীয়ে পাটীয়ে খন খন হৈ আছে তাক সামৰি বৰ নাই, সেন্দুৰৰ নিমিত্তে আৰ্চিত মুখ নেদেখি, ফণিত মলি বন্ধ খাই দাঁতৰ মুখ পাইছে, তেও ভাত চকু নপৰে, সেয়েৰে মূৰ মেলায়হে মেলায়। পেৰাত আতৰ, মম, সেন্দুৰ, এচেঞ্চ সকলো সানমিহলি হৈ একাকাৰ হৈ আছে। তাৰ খবৰ নাই। ডাঁৰত ডাঙ্গৰীয়াৰ চুৰিয়া, লগুৱাৰ চোলা, বান্দীৰ মেখেলা সকলো মিহলি হৈ আছে, তালৈ ভূৰ্ভং নাই। ( চাপৰি ) কেৱল একাঠুৱা জাবৰৰ মাজত বহি মেলহে।