সাহিত্য-প্ৰবেশ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সাহিত্য-প্ৰবেশ
লেখক বেণুধৰ ৰাজখোৱা
ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক
[  ]

সাহিত্য-প্রবেশ।


শ্ৰীবেণুধৰ ৰাজখােৱাৰ দ্বাৰা
প্রণীত।



শ্ৰীগণেশৰাম আগৰওৱালাৰ দ্বাৰা
প্রকাশিত।



১৮৯৫ ।

[  ]

সাহিত্য-প্রবেশ।


শ্ৰীবেণুধৰ ৰাজখােৱাৰ দ্বাৰা
প্রণীত।



শ্ৰীগণেশৰাম আগৰওৱালাৰ দ্বাৰা
প্রকাশিত।



১৮৯৫ ।

[  ]
 

PRINTED BY GIRISH CHANDRA CHAKRAVARTI,

At the Deva Press, 61, Mirzapur Street, Calcutta

 

[  ]

PREFACE.

 There was a time, when the Assamese tongue was breathing its dying breath. The Missionaries came, impelled by noble and philanthropic motives, and gave new life to the language. We ought to remain always grateful to them for this their in- estimable service. A very concise history of the Missionaries in Assam, has been given at the close of the book,

 It is found expedient to invent a certain mark to represent the proper sounds of sh and s. The sound of s may be represented by either চ or ছ, as is recognized by the etymology of the word. But this rule cannot be applied with advantage to those cases, where, by such doing, the word is likely to be materially affected, and the etymology seriously confounded. Considerations like the above have persuaded me to attach the mark (`) to শ, ষ (sh) and স (s), to show that they should be pronounced as in Sanskrit. This mark may likewise be adopted in connexion with the letters চ and ছ to represent their Sanskrit sounds. Again, the sound of o is generally represented by the mark (ʼ); but this should be used, as in English, to imply, that a certain letter in the word is under[  ] stood. It is proper to employ the mark (ʼ) for the o sound.

 In this world of complex circumstances, man often fails to carry a scheme into execution, as he contemplates it at the outset. This booklet is simply a crude product of my original design. There are numerous defects in these pages; but, it is hoped, that the public will be indulgent in their opinions, remembering, first, that my accom- plishments are imperfect and insufficient, and, secondly, that the Assamese language, although destined to become steady in some degree in no far distant period, scarcely passes its infancy at present.

 Lessons of diverse character and interests have been introduced, so that selections may be made to suit the capacities of pupils in different classes

DIBRUGARH,
7th July, 1895

}     BENUDHAR RAJKHOWA.

[  ]

পাতনি।

 এনে এসময় আছিল, যেতিয়া অসমীয়া ভাষা মৃত্যু-শয্যাত পৰি আছিল। পাদুৰি চাহাব সকলে, মহৎ আৰু প্ৰেমপূৰ্ণ ভাবৰ দ্বাৰা উৎসাহিত হৈ আহি, তাক নতুন জীৱন দিলে। তেওঁবিলাকৰ এই মোল-নাইকিয়া কামৰ বাবে, আমি সদাই কৃতজ্ঞ থাকিব লাগে। পুথিৰ সামৰণিত, অতি সংক্ষেপেৰে, আসামৰ মিশ্যনাৰি ইতিহাস এটি দিয়া হৈছে।

 ‘শ’, ‘ষ’ আৰু ‘স’ এই কেইটি আখৰৰ সংস্কৃত মাত বুজা- বলৈ, কোনো এটি নতুন চিন উলিয়াবৰ আৱশ্যক হেন দেখা গৈছে। ‘স’ৰ মাত, চ বা ছ, যিটিয়েই শব্দৰ ধাতুঅনুসাৰে শুদ্ধ, তাৰেই বুজাব পাৰি। কিন্তু, তেনে কৰাত, যেতিয়া কোনো শব্দৰ ভিতরুৱা লৰ ঘটিবৰ, বা মূলধাতুৰ বিশেষ বেমেজালি হবৰ সম্ভৱ, তেতিয়া সেই নিয়মটি সুচলমতে লগাব নোৱাৰি। এনেবিলাক কথা ভাবি, ‘শ’, ‘ষ’ আৰু ‘স’ৰ সংস্কৃত মাত বুজা- বলৈ, সেইবিলাকৰ ওপৰত এই চিনটি (`) ব্যৱহাৰ কৰিছোঁ। এই দৰে, ‘চ’ আরু ‘ছ’ৰ স’স্কৃত মাত বুজাবলৈও, এই চিন টিকে গ্ৰহণ কৰিব পাৰি। আৰু, ইংৰাজী Oৰ মাত দেখাবলৈ প্ৰায় এই চিন (’) দিয়া হয়; কিন্তু, ইংৰাজীৰ দৰে, শব্দৰ কোনো এটি আখৰ লুপ্ত হৈ আছে, এই কথা বুজাবলৈ তাৰ প্ৰয়োগ কৰিব লাগে। Oৰ মাত বুজাবলৈ এই চিন (-) লগোৱা উচিত। [  ]  এই বিষয়-জঞ্জালৰ সংসাৰত প্ৰায় দেখিবলৈ পোৱা যায় যে, মানুহে যিদৰে কোনো এটা কাম কৰিম বুলি প্ৰথমে মনত পাতে, তেনেকৈ তাক কৰি এঁটাব নোৱাৰে। পোনতে মোৰ মনত যেনে ভাব হৈছিল, এই সৰু পুথিখনি সেই ভাবৰ অসম্পূৰ্ণ কাৰ্য্য মাথোন। মোৰ এই পাত কেইটিত অনেক দোষ আছে; কিন্তু, আশা কৰোঁ, সৰ্বসাধাৰণে তেওঁবিলাকৰ নিজৰ মত দিওঁতে, যেন ক্ষমাপ্ৰকাশ কৰে; কিয়নো, প্ৰথমতঃ, মোৰ বিদ্যা আৰু গুণ কম, আৰু দ্বিতীয়তঃ, অসমীয়া ভাষা অলপ থিত হবলৈ যদিও বহু কাল নাই, তথাপি সম্প্ৰতি, সি কেচুৱা অৱস্থা পাৰ হোৱা নাই বুলিব লাগে।

 বেলেগ বেলেগ শ্ৰেণীৰ লৰাৰ নিমিত্তে উপযোগী পাঠ বাছি লব পৰা যাব, এই উদ্দেশেৰে, পুথিখনিত বিবিধ ধৰণৰ পাঠ লিখা হৈছে।

ডিবরুগড়।
২৪ আহাৰ, ১৮১৭ শঁক।

শ্ৰীবেণুধৰ ৰাজখোৱা ৷
 

[  ]
 
 
সূচী৷
পিঠি ৷
১৷ ৰাতিপুৱা* •••  •••  •••  
২৷ ৰাজহাঁহ •••  •••  •••  
৩৷ মৈৰা •••  •••  •••  
৪৷ লৰালৈ উপদেশ* •••  •••  •••  
৫৷ কুলি •••  •••  •••  
৬৷গাধ,গরু আরু খেতিয়ক  •••  •••  ১১
৭৷এক স্বামী আরু ভাটৌ  •••  •••  ১২
৮৷সবাতো অধিক ভয় ৰাখিবা নিজলৈ*    •••  ১৩
৯৷স্যমন্তকোপাখ্যান •••  •••  •••  ১৪
১০৷তোপনি* •••  •••  •••  ১৮
১১৷দশোপদেশ •••  •••  •••  ১৯
১২৷এক জালোৱাই •••  •••  •••  ২০
১৩৷পৃথিৱীৰ আকাৰ •••  •••  •••  ২১
১৪৷ঈশ্বৰ-মহিমা* •••  •••  •••  ২৩
১৫৷সত্য* •••  •••  •••  ২৪
১৬৷ৰাম-বনবাস •••  •••  •••  ২৫
১৭৷সঁচলীয়া আরু মিছলীয়াৰ কথোপকথন*    •••  ৩১
১৮৷কাল-বিভাগ •••  •••  •••  ৩৩
১৯৷পানী৷-নৈ, নিঝৰা •••  •••  •••  ৩৬
২০৷প্ৰেম* •••  •••  •••  ৪১
[  ]
(৷০)
পিঠি ৷
২১৷ ঈশ্বৰৰ কৌশল •••  •••  •••  ৪৩
২২৷ উট চৰাই •••  •••  •••  ৪৬
২৩৷ স্বপ্ন* •••  •••  •••   ৫০
২৪৷ এক ৰজাৰ সাধুকথা •••  •••  •••  ৫১
২৫৷ বিষু খাঁ •••  •••  •••  ৫৩
২৬৷ সাৰ কথা •••  •••  •••  ৫৪
২৭৷ দুই সখী* •••  •••  •••  ৫৫
২৮৷ৰেগুলচ্ •••  •••  •••  ৫৭
২৯৷দ্ৰৌপদীৰ সয়ম্বৰ •••  •••  •••  ৬২
৩০৷জোনটিলৈ চাই* •••  •••  •••  ৬৯
৩১৷নুরুদ্দিন আলিয়ে, তেওঁৰ পুতেক বদরুদ্দিন
হোসেনক দিয়া সাংসাৰিক উপদেশ    ••   ৭০
৩২৷কাগজ •••  •••  •••  ৭১
৩৩৷ পখী* •••  •••  •••  ৭৩
৩৪৷ আহোম ৰাজত্বৰ আদি-বিৱৰণ  •••  •••  ৭৪
৩৫৷ আসামৰ মিশ্যনাৰি ইতিহাস  •••  •••  ৮০


[যিবিলাক পাঠত তৰা-চিন আছে, সেইবিলাক পদ্য ৷]
————

[  ]

সাহিত্য-প্ৰবেশ।
—————
ৰাতিপুৱা।

ৰাতিপুৱা কাল, চোৱাঁ কেনে ভাল,
 পাতৰ টোপাল পৰে
বায়ু জুৰ জুৰ,  ধৰি ক্ষীণ সুৰ,
 ফুলৰেণু চুৰ কৰে।
বৰ ৰং পাই, ডালত চৰাই,
 সুমাত ফুটাই ডাকে।
ৰাতিপুৱা কাল, চোৱাঁ কেনে ভাল,
 মন ফৰকাল থাকে।
আছে ফুল ফুলি, দেখি মন তুলি,
 ভেমোৰা সমূলি ৰঙ্গী।
সবে পালে শাৰ, লুকাল এন্ধাৰ,
 নোহোৱাঁ নিদ্ৰাৰ সঙ্গী।
কা-কা ৰৱ জুৰি, মাতে আহি উড়ি,
 কলিয়া কাউৰী-জাতি।
পুৱা-আগমনী, পৰিল জাননী,
 চপোৱাঁ শোৱনী পাটি।

———
[ ১০ ]
[ ২ ]
ৰাজহাঁহ।

 মানুহে ৰাজহাঁহ পুহিবলৈ ধৰাৰ অনেক শ বছৰ হৈছে। এতিয়াও অসংখ্য বনৰীয়া ৰাজহাঁহ আছে; সেইবিলাকক দেও-ৰাজহাঁহ বোলে। এসময়ত যি ৰাজহাঁহে হাবিত মুকলিমূৰীয়াকৈ চৰি ফুৰিছিল, এতিয়া সিহতে ইমান পোহ মানিলে যে কবলৈ বাকি নাই। সিহঁতে মানুহলৈ নিচেই ভয় নকৰে, আরু মাটি যেন শান্ত হল। সিহঁতে ঘৰৰপৰা আঁতৰি যাবই নোখোজে।

 ৰাজহাঁহৰ, পোৱালিলৈ বৰ মৰম। পোৱালিক কোনোবাই আনিবলৈ বা ছুবলৈ গলে, ৰাজহাঁহে ডিঙ্গি মেলি খেদি আহে; আরু সি খুটিবলৈ পালে, চাল ছিঙ্গি নিয়ে। পোৱালিলগা ৰাজহাঁহৰ ওচৰ, সরু লৰাক কেতিয়াও থব নোৱাৰি।

 ৰাজহাঁহৰ খোজটো বৰ গহীন। সি ধীৰে ধীৰে আত্ম সম্মানেৰে খোজ কাঢ়ে। তাৰ খোজ দেখিবলৈ ইমান গঢ়িত যে, কোনেও তাৰ প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰে। বাস্তবিকে, খোজৰ বাবেই তাৰ, কবিৰ ওচৰত চিনাকি।

 এনে কথা আছে, শিয়াল আহিলে, ৰাজহাঁহে বাপেকৰ কালৰ ধরুৱা আহিছে বুলি ডিঙ্গি মেলি দিয়ে, আরু শিয়ালে তেতিয়া তাক ধৰি লৈ যায়। ৰাজহাঁহ যে নিচেই অজলা, এই কথাটিয়ে কেৱল তাকে বুজায়। ইংৰাজবিলাকেও মুৰ্থ লোকৰ পটন্তৰ দিবলৈ হলে, ৰাজহাঁহৰ নাম কৰে।

 ৰাজহাঁহে আমাক কলম যোগায়। যাক সকলোৱে মুৰ্খ বোলে, তাৰ পাখিৰে শত শত জ্ঞানীয়ে কিতাপ লিখে! [ ১১ ] ইওৰোপত পাখি-কলমৰ ব্যৱহাৰ, চাৰি শ আৰু পাঁচ শ বছৰৰ ভিতৰৰপৰা চলিছে। ইংলণ্ডত ব্যৱহৃত হোৱা অধিক ভাগ, আয়ৰ্লণ্ড, হেমবৰ্গ, আরু হডচন অন্তৰীপৰপৰা আহি ছিল। আমাৰ দেশত পাখি-কলম প্ৰচলিত হোৱাৰ অনেক কাল হোৱা নাই। আমাৰ মানুহে আগৈয়ে, খাগৰিৰ কলমেৰে লিখিছিল। রুছিয়া আৰু পোলাণ্ড দেশত, কলমৰ নিমিত্তে জাঁকে জাঁকে ৰাজহাঁহ পোহা হয়। সেইবিলাকৰপৰা ইংলণ্ডলৈ অপৰ্যাপ্ত পাখিৰ আমদানী হয়। সেন্ট পিটাৰ্স্‌বৰ্গৰপৰা ৬ নিযুতৰপৰা ২৭ নিযুত পাখিৰ ৰপ্তানি হয়। কলমৰ নিমিত্তে যিমান ৰাজহাঁহ পোহা হয়, এইদৰে চালে তাক কিছু পৰি মাণে জানিব পৰা যায়। —এখন ডৌকাত পাঁচোটা ভাল পাখি হয়; আরু নিয়মমতে পুহিলে, এটা ৰাজহাঁহৰ বছেৰেকত একুৰি পাখি হয়।

 ৰাজহাঁহৰ সরু সরু কুঁহিপাখিবিলাকেৰে, তুলি, নিহালি আদি বস্তু সজা হয়। আগৈযে, মানুহবিলাকে নিমৰমিয়ালকৈ জীয়া ৰাজহাঁহৰ পাখি উঘালিছিল; কিন্তু আজি কালি কতো তেনে ৰীতি নাই। ৰাজহাঁহক মাৰি, তপতে তপতে তাৰ পাখি কাঢ়ি লোৱা হয়, কাৰণ অধিক বেলি হলে, পাখিৰ লেউ- সেউৱাভাৱ নাইকিয়া হয়, আরু সি ঠৰঙ্গা হৈ পৰে।

 এতিয়া ৰাজহাহে কোৱা কবিতাটি শুনা যাওক।—

গহীনে মাটিত ভৰি দিওঁ মই,
  কেতিয়াও খোজ উত্ৰাৱল নোহে।

[ ১২ ]

ঈশ্বৰ-সংসাৰ গহীনতাময়,
  গহীনাই খোজ কাঢ়োক মানুহে।

মাতোঁ, কণ্ঠ তুলি স্বৰ্গ-উদ্দেশেৰে,
  সাহসী, নিৰ্ম্মল, অবিকৃত মাত।
কওক মানুহে নিৰ্ভয় কণ্ঠেৰে,
  সত্যকথা, চিন্তি স্বৰগৰ বাট।

মুৰ্খ মই, তেও নিজৰ পাখিৰে,
  লেখক-জনৰ কৰোঁ কত হিত!
হওক মানুহ মূৰ্খ মোৰ দৰে,
  আনৰ মঙ্গল সাধি পৃথিবীত।

⸺⸺
মৈৰা।

 মৈৰা বৰ শুৱনী চৰাই। ইয়াৰ পাখিৰ বৰণ এনে মৰমলগা যে, তাক দেখিলে, তাতে চকু লাগি ৰয়। হিন্দুবিলাকৰ মতে মৈৰাক মাৰিব নেপায়। তেওঁবিলাকে তাৰ অনুপম সৌন্দৰ্য্য দেখি, এনে ভাব কৰে। বাস্তবিকে যি ডোখৰ ঠাইত মৈৰা থাকে, তাত মন গহীন লাগে। মৈৰাই যেতিয়া নেজেৰে চালি ধৰি অপূৰ্ব্ব শোভাবিস্তাৰ কৰে, তেতিয়া যেন মনক কিবাই স্বৰ্গলৈ টানি নিয়ে, আমাৰ এনে বোধ হয়। আমাৰ মানুহে [ ১৩ ] কয়, তেতিয়া তাৰ নেজত দেৱ অধিষ্টিত হয়। মটা মৈৰা বিলাকে হে গঢ়িতকৈ চালি ধৰিব জানে, মাইকীবিলাকে অলপকৈ মাথোন ধৰে। মাইকীবিলাক দেখিবলৈও বৰ রূপহী নহয়। হিন্দুৰ মতে মৈৰা কাৰ্ত্তিকৰ বাহন। শ্ৰীকৃষ্ণে গোকুলত গরু চৰাওঁতে, মূৰত মৈৰাপাখি পিন্ধিছিল।

 এই ধুনীয়া চৰাইক, প্ৰতাপী ৰজা সোলোমনে পূৰ আরু দক্ষিণ দিকৰপৰা পেলেষ্টিনলৈ নিয়াইছিল। প্ৰাকৃতিক ইতিহাসৰ নিমিত্তে, তেওঁৰ বৰ রুচি আছিল, আরু জাহাজ বিলাকে, তিনি বছৰত এবাৰকৈ গৈ, পৃথিবী অনেক দূৰ দেশৰপৰা নানা বহুমূলীয়া আরু আশ্চৰ্য্য পদাৰ্থ আনে গৈ। সোণ, রূপ, হাতীদাত, বান্দৰ আদিৰ লগত, জাহাজত মৈৰাও অনা হয়। ইওৰোপলৈ এই চৰাই, প্ৰথমে মিডিয়া অৰ্থাৎ পাৰস্য দেশৰপৰা গৈছিল; সেই দেখি ইওৰোপৰ আগৰ মানুহবিলাকে ইয়াক “মিডিয়াৰ চৰাই” বুলিছিল।

 আমাৰ দেশৰো আগৰ মানুহবিলাকে এই চৰাইক বৰ আদৰ কৰিছিল। ইয়াৰ দাম বহুত বেচি আছিল। আমি সাধুকথাত শুনিবলৈ পাইছোঁ, কোনো এজন ভালমানুহৰ লৰাই, দুখত পৰি, নিজ ঠাই এৰি দূৰলৈ গৈ, বিদেশত ফুৰি ছিল; তেওঁ এক ৰজাৰ ৰাজ্য পালে গৈ; তাতে ৰজাৰ মালি নীৰ ঘৰত আশ্ৰয় ললে। মালিনীৰ বুদ্ধিত তেওঁ এক সুন্দৰ জীবিকাৰ উপায় কৰিছিল। তেওঁ গধুলি, মৈৰা থকা ঠাইত কিছুমান আখৈ চেটিয়াই থৈ আহে গৈ। মৈৰাবিলাকে আখৈ খাবলৈ কঢ়া-আজোৰা কৰে। এইদৰে দন্দ কৰোঁতে, মৈৰাৰ অনেক পাখি সৰে। পাচ দিন ৰাতিপুৱা, তেওঁ সেই পাখি [ ১৪ ] বিলাক বুটলি আনি বজাৰত বেচি ধন উলিয়াইছিল। মৈৰা পাখিৰ আদৰ এতিয়াও অলপ আছে। মৈৰাপাখিৰে টুপি, বিচনি আদি অনেক বস্তু সজা হয়। গ্ৰীচ আরু এছিয়া মাইনৰত বহুত দিনলৈকে মৈৰাৰ বৰ মান আছিল; আরু ডাঙ্গৰ মানুহ বিলাকে অনেক টকা দি মৈৰা কিনিছিল। পেৰিক্লিচৰ দিনত এটা মানুহে মৈৰা পুহিছিল। সি মানুহবিলাকক মৈৰা দেখাই, বহুত সম্পত্তি কৰিলে। অনেক দৰণি-বাটৰ মানুহ আহিছিল। এনে জনৰৱ আছে, আলেকজাণ্ডৰে সিন্ধু নৈৰ পাৰত মৈৰাবিলাক দেখি ইমান আচৰিত হল যে, তেওঁ সকলোকে শুনাই দিলে, যি কোনোৱে সিহঁতৰ এটাকো মাৰিব, তাৰ উগ্ৰ শাস্তি হব।

 বাঢৈবিলকে নানা কাম কৰি কাঠৰ মৈৰা সাজে। মানুহে ভাল ভাল বস্তুত মৈৰাৰ মূৰ্ত্তি আঁকি থয় । কোনো কোনো বৰনাওৰ টিঙ্গত মৈৰাৰ মূৰ্ত্তি সজা থাকে। দিল্লিৰ সমাট শ্যাজাহানৰ এখন সুপ্ৰসিদ্ধ ময়ূৰাসন আছিল। আসনত বহল নেজেবে এটা মৈৰা সজা অছিল। তাৰ চাৰিও পিনে উজ্জ্বল হীৰা আদি পাথৰ আছিল। পাথৰত নানা ৰঙ্গৰ বহুমূলীয়া মণি পতোৱা হৈছিল। ময়ূৰাসন সাজোতে, প্ৰায় চাৰে ছয় কোটি টকা খৰচ হয়।

 মৈৰাই পোক পৰৱা খায়। মৈৰা সাপৰ পৰম শত্ৰু। ইহতে সাপক দেখা মাত্ৰে ধৰি খায়।

 মৈৰাৰ পাখিৰ সাজটো যিমান চিকুণ, মাতটো সিমান কুন্ধচ্। বাস্তবিকে, তাৰ মাতটো একেবাৰে শুনিবৰ মন নোযোৱা, আরু কৰ্কশ। মানুহে মৈৰাৰ ঠেংকেইটাও বৰ [ ১৫ ] এলাগী বুলি কয়। কিন্তু তাৰ ঠেং অসুন্দৰ হলেও অৱস্থাৰ উপযোগী। মৈৰাৰ বলৰ বিষয়ে, এটা আচৰিত গল্প আছে। এটা সুশ্ৰী, ভৰ-বয়সৰ মৈৰা, পথাৰত এটা খেৰৰ মেজিৰ ওপৰত আহি পৰিল। মেজিৰ গিৰিহঁতে, তাক খেদাই দিবলৈ তাৰ সরু পুতেকটোক পঠিয়ালে। সি আহি মৈৰাৰ ঠেংটোত ধৰি ললে। মৈৰাই তৎক্ষণাৎ, লৰাটোক লৈ পাখি মেলি উড়া মাৰি অনেক দূৰত পৰিল গৈ। লৰাটোৱে একো দুখো নেপালে, ভয়ো নেখালে।

⸻⸺


লৰালৈ উপদেশ।

যেতিয়া তেতিয়া তুমি হবা সঁচলীয়া
সচাৰ সমান ভাল একো নাইকিয়া।
 মিছা কথা অসঞ্জাতী;
 নুফুৰিবা মিছা মাতি।
তেনেহলে চিৰকাল থাকিবা সুখীয়া।

পিতৃৰ মাতৃৰ কথা পালিবা সদাই।
নহবা অভাৰি, হাক-বচন পেলাই।
 তেওঁলোকে চিন্তে নিত,
 কেৱল তোমাৰ হিত।
কৰিবা যিহকে কয়, নুসুধি দুনাই।

[ ১৬ ]

ভাই বা ভনীৰে সৈতে নকৰি কন্দল,
পজাঘৰ পাতি লবা, মৰমৰ থল।
  প্ৰীতিভাৱে কাল কাটি,
  আনিবা মনৰ শান্তি।
ইটিয়ে সিটিৰ প্ৰতি থাকিবা সৰল।

 

কৰিবা সঙ্গীৰে সৈতে ভাল ব্যৱহাৰ।
মন-কথা খুলি কবা বন্ধুক তোমাৰ।
  আনৰ সম্মান শিকি,
  ফুৰিবা সদাই ৰাখি।
অবচন নুবুলিবা কেতিয়াও কাৰ।

 

জ্ঞানৰ পোহৰ দিছে যিজনে তোমাক,
সম্ভ্ৰম কৰিবা তেনে হিতৈষী ওজাক।
  তেওঁৰ অপ্ৰিয় কাজ,
  কৰিবা মনৰ বাজ।
নোবোলাবা অশলাগী তুমি আপোনাক

 

সেই ঈশ্বৰত দৃঢ় ৰাখি ভকতি,
যিজনে তোমাক দিছে বিবেক, শকতি।
  অসীম কৃপাত যাৰ,
  পোৱাঁ তুমি নিৰন্তৰ,
খাটিবলৈ দিন আরু জিৰাবলৈ ৰাতি।

⸺⸺
[ ১৭ ]
কুলি।

 কুলিয়ে কণি উমাই নিজে পোৱালি নজগায়। তাই আন আন চৰাইৰ বাহ, লুকাই কণি পাৰি থয় গৈ। কাউৰীৰ বাহত কুলিয়ে কণি পাৰে বুলি, আমাৰ দেশৰ আটায়ে জানে। যদি কুলিয়ে বাহত আন কণি দেখে, তেনেহলে তাক কুলিয়ে পাৰিছে বুলি ভাব কৰে। সি যেনে হওক, বাহত কুলিৰ পোৱালিক অকলে থকা দেখা যায়; তোলনীয়া মাকে তাক বৰ যত্নেৰে পোহপাল দিয়ে। ডাক্তৰ জেন্নাৰ* চাহাবে এই দৰে কৈছে :—

 দেখা গৈছে, যিবিলাক সরু সরু চৰাইৰ বাহত কুলিয়ে কণ পাৰে, তাহাঁতে পাৰোঁতে তিন দিন কি চাৰি দিন কৰে, আৰু যেতিয়া তিনটা কি চাইটা কণি পাৰে, তেনে সমযতে, কুলিয়ে তাইৰ অভিপ্ৰায় সাধে। প্ৰায় কুলিৰ পোৱালি আগে জগে, বাকি কণিবিলাক আরু, থাকিলে, পোৱালিকো বাহৰপৰা গুচাই দিয়া যায়। আচৰিত কথা, এইটো কাম নকৈ জগা পোৱালিটেই কৰে; জগাৰ পাচ দিনাই সি এনে কাম কৰিব পৰা বলী হয়। তেতিয়া সি বুঢ়া বুঢ়ীয়ে আনি দিয়া টোপ অকলৈ খাবলৈ পায়। তেওঁ আরু কয় :—

 কুলিৰ এনেকুৱা আচৰিত ব্যৱহাৰৰ অৰ্থ কি? তাৰ কাৰণ এনেকুৱা হব নোৱাৰে নে? কুলিয়ে কম দিন মাথোন আমাৰ ইয়াত থাকিবলৈ পায়, আরু সেই কালৰ ভিতৰতে, প্ৰাকৃতিক আদেশ মতে, পৰিয়াল ডাঙ্গৰ কৰিব লাগে। কুলিৰ অহাৰ


* Dr Jenner,
[ ১৮ ]

কেইবা সপ্তাহৰ পাচত হে, তাইৰ কণি পাৰিবলগীয়া হয়; মেই মাহৰ মাজভাগৰ আগৈয়ে প্ৰায় নহয়। পোৱালি জগাওঁতে, উমনীয়া চৰাইৰ এক পক্ষ কাল হয়। কুলি- পোৱালি উড়নীয়া হবলৈ সাধাৰণতঃ তিনি সপ্তাহ লাগে; তাৰ পাচেও তোলনীয়া মাকে তাক পাঁচ সপ্তাহ খুৱাই থাকে।

 ভাৰতবৰ্ষৰ কবিবিলাকৰ মাজত, কুলি এটি আদৰৰ চৰাই। ইয়াৰ মাত শুনিবলৈ বৰ মিঠা। কুলিৰ বৰণ কাউৰীৰ নিচিনা কলা। কিন্তু রূপে কি কৰিব, গুণে যি কৰিব পাৰে। আমে কুঁহি মেলে; কুলিয়ে তাক খাই চিকুণ সুৰেৰে গান কৰে। ইংলণ্ডত কুলি, এপ্ৰিল মাহৰ মাজভাগত, দুভাগটি, ১৭ তাৰিখে ওলায়। আমাৰ দেশত, এপ্ৰিলৰ পহিলা তাৰিখে, কুলি দেখিবলৈ পোৱা যায়। অতএব, দেখা যায়, বসন্তৰ শেষভাগত হে কুলিয়ে দেখা দিয়ে। কুলিৰ কাল-ভাগ এই দৰে কৰিব পাৰি :—

বছৰৰ এপ্ৰিল আহিল,
কুলি আম-ডালত পৰিল।

 

মেইত আনন্দে কুলি,
গান কৰে কণ্ঠ তুলি।

 

তাৰ পাচে জুন হয়,
কুলিয়ে ন মাত লয়।

 

জুলাই ওপজে, জুন মাহ মৰে,
উড়িবলৈ কুলি পাখি সাজু কৰে।

[ ১৯ ]

জুলাই-শেষত আগষ্ট ওলায়,
আম-ডাল এৰি কুলি উড়ি যায়।

⸺⸺
গাধ, গৰু, আরু খেতিয়ক।—আৰব্য উপন্যাস।

 কোনো এটা খেতিয়কৰ, জন্তুৰ মাত বুজিব পৰা শক্তি আছিল। এদিন সি, তাৰ এটা গরুৱে গাধ এটাক সম্বোধন কৰি এইদৰে কোৱা শুনিবলৈ পালে, “বন্ধু! তুমি বৰ সুখীয়া। গিৰিহঁতে তোমাৰ গা মলে, ধূলি-বোকা গুচায় আরু তোমাক খাবলৈ উত্তম আহাৰ দিয়ে। কামৰ ভিতৰত, তুমি তেওঁক পিঠিত তুলি খন্তেক অলৈ-তলৈ লৈ যোৱাঁ।” তাতে গাধই উত্তৰ দি কলে, “তুমি নিচেই নিৰ্ব্বোধ। মোৰ উপদেশ শুনা, তোমাৰো সুখ হব। কাইলৈ ৰাতিপুৱা হলে তুমি গোহালিত বিচেষ্টা হৈ পৰি থাকিবা। যেতিয়া গিৰিহঁতক অহা দেখিবা, ঠেং এছাৰিবলৈ ধৰিবা, আরু মুখে দি ফেন কাঢ়িবা। এইদৰে নৰিয়াৰ ভাও ধৰি তুমি কাম নকৰাকৈ থাকিব পাৰিবা।” পাচ দিনা ৰাতিপুৱা, গরুৱে অবিকল তেনে আচৰণ কৰিলে। ইয়াকে দেখি, খেতিয়কে গরুক এৰি থৈ, গাধক নি হালত জুৰিলে গৈ। গাধই লোকক দুষ্ট বুদ্ধি দি সমুচিত শাস্তি পালে।

⸺⸺
[ ২০ ]
এক স্বামী আরু ভাটো।—আৰব্য উপন্যাস।

 কোনো এটা মানুহৰ এজনী শুৱনী তিৰোতা আছিল। সি তাইক বৰ ভাল পাইছিল, আরু এখন্তকো চকুৰ আঁৰত নথৈছিল। এদিন বিশেষ কাৰ্য্যোপলক্ষে বিদেশলৈ যাবলগীয়া হোৱাত, সি এখন চৰাই-বজাৰলৈ আহিল, আরু এটি গুণৱন্ত ভাটৌ কিনিলে। ভাটৌটোৱে মানুহৰ নিচিনাকৈ স্পষ্টকৈ কথা কব পাৰে, আরু তাৰ চকুৰ আগত যি যি ঘটনা হয়, সকলোৰে বৰ্ণনা দিব পাৰে। সি তাক ঘৰলৈ আনি, যত্নেৰে প্ৰতিপালিত কৰিবলৈ ঘৈণীয়েকক কৈ, বিদেশৰ অভিমুখে যাত্ৰা কৰিলে। সি ঘৰলৈ উভতি আহি, ভাটৌটোৰ মুখৰ পৰা, ঘৈণীয়েকৰ চৰিত্ৰৰ বিরুদ্ধে নানা কথা শুনিবলৈ পালে। সি তেতিয়া ঘৰৰ অটাইবিলাক মানুহকে সুধিলে, কিন্তু সকলোৱে শপথ কৰি আসৈ মাতিলে, আরু ভাটোক মিছলীয়া পাতিলে।

 তাৰ ঘৈণীয়েকে, স্বামীৰ মনৰ সন্দেহ সমূলি গুচাবলৈ চেষ্টা কৰিলে, আরু ভাটোৰ ওপৰত প্ৰতিশোধ লবলৈ স্থিৰ কৰিলে। স্বামী আকৌ এবাৰ বিদেশলৈ গল। তাইৰ হুকুম অনুসাৰে, এটা বন্দীয়ে ৰাতি ভাটৌটোৰে সজাৰ তলত এখন জাত ঘূৰাই থাকিবলৈ ধৰিলে। দ্বিতীয় এটাই বৰষুণপৰাৰ দৰে সজাটোৰ ওপৰত পানী চেটিয়াবলৈ ধৰিলে। তৃতীয় এটাই এখন দাপোণেৰে চাকিৰপৰা প্ৰতিবিম্ব ধৰি তাৰ চকুত পোহৰ পেলাই আছিল। পাচ দিন, স্বামী উভতি আহি ঘৰ পালে, আরু ভাটোক পূৰ্ব্বৰ দৰে প্ৰশ্ন কৰিলে। ভাটোৱে কলে, “হে প্ৰভু! কালি ৰাতি বজ্ৰ, বৰষুণ আৰু বিজু ল [ ২১ ] হোৱাত, মই একেবাৰে বিচেষ্টা হৈ আছিলোঁ। স্বামীয়ে মনত তৰ্কিলে, “কালি ৰাতি বজ্ৰ, বৰষুণ আৰু বিজুলী একো হোৱা নাই; ই অৱশ্যে মিছা কথা কৈছে। আরু এইদৰে আগৰ বাৰো ই মিছাকৈ মোৰ তিৰোতাৰ অপবাদ কৰিছে।” সি ভাটোটোক সজাৰপৰা উলিয়াই, তাৰ প্ৰাণবধ কৰিলে। কিছু কালৰ পাচে, ওচৰচুবুৰীয়বিলাকৰপৰা সি শুনিবলৈ পালে যে তাৰ ভাটো বাস্তবিকে সত্যবাদী। সি তেতিয়া নিজৰ অবিমৃশ্যকাৰিতাক দূষি, অনুতাপ কৰিবলৈ ধৰিলে।

_______


সবাতো অধিক ভয় ৰাখিবা নিজলৈ।

কাঁইট-নিচিনা দাঁত চোদা চোকা তাৰ।
দুৱাৰ-নিচিনা মুখ, ভীষণ আকাৰ।
লোভত, নোৱাৰে তাক জিনিব ডাইনী।
হাঙ্গৰ নামেৰে সিটো, সমুদ্ৰ প্ৰাণী।


এন্ধাৰত জ্বলে চকু, কৰি তিৰবিৰ-
ভয়ত বনৰ জন্তু সদাই অস্থিৰ।
দেখোঁতা-জনৰ, হায়, শোহে কণ্ঠৰস।
বাঘ নাম তাৰ-কৰে অৰণ্যত বাস।


শিলৰ শৰীৰ, মহা-অগ্নিৰ আলয় :
প্ৰবল শব্দেৰে বস্তু কৰে ভন্মময়।
সকলো মানুহে তাক বোলে ইন্দ্ৰ-শৰ।
বজ্ৰ নাম ধৰে সিটো,-আকাশত ঘৰ।

[ ২২ ]
 

জল, স্থল, আকাশৰ জুৰি সৰ্ব্ব ঠাই
হিংসুক পদাৰ্থ বাস কৰে কত হায়।
মানৱ! ৰাখিবা তুমি ভয় ইবোৰলৈ—
সবাতো অধিক ভয় ৰাখিবা নিজলৈ!

————

স্যমন্তকোপাখ্যান *

 নিগ্ন ৰজাৰ দুজন পুতেক আছিল, প্ৰসেন আরু সত্ৰাজিত। এদিন সত্ৰাজিতে সাগৰৰ পাৰত গৈ সূৰ্য্যস্তুতি কৰিলে। তেওঁ এক মনেৰে স্তুতিবাদ কৰাত, সূৰ্য্য আহি তেওঁৰ আগত থিয় হল৷ সূৰ্য্যৰ অস্পষ্ট মূৰ্ত্তি দেখি, সত্ৰাজিতে সূৰ্য্যক কলে, “মই আপোনাক আকাশত যেনে জুইকুৰৰি নিচিনা দেখিছিলোঁ, আপুনি এতিয়া আগত থকাতো তেনে দেখিছে। মই আপোনাৰ অনুগ্ৰহৰ প্ৰভেদ একো দেখা নাই।”

 এনে কোৱাত, ভগবান সূৰ্য্যদেৱে, নিজ কণ্ঠৰপৰা স্যমন্তক নামৰ মণি সোলোকাই একাষত নমাই থলে। তেতিয়া সত্ৰাজিতে, তেওঁৰ অলপ-তামবৰণীয়া আৰু জল্‌মলীয়া শৰীৰ, আরু অলপ-পিঙ্গল বৰণৰ চকু দেখিবলৈ পালে; আরু প্ৰণিপাত কৰি স্তৱ কৰিবলৈ ধৰিলে৷ সূৰ্য্যদেৱে সত্ৰাজিতক কলে,“তোমাৰ অভিমত বৰ লোৱাঁ।” সত্ৰাজিতে সেই শ্ৰেষ্ঠ মণিৰত্ন খুজিলে। সূৰ্য্যে তাকে দি আকাশৰ নিজ ঠাইলৈ উঠি গল।


 * মূল সংস্কৃত বিষ্ণুপুৰাণৰপৰা ভাঙ্গনি। [ ২৩ ]
 

 সত্ৰাজিতে কণ্ঠত সেই নিকা মহামণি পিন্ধি, সূৰ্য্যৰ দৰে ৰশ্মিৰে দিগ্-দিগন্ত পোহৰ কৰি দ্বাৰকাত সোমাল।

 দ্বাৰকাৰ মানুহবিলাকে তেওঁক অহা দেখি, শ্ৰীকৃষ্ণক প্ৰণিপাত কৰি কলে, “হে প্ৰভু! আপোনাক চাবলৈ নিশ্চয় সূৰ্য্য আহিছে। এনে কোৱাত ভগৱন্তে হাঁহি কলে, এওঁ সূৰ্য্য নহয়, সত্ৰাজিত; সূৰ্য্যে দিয়া স্যমন্তক মহামণি পিন্ধি ইয়ালৈ আহিছে। তেওঁক নিঃশঙ্ক হৈ চোৱাঁ। ইয়াকে শুনি সকলো গল।

 সত্ৰাজিতে স্যমন্তক মহামণি নিজৰ ঘৰত থৈ দিলে। সেই মণিয়ে প্ৰতিদিনে আঁঠ ভাৰ* সোণস্ৰাৱ কৰে। তাৰ প্ৰভাৱত অনাবৃষ্টি, হিংসুক জন্তু, চোৰ, আকাল আদিৰ ভয় নেথাকে।

 সেই মণি উগ্ৰসেন ৰজাৰ যোগ্য ভাবি,কৃষ্ণে তাক লবৰ লোভ কৰিলে। কিন্তু জ্ঞাতিবিৰোধৰ ভয় কৰি, লব পাৰিও নললে।

 সত্ৰাজিতেও, কৃষ্ণে স্যমন্তকৰ লোভ কৰিব বুলি জানি, তাক প্ৰসেনক দিলে। যদি শুচিভাৱে সেই মণি পিন্ধা যায়, তেনেহলে সি সোণস্ৰাৱ কৰে, আরু অনেক গুণ-উৎপাদন কৰে, নহলে যি তাক পিন্ধিব, তাকে বধ কৰিব। প্ৰসেনে মৃগয়াৰ নিমিত্তে, ঘোড়াত উঠি, কণ্ঠত স্যমন্তক মণিৰে অৰণ্যলৈ গল। তাত সিংহৰ দ্বাৰা তেওঁৰ বধ হ'ল। সিংহে, ঘোড়াকে তেওঁকে মাৰি পৰিষ্কাৰ মণিৰ মুখত লৈ যাবৰ উদ্যোগ কৰিলে, এনেতে ভালুকৰ ৰজা জাম্ববানে তাক দেখিলে, আরু বধিলে।


 * ভাৰৰ জোখ: ৫গুঞ্জ=১মাষ; ১৬ মাষ=১ কৰ্ষ, ৪ কৰ্ষ=১পল; ১০০ পল=১তুলা; ২০ তুলা= ১ভাৰ। [ ২৪ ]
 
জাম্ববানেও সেই নিৰ্ম্মল মণিৰত্ন লৈ নিজৰ গাঁতত সোমাল, আরু তাক সুকুমাৰক নামৰ পুতেকক উমলিবলৈ দিলে।

 প্ৰসেনক উলটি নহা দেখি, কৃষ্ণে মণিৰত্ন পাবলৈ অভিলাষ কৰিছিল, কিন্তু নেপালে, নিশ্চয় এইটো তেওঁৰ কাম, প্ৰসেনক আনে মৰা নাই, এই বুলি যদুবংশৰ সকলোৱে কণাকাণি কৰিবলৈ ধৰিলে।

 এই অপবাদ শুনিবলৈ পাই, শ্ৰীকৃষ্ণে লগত অনেক সৈন্য লৈ প্ৰসেনৰ ঘোড়াৰ খোজে খোজে গল, আরু সিংহে মাৰি থোৱা ঘোড়া আরু প্ৰসেনক দেখিলে। সিংহৰ খোজ দেখাত, সকলো মানুহৰ কৃষ্ণৰ ওপৰত হোৱা সন্দেহ গুচিল। কৃষ্ণে সিংহৰ খোজ অনুসৰণ কৰিলে। অলপ বাট গৈয়েই, তেওঁ ভালুকে বধা সিংহকো দেখিবলৈ পাই, মণিৰ আদৰত ভালুকৰ খোজ ধৰি গল। সকলো যদুসৈন্যক পৰ্ব্বতৰ দাঁতিত থৈ, তেওঁ খোজ নিহালি গৈ গাঁতত সোমাল। আধা সোমায়েই, তেওঁ ধায়ে এই বুলি সুকুমাৰকক নিচুকুওৱা কথা শুনিবলৈ পালে,—

সিংহ বধে প্ৰসেনক, জাম্ববানে বধিলে সিংহক।
সুকুমাৰক! নেকান্দাঁ, তোমাৰ ই মণি স্যমন্তক।

 এই কথা শুনি, স্যমন্তকৰ বৃত্তান্ত জানিব পাৰি, কৃষ্ণে ভিতৰ সোমাই দেখিলে গৈ, ধায়ে, হাতত ৰশ্মিৰে উজ্জ্বল স্যমন্তক মণি লৈ লৰা ওমোলাইছে। ধায়ে, স্যমন্তকৰ লোভ বুজোৱা চকুৰে অপূৰ্ব্ব পুরুষক দেখি ভয়ত, ৰক্ষা কৰাঁ, ৰক্ষা কৰাঁ বুলি চিঞৰিবলৈ ধৰিলে। [ ২৫ ]
 
জাম্ববানে আৰ্ত্তনাদ শুনি খঙ্গত জ্বলি আহিল। দুইৰো যুঁজ লাগিল। যুঁজত একইছ (১) দিন যায়। যদু সৈন্যবিলাকে, কৃষ্ণ ওলাব বুলি আঁঠ দিন (২) বাট চালে। তেওঁক নোলোৱা দেখি, গাঁতত এওঁৰ নিশ্চয় নাশ হব পায়, নহলে শক্তজয় কৰোঁতে ইমান দিন লাগিব কিয়, ইয়াকে ঠিক কৰি, সিহঁত দ্বাৰকালৈ উলটি, কৃষ্ণ মৰিল বুলি উলিয়াই দিলে। তেওঁৰ বন্ধুবান্ধৱে, মৰণত কৰিবলগীয়া, শৰাধ আদি সকলো প্ৰেতকাম কৰিলে। কৃষ্ণলৈ ভক্তি থকাত, সৈন্যবিলাকে উলটিবৰ সময়ত, চাউল পানী আদি আহাৰ থৈ আহিছিল। সেইবিলাক আহাৰৰ দ্বাৰা যুঁজত কৃষ্ণৰ বলপ্ৰাণৰ পুষ্টি হৈছিল। অনুদিন অতি বলৱন্ত পুৰুষৰ আঘাতৰ দ্বাৰা অঙ্গপ্ৰত্যঙ্গ জৰ্জ্জৰিত হোৱাত, আরু অনাহাৰত, জাম্ববান শক্তিহীন হল। কৃষ্ণৰদ্বাৰা পৰাজিত হৈ, জাম্বুবানে প্ৰণিপাত কৰি কলে, ”দেৱ, দানৱ, যক্ষ, গন্ধৰ্ব্ব, ৰাক্ষস আদিয়েও আপোনাক জিকিব নোৱাৰে, পৃথিবীত থকা আমাৰ নিচিনা অল্পবীৰ্য্য প্ৰাণীৰ কথা কি! অৱশ্যে আপুনি, মোৰ প্ৰভু নাৰায়ণৰ অংশেৰে হৈছে।” কৃষ্ণে ৰং পাই, জাম্ববানৰ পিঠিত হাত বুলাই যুঁজৰ ভাগৰ গুচালে। জাম্ববানে কৃষ্ণক আরু প্ৰসন্ন কৰি, কৃষ্ণ উলটিবৰ সময়ত, জাম্বৱতী নামৰ নিজৰ জীয়েকক তেওঁৰে বিয়া দিলে, আরু সেয়ে যেন আগমন-কালৰ পূজা-বিধি হল। জাম্ববানে প্ৰণিপাত কৰি, তেওঁক স্যমন্তক মণিও দিলে।

 (১) শঙ্কৰদেৱে কীৰ্ত্তনত আঁঠাইছ দিন বুলি লিখিছে।

 (২) কীৰ্ত্তনত বাৰ দিন আছে। [ ২৬ ]
 

তেনেকুৱা প্ৰণতজনৰপৰা মণি লোৱা অনুচিত হলেও, কৃষ্ণে তাক আত্মশুদ্ধিৰ নিমিত্তে ললে, আরু জাম্বৱতীৰে সৈতে দ্বাৰকালৈ আহিল।

 কৃষ্ণৰ অহাত, দ্বাৰকাবাসীৰ অতুল আনন্দ হল। তেওঁক দেখা মাত্ৰকে, বুঢ়া মানুহো যেন ডেকা হল। বসুদেৱ, আন যাদৱবিলাক আৰু তিৰোতাবিলাকে তেওঁবিলাকৰ ভাগ্যৰ প্ৰশংসা কৰি, কৃষ্ণক আদৰ-সমাদৰ কৰিলে।

 কৃষ্ণে সকলো যাদৱবিলাকৰ আগত, যেনে যেনে ঘটনা হৈছিল, সেইবিলাকৰ আনুপূৰ্ব্বিক বৰ্ণনা কৰিলে। তেও সত্ৰাজিতক স্যমন্তক দি মিছা কলঙ্কৰপৰা মুক্তি পালে, আরু জাম্বৱতীক অন্তঃপুৰলৈ নিলে।

———


তোপনি।

পবিত্ৰ ঘামেৰে শৰীৰ তিয়াই,
বনুৱা উভতি আহি ঘৰ পায়;-
শান্তি লভে তেও কোলাত তোমাৰ,
পাহৰি সকলো দুখ বা বেজাৰ।

ভাবুকৰ মন বিচেষ্টা, অথিৰ;
একোতে নেপায় ভাবনাৰ তীৰ;
নিচুকুৱাঁ আহি তুমি সিজনক,
চকু ঢাকি যেনে মাতৃৱে পুত্ৰক।

[ ২৭ ]
 

পাপীয়ে আলচে ঘোৰ কুমন্ত্রণা,
অশেষ পাপৰ কৰে আৰাধনা;
তললৈ হাওলে পাপৰ ভৰত,
কলা চিন তাৰ বিচৰে মুখত ;

তুমিয়ে লুকুৱাঁ ক্ষণকাল তাৰ
সকলো দুশ্চিন্তা, আকৃতি এন্ধাৰ।
তােমাৰ ছাঁয়াত জীৱন, শুৱনী।
হাত যোৰোঁ, মােক নেৰিবা, তােপনি!

————


দশােপদেশ ।

 ১। জ্ঞানীৰ উপদেশ নােপােৱাকৈ কোনাে জ্ঞানী হব নােৱাৰে।

 ২। ধম্মহীন জীৱন, আরু শাহ নাইকিয়া খােল একে কথা।

 ৩। পাপহীন মন প্রফুল্ল থাকে।

 ৪। জোনৰ কলঙ্ক আছে, ধাৰ্ম্মিকৰ কলঙ্ক নাই।

 ৫। ঈশ্বৰৰ অবিচাৰ নাই।

 ৬। জ্ঞানৰ পােহৰ পূৰ্ণজোনৰ পােহৰতকৈ বেচি।

 ৭। জীৱনৰ লক্ষ্য ঠিক কৰি লবা।

 ৮। যত উপদেশ নেথাকে, তাক ৰসিক কথা বুলিব নোৱাৰি ।

 ৯। অজ্ঞানতাতকৈ অলপজ্ঞান বেয়া।

 ১০। ধৈৰ্য্য সকলো অমঙ্গলৰ ঔষধ।

————

[ ২৮ ]

এক জালোৱাই।-আৰব্য উপন্যাস।

 কোনো এটা জালোৱায়ে মাছ মাৰি থাকোঁতে, জালত এবাৰ এটা পিতলৰ পাত্ৰ উঠিল। পাত্ৰৰ মুখত নিসন্ধিকৈ সোপা লগোৱা আছিল। জালোৱায়ে পাত্ৰটো বামলৈ তুলি, ভিতৰত কি আছে চাবৰ মনেৰে, সোপাটো গুচাই দিলে। তেতিয়া তাৰ ভিতৰৰপৰা, ওপৰলৈ ধোৱাঁ ওলাবলৈ ধৰিলে, আরু ক্ৰমে চক্ৰাকাৰেবে উধাই গৈ আকাশ লঙ্ঘিলে। তেতিয়া সেই ধোৱাঁবিলাকে এটা ভয়ানক দৈত্যৰ মূৰ্ত্তি- পৰিগ্ৰহ কৰি, জালোৱাইৰ সন্মুখত থিয় হল, আরু তাক কবলৈ ধৰিলে, “মই ঈশ্বৰৰ বিদ্ৰোহাচৰণ কৰিছিলোঁ, আরু ধৰ্ম্মবীৰ সোলোমনৰ বশ্যতা স্বীকাৰ নকৰিছিলোঁ। সেই অপৰাধত, তেওঁ প্ৰধান মন্ত্ৰীৰ পুতেক আসাফক মোক দণ্ড দিবৰ নিমিত্তে আদেশ কৰে। আসাফৰ দ্বাৰা পৰাজিত হোৱাত মোৰ এই অৱস্থা ঘটিল। মোক পাত্ৰটোৰ ভিতৰত সুমাই, সোলোমনে নিজে তাৰ মুখত নাম-মোহৰ কৰি দিলে, যাতে তাক ভাঙ্গিবলৈ মোৰ শক্তি নেথাকে। মই প্ৰতিজ্ঞা কৰিলোঁ, প্ৰথম শতাব্দীৰ ভিত- ৰত যেয়ে মোক উদ্ধাৰ কৰিব, মই তাক প্ৰভূত ধনৰ অধিপতি কৰিম; কিন্তু সেই কালৰ ভিতৰত কোনেও মোৰ মুক্তি নিদিলে। তাৰ পাচত শপথ কৰিলোঁ, দ্বিতীয় শতাব্দীত যেয়ে মোক নৈৰপৰা তুলি মুকলি কৰিব, তাক মাটিৰ তলত থকা সকলো ধন-সম্পত্তি উলিয়াই দিম; কিন্তু সেই বাৰৰ একো ফল নহল। তাৰ পাচত অঙ্গীকাৰ কৰিলোঁ, তৃতীয় শতাব্দীত যি [ ২৯ ] মোৰ পৰিত্ৰাণ কৰিব, তাক প্ৰতাপী ৰজা কৰিম, আৰু প্ৰতি দিনে তাৰ ইচ্ছানুযায়ী তিনটা বৰ দিম; কিন্তু সেই বাৰো মোৰ বন্ধন নুগুচিল। তাৰ পাচত মোৰ খং উঠি এই প্ৰতিজ্ঞা কৰিলোঁ, এতিয়াৰপৰা যি মোক মোকোলাব, মই তৎক্ষণাৎ তাৰ প্ৰাণসংহাৰ কৰিম। মই দয়া-প্ৰকাশ নকৰোঁ, কেৱল তাক কেনেকুৱা মৰণ লাগে, সেইটো সি বাছি লব পাৰিব। তই তৃতীয় শতাব্দী অতীত হোৱাৰ পাচে মোৰ বন্দীভাৱ মুক্ত কৰিলি; সেই বাবে এতিয়া মই তোৰ প্ৰাণ-হন্তাৰক হম।” জালোৱায়ে বিস্তৰ কাকৃতি কৰিলে আরু কলে, উপকাৰৰ পুৰস্কাৰ কেতিয়াও অপকাৰ নহয়। দৈত্যে কলে, “তই হেজাৰৰ যুক্তি দেখা, মোৰ প্ৰতিজ্ঞা অটল”। টানত বুদ্ধি ওলায়। জালোৱায়ে কলে, “তোমাৰ আকাৰ ইমান ডাঙ্গৰ; তুমি যে এনে এটি সৰু পাত্ৰত আবদ্ধ আছিলা, সম্ভৱ নহয়। মই এই কথাত কোনোমতে বিশ্বাস কৰিব নোৱাৰোঁ। তুমি যদি পুনৰায় ইয়াত সোমাই দেখুওৱাঁ, তেতিয়া হে মোৰ প্ৰত্যয় হব”। দৈত্যটো তৎক্ষণাৎ ভাগি গৈ ধোৱাঁময় হল, আৰু পাত্ৰটোৰ ভিতৰত একণো বাকি নথকাকৈ সোমাল। তেতিয়া জালোৱায়ে, মনত ৰঙ্গেৰে, পূৰ্ব্বৰ ঢাকনীৰে মুখ আবৃত কৰি পাত্ৰটো নৈত দলিয়াই পেলালে।

পৃথিবীৰ আকাৰ।

তুমি ভাবিব পাৰাঁ যে পৃথিবীখন চেপেটা, আরু সকলো বাধা-অতিক্ৰম কৰি, যদি কোনোৱে গৈ থাকিব পাৰিলে[ ৩০ ] হেঁতেন, তেনেহলে সি পৃথিবীৰ মূৰ ধৰিলেগৈহেঁতেন। কিন্তু বাস্তবিকে এই বিশ্বাস সঁচা নহয়। পৃথিবী এটা সুমথিৰা টেঙ্গাৰ নিচিনা ঘূৰণীয়া; আৰু দুই মুৰ অলপ সোমোৱা। সেই মূৰ দুটাৰ নাম মেরু। উত্তৰ মেরুৰ নাম সুমেরু, আরু দক্ষিণ মেরুৰ নাম কুমেরু।

 তুমি যদি সাগৰৰ পাৰত থকা এটা ওখ পৰ্বতত উঠাঁ তেনেহলে চকুৰে বহুত দূৰ দেখিবলৈ পাবা। তেতিয়া তুমি, তোমাৰ ফালে অহা জাহাজ এখনৰ গতিনিৰীক্ষণ কৰিবা। তুমি প্ৰথমতে জাহাজৰ কেৱল মাস্তুল দেখিবলৈ পাবা, কিন্তু যিমান সি ওচৰলৈ আহিব, সিমান তাৰ তলৰ অংশবিলাক দেখি যাবা। পৃথিবী ঘূৰণীয়া নহলে, এনে কেতিয়াও নহলহেঁতেন।

 আকৌ, যোৱা জহাজলৈ মন কৰিলে দেখিবলৈ পাবা যে, প্ৰথমে তাৰ তলিখন সাগৰত লুকাব। কিন্তু যিমান আঁতৰিব, বাকি অংশবিলাক ক্ৰমে ক্ৰমে সিমান লুকাই যাব, আরু অৱশেষত জাহাজ একেবাৰে অদৃশ্য হব। এইবিলাক কথাৰপৰা তুমি সিদ্ধান্ত কৰিব পাৰাঁ যে, পৃথিবী গোলাকাৰ।

 যদি কোনো এঠাইৰপৰা জাহাজ-যাত্ৰা কৰা যায়, আরু দিক-পৰিবৰ্ত্তন নকৰি গৈ থকা যায়, তেনেহলে তুমি ঘুৰি আহি পুনৰ সেই ঠাইত ওলাবাহি। অনেক লোকে এই কথাৰ প্ৰমাণ কৰিছে। পৃথিবীখন ইমান ডাঙ্গৰ যে, অনেক মাহত হে এই ভ্ৰমণৰ শেষ হয়। যদি এখন ৰেলগাড়ী ঘণ্টা ৩০ মাইল হিচাবে কতো নোৰোৱাকৈ যায়, তেনেহলে এটা চকৰ দিবলৈ, এমাহৰ ওপৰ লাগিব। [ ৩১ ]  যদি পৃথিবীৰ ভিতৰে দি এটা মেৰুরুৰপৰা আনটোলৈ এডাল সৰল ৰেখা টনা যায়,তাৰ দৈৰ্ঘ্য ৭৮১৯ মাইলতকৈ বেচি হব। ইয়াৰ নাম মেরুদণ্ড। যদি পৃথিবীৰ আটাইতকৈ ওখ ভাগ বা বিষুব ৰেখাইদি ভিতৰে ভিতৰে এডাল সৰল ৰেখা ইমুৰৰপৰা সিমূৰলৈ অঁকা যায়, তেনেহলে সেই ৰেখাৰ দৈৰ্ঘ্য ৭৯২৫ মাইলৰ অলপ ওপৰ হব। এই ৰেখাতকৈ মেরুদণ্ডৰ দৈৰ্ঘ্য প্ৰায় চাৰে ছাবিছ মাইল কম।

ঈশ্বৰ-মহিমা।

শোভাত নিমজি উদে সূৰ্য্য কেনে,
ৰঙ্গা বৰ্ণ ধৰি, বেলিপকা যেনে!
দুপৰত পিন্ধে ৰশ্মি-আবৰণ;
প্ৰথৰ তেজেৰে আলোকে ভুবন।


—ক্ৰমে গতি কৰি পছিম-ৰখত,
উপস্থিত হয় সন্ধিয়া-ৰাজ্যত।
পিন্ধে পৰিচ্ছদ মৃদুকান্তি-ঢকা:
শোভে যেন স্বৰ্ণপদুমৰ চকা।


যেতিয়া ৰাতিত উঠে পূৰ্ণজোন,
কি তুলনা তাৰ পাব কেঁচা সোণ!
আকাশ-কুসুম নোহে জানা ভুল-
পুৰ্ণিমাৰ চন্দ্ৰ আকাশৰ ফুল।

[ ৩২ ]

লুকালে সূরুজ পছিম-গিৰিত,
সরু সরু তৰা হয় বিকসিত।
কৰে শান্তধীৰে জ্যোতি কম্পমান্;
কেনে নো প্ৰসন্ন আকাশ উদ্যান।

ধৰিছে পৰ্ব্বত শিখৰৰ সাৰি-
স্বৰ্গৰ জখলা হয় যেন পাৰি।
নীলবৰ্ণ শোভা ধৰি চকু ৰমে।
মেঘাৱলী নামি ওপৰত ভ্ৰমে।

চোৱাঁ, অবিৰাম নদী চলি যায়;
বুকুত বিবিধ তৰঙ্গ খেলায়।
জানিবা, ইবোৰ ঈশ্বৰ-সৃজন;
কৰিছে তেওঁৰ মহিমা-কীৰ্ত্তন।


সত্য।

সত্য বুলিবলৈ নকৰিবা ভয় :
সত্যৰ ৰক্ষক আপুনি ঈশ্বৰ।
সত্য-পতাকাৰ হব জানা জয়।
শেষত সত্যৰ স্বৰগত ঘৰ।

[ ৩৩ ]

ৰাম-বনবাস।

 দশৰথে ঠিক কৰিলে, তেওঁ ৰামক ৰাজ্য এৰি দি নিজে ধৰ্ম্ম-কামত মন দিব। পাত্ৰ, মিত্ৰ সকলো আনন্দিত হল; সকলোৱে ৰজাৰ তেনে সুন্দৰ প্ৰস্তাৱৰ প্ৰশংসাবাদ কৰিবলৈ ধৰিলে। দশৰথ কলে, “কাইলৈ যুবৰাজৰ অভিষেক হব। মোৰ ৰাজ্যৰ প্ৰত্যেক ঘৰত মঙ্গলাচৰণ হওক। দুখী দৰিদ্ৰ সকলোৰে অভিলাষ পূৰ্ণ কৰা যাওক।” ৰাজ্যত মঙ্গলময় অনুষ্ঠান হল, প্ৰজাৰ মনত মধুময় আনন্দ হল, দুখী দৰিদ্ৰে অপৰ্যাপ্ত দান পাই ৰঙ্গত উত্ৰাৱল হল। চাৰিওপিনে গান বাজনাৰ সোঁত ববলৈ ধৰিলে, হৰ্ষৰ কোলাহলে আকাশ লঙ্ঘিলে। এইবিলাক সুখশব্দ শুনিবলৈ পাই, জন্তু আৰু চৰাইবিলাকৰো মনত কেনেবা ভাবৰ উদয় হল। সিহঁতৰ মন আনন্দত ওফন্দি আহিল; সিহঁতে স্থিৰে থাকিব নোৱাৰি চঞ্চল হৈ ফুৰিবলৈ ধৰিলে। জন্তুবিলাকে বিলাসভঙ্গীৰে ডেওৱাডেৱি কৰিবলৈ, আৰু চৰাইবিলাকে নানা সুৰেৰে গান কৰিবলৈ ধৰিলে। মুঠতে, অযোধ্যা আনন্দময় পুৰী হল।

 কৈকেয়ীৰ মন্থৰা নামেৰে এজনী কুটবুদ্ধি বেটী আছিল। ৰাম ৰজা হব বুলি শুনি, তাই লৰি গৈ কৈকেয়ীক নানাপ্ৰকাৰ কুপৰামৰ্শ দি ভূলাবলৈ লাগিল। তাই কলে, “তোমাৰ সতিনী ৰাজমাও হব। তোমাৰ ভৰতে, চিৰকাল ৰাজ্যভোগৰপৰা বঞ্চিত হৈ লোকৰ অধীনত দুখেৰে কাল কাটিব। তুমি এইবিলাক, চকুৰে চাই থাকিব নোৱাৰিবা।” তিৰোতাৰ মনত স্বভাৱতঃ শক্তি নাই। মন্থৰাৰ দুষ্ট বুদ্ধিত, কৈকেয়ীৰ [ ৩৪ ] মন পালটিল। তেওঁৰ মনক, একেবাৰে কুৰ্চুট, খিয়াল, খং আদিযে অধিকাৰ কৰিলে, আৰু ৰামৰ প্ৰতি যি স্নেহ, মমতা আছিল, তিলেকতে সকলো ধ্বংস পালে।

 কৈকেয়ীযে মন্থৰাক উপায় সুধিলত, তাই কলে, “অসুৰ যুজৰ সময়ত মহাৰাজৰ শৰীৰ কাতৰ হোৱাত, তুমি তেওৰ বিস্তৰ শুশ্ৰুষা কৰিলা। তাতে সন্তুষ্ট হৈ, মহাৰাজে তোমাক দুটা বৰ যাচে। সেই দুই বৰেৰেই এতিয়া তোমাৰ বাঞ্ছিত কাম সম্পন্ন হৰ।” এই বুলি মন্থবই, কৈকেয়ীক অভিপ্ৰায- সিদ্ধিৰ উপযোগী বুদ্ধি শিকাই দিলে। কৈকেযীযে গাৰ অল ঙ্কাৰ আদি খহাই, মুখ মোলান আৰু চুল আউলবাউল কৰি মাটিত পৰি, ৰজা আহিবলৈ বাট চাই থাকিল।

 দশৰথ আহি, কৈকেয়ীৰ এনে দুৰৱস্থা দেখি বিষাদিত হল, আৰু কোমল কথাৰে কৈকেয়ীক দুখৰ কাৰণ ঘনে ঘনে সুধিবলৈ ধৰিলে। কৈকেয়ীযে এতো কথা নকৈ, অধিক কৈ কপটীয়া কান্দোন কান্দিবলৈ ধৰিলে। চকুলোবে গাল দুখনি তিতিল, আৰু তাত ধূলি লাগি, যেন সৰল, প্ৰেমপূৰ্ণ শোভা হল। তেতিয়া তেওঁৰ মুখখনিয়ে দশৰথৰ হৃদয় কাঢ়ি নিলে। দশৰথে প্ৰতিজ্ঞা কৰি কলে, “সত্যে কৈছোঁ, তোমাক যিহকে লাগে, মই তাকে দিম। তোমাৰ যেনে কি দুখ হওক, মই তাক গুচাম। তুমি চকুলো মুছি মাটিৰপৰা উঠা।” কপটীয়া পদুম-কুলত বিহ ওলাল। কৈকেযীয়ে নিচুকি, ধম্মক সাক্ষী কবি, নিদাৰুণ জিবাৰে কবলৈ ধৰিলে, “মহাৰাজ! যেতিয়া অসুৰ-যুঁজত আপোনাৰ বেদনা হয়, মই আপোনাক সেৱা- যা কৰিবলৈ নথলোঁ। আপুনি প্ৰসন্ন হৈ মোক দুটা বৰ [ ৩৫ ] দিব খোজে। এতিয়া মোক সেই বৰ লাগে। এক বৰেৰে ভৰতৰ ৰাজপদত অভিষেক, আন বৰেৰে ৰামৰ চৈধ্য বছৰ বনবাস প্ৰাৰ্থনা কৰিলোঁ। আপুনি প্ৰতিজ্ঞাপালন কৰি সত্য- ধম্মৰক্ষা কবোক।”

 দশৰথৰ বুকুত শেল, মূৰত বজ পৰিল। তেওঁ অজ্ঞান হৈ, ঠাচ্-কৰে মাটিত লুটি খাই পৰিল। কিছু কালৰ পাচত চেতনা পাই, কৈকেয়ীক নানাৰকমে বুজাবলৈ, আৰু এনেকুৱা কঠোৰ কাৰ্য্যৰপৰা ক্ষান্ত হবলৈ, তেওঁক বহুতকৈ মাতিলে। কৈকেয়ীয়ে সকলো কাবৌকোকালিলৈ পিঠি দি, বাৰে বাৰে ৰজাক প্ৰতিজ্ঞাৰ কথা সোৱঁৰায়। দশৰথে ধৈৰ্য্য হেৰুৱাই বিমোহিত হল। জ্ঞান পাই, পুনৰ্ কৈকেয়ীক কাকূতি কৰি- বলৈ ধৰিলে। কিন্তু দুষ্টৰ, মৰমৰ বুকু নাই। কৈকেয়ীৰ মন অটল ৰল। দশৰথ কেতিয়াবা মুৰ্চ্ছা গৈ থাকে, কেতি- য়াবা জ্ঞান পাই কৈকেয়ীক কাতৰ মিনতি কৰিবলৈ ধৰে। এইদৰে তেওঁৰ ৰাতি পুৱাল। তেওঁ কৈকেয়ীক বৰ দিবলৈ পূৰ্ব্বে প্ৰতিজ্ঞা কৰিছিল, এতিয়া কৈকেযীৰ অভিলাষ পূৰ্ণ কৰিবলৈ আকৌ প্ৰতিজ্ঞা কৰিলে, এই দুই প্ৰতিজ্ঞাৰে দশৰথ দুখত তল গল।

 সূৰ্য্য ওলাই জগতক পোহৰ দিলে। শিষ্যসমন্বিতে বশিষ্ট, বামদেৱ ঋষি সকল, আরু আন আন ৰজাবিলাক আহি ৰাজ- সভাত উপস্থিত হল। সোণৰ কলচীত নানা তীৰ্থৰপৰা অনা পানী থোৱা হল, আৰু অভিষেকৰ যোগ্য সকলো বস্তু সজোৱা হল। ৰজাৰ অহাত বেলি দেখি, বশিষ্টে, অন্তঃপুৰৰপৰা তেওঁৰ বাতৰি আনিবলৈ ৰামক আদেশ কৰিলে। [ ৩৬ ]  দশৰথ বাহ্যজ্ঞান শূন্য হৈ আছিল। ৰামে তেওঁক হঠাৎ তেনেকুৱা অৱস্থাত দেখি, আচৰিত মানিলে, আরু শোকা- কুল হল। ৰামে বেলিয়ে বেলিয়ে পিতৃদেওক তাৰ কাৰণ সুধিবলৈ ধৰিলে, কিন্তু একো উত্তৰ নেপালে। তেতিয়া ৰামে বৰ আগ্ৰহেৰে কৈকেয়ীক সুধিলে, আৰু কলে, “মাতৃ! কওক, পিতৃদেওৰ কি হৈছে। মোৰ প্ৰাণ অস্থিৰ হৈছে, বেগই তেওঁৰ দুখৰ কাৰণ কওক। তেওঁক প্ৰসন্ন কৰিবলৈ যি কৰিব লাগে, মই তাকে কৰিবলৈ সাজু আছোঁ৷ তেওঁক সন্তোষ দিবলৈ, মই ৰাজ্য এৰি গৈ বনবাস খাটিব পাৰোঁ। আপুনি অতি শীঘ্ৰে কওক, মোক দুখৰ সাগৰত সৰহ বেলি পেলাই নথব।” কৈকেয়ীয়ে মনত আনন্দ পাই কলে, “মহাৰাজে পূৰ্ব্বে মোক দুটা বৰ দিবলৈ অঙ্গীকাৰ কৰিছিল। এতিয়া মই তেওঁক সেই বৰ খুজিছোঁ। এক বৰেৰে তুমি চৈধ্য বছৰ বনবাসী হবা, আন বৰেৰে ভৰত ৰাজপদত অভিষিক্ত হব। এয়ে তোমাৰ পিতৃদেওৰ শোকৰ কাৰণ। ইহকাল, পৰকাল দুয়ো কালৰ সদগতিৰ অৰ্থে মানুহে পুত্ৰকামনা কৰে। ৰাম! তুমি তোমাৰ পিতৃদেওক উদ্ধাৰ কৰা, তেওঁ অঙ্গী- কাৰত আবদ্ধ আছে। মহাৰাজৰ প্ৰতিজ্ঞাপালন কৰি, তুমি পুত্ৰোচিত কাম কৰাঁ।”

 ধৈৰ্য্যশীল, গহীন ৰামচন্দ্ৰে, কৈকেয়ীৰ এনেকুৱা মৰ্ম্মভেদী কথা শুনিও, বিচলিত নহৈ কবলৈ ধৰিলে, “মাতৃ! যদি পুতেক হৈ পিতৃদেওৰ আজ্ঞা পালিব নোৱাৰিম, তেনেহলে এই জীৱনত সকাম কি! যাৰপৰা এই সংসাৰ দেখিবলৈ পাইছোঁ, যাৰ মৰমেৰে প্ৰতিপালিত হৈ ডাঙ্গৰ হৈছোঁ, আমাৰ মঙ্গলৰ [ ৩৭ ] নিমিত্তে যাৰ সদাই ধাউতি, আমাৰ কোনো বিপদ হলে যি চকুলোৰে বাট নেদেখে, তেনে পিতৃদেওৰ সত্যপালন নকৰিলে, পৰকালত যমৰ যাতনা, ইহকালত মানুহৰ দুৰ্যশ আরু গৰিহণা হব। মই আনন্দমনেৰে বনবাস খাটিম, ভৰত ৰজা হৈ প্ৰজাপালন কৰাক। কিন্তু মোৰ এটি প্ৰাৰ্থনা, আপুনি পিতৃদেওক সান্ত্বনা দিব, মোক নেদেখি তেওঁ ব্যাকুল হব। মোক তেওঁ নিজৰ প্ৰাণটোৰ নিচিনাকৈ ভাবে।” এই কথা কৈ, ৰামে পিতৃদেওক প্ৰদক্ষিণ কৰি সেৱা কৰিলে। তাৰ পাচে মাহীয়েকক সেৱা কৰি বিদায় ললে।

 সীতাই সকলো বৃত্তান্ত শুনি মৰ্ম্মাহতা হল। তেওঁৰ চকুৰপৰা জৰ্ জৰ্ কৰে পানী পৰিবলৈ ধৰিলে। ৰামে কলে, “বেজাৰ নকৰিবা, মই চৈধ্য বছৰ বনত থাকি আকৌ উভতি আহিম। তুমি শোকাকুলা নহবা। গুরুজনৰ সেৱা-শুশ্ৰুষাত সদাই মন দিবা।” সীতাই কান্দি কালি কবলৈ ধৰিলে, “আৰ্য্যপুত্ৰ! নিশ্চয় ময়ো আপোনাৰ লগত বনযাত্ৰা কৰিম। এই চিৰদাসীক এৰি গৈ কেতিয়াও চিৰদুখিনী নকৰিব। তিৰোতাৰ স্বামীয়ে জীৱন, স্বামীয়েই শ্ৰেষ্ঠ দেৱতা। সতীৰ প্ৰধান ধৰ্ম্ম, স্বামীৰ পদসেৱা। যি তিৰোতাই স্বামীৰ লগত থাকি সদাই সেৱা-শুশ্ৰুষা কৰিব, তেওঁৰে নাৰী জনম সাৰ্থক। স্বামীৰ গতিয়ে হে তিৰোতাৰ গতি। তিৰোতাৰ জীৱন, স্বামীৰ জীৱনৰ লগত বন্ধা, তিৰোতাৰ বেলেগ জীৱন নাই। অৰণ্যত নানা কষ্ট, বহুত ক্লেশ, বিপত্তি হব, কিন্তু আপোনাৰ ওচৰত থাকিলে মই সকলো পাহৰিম, দুখক দুখ বুলি নগণিম। মই আপোনাক এৰি ইয়াত থাকিলে, মোৰ মানত এই [ ৩৮ ] ৰাজঘৰ মৰিশালি হব, ঐশ্বৰ্য্যসুখ বিহৰ ভঁড়াল হব, মণিময় কণ্ঠহাৰ কাঁইটীয়া লতা হব। আপোনাৰ লগত থাকিলে, অৰণ্যবাস মোৰ স্বৰ্গভোগ হব-গছৰ ছালৰ ৰিহামেখেলা, অপ্সৰাৰ সাজ হব, গছৰ গুটি দেৱফল হব, দৰিদ্ৰ পজাঁ ইন্দ্ৰৰ অট্টালিকা হব। বনত ফুৰোঁতে ফুৰোঁতে আপুনি যেতিয়া ভাগৰিব, এই দাসী ওচৰত থাকিলে আপোতাৰ ভাগৰ বহুত পাতল হব।” ৰামে কলে, “যদি বনলৈ নগৈ নেথাকাঁই, তেনে হলে ওলোৱাঁ, বেলি কৰাৰ প্ৰয়োজন নাই।” তেনে সময়তে লক্ষ্মণ আহিল। ৰামে সকলো বৃত্তান্ত কৈ, বনলৈ যাবলৈ তেওঁৰ বিদায় খুজিলে; কিন্তু লক্ষ্মণেও বনমাত্ৰা কৰিবলৈ স্থিৰ কৰিলে। ৰামে তেওঁক ক্ষান্ত কৰিবলৈ কত বুজালে, কিন্তু তেওঁ এক কথাতে ৰল।

 ৰামে লক্ষ্মণক কলে, “ভাই! বলা, মাতৃদেবীৰপৰা বিদায় লৈ আহোঁ।” এই বুলি কৈ, ৰামে লক্ষণক লগত লৈ কৌশ- ল্যাৰ ওচৰলৈ গল। দেখা মাত্ৰে, আনন্দত কৌশল্যাৰ গা জুৰ পৰিল, আৰু তেওঁ ৰামৰ মুখত ঘনে ঘনে চুমা খাই কবলৈ ধৰিলে, “বোপা! মহাৰাজে আজি তোমাক সিংহাসন দিব। এতিয়া ৰঘুকুলৰ দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, যেন নিৰ্বিঘ্নে ৰাজ্যলক্ষ্মীউপভোগ কৰি প্ৰজাপালন-ধৰ্ম্ম ৰক্ষা কৰাঁ।”

 ৰামে আদ্যোপান্ত ঘটনাৰ বৰ্ণনা কৰিলে। হায়! স্নিগ্ধ আনন্দত, তীব্ৰ শোক! অমৃতৰ হৃদয়ত বিষৰ জঞ্জলি! কৌশল্যা বতাহত পৰা গছৰ নিচিনাকৈ মাটিত পৰি মূৰ্চ্ছা গল। অলপ বেলিৰ পাচত জ্ঞান পাই, ৰামক বনযাত্ৰাৰ [ ৩৯ ] পৰা ক্ষান্ত কৰিবৰ নিমিত্তে নানাৰকমে বুজাবলৈ নথলে। কিন্তু ৰামৰ বিশাল, দয়াৰ বুকুৱেও কৰ্ত্তব্যজ্ঞানক তল পেলব নোৱাৰিলে। তেওঁ কলে, “মাতৃ। জগতত সত্যই সনাতন ধৰ্ম্ম। পিতৃদেওৱে তেনে সত্যত বান্ধ খাই আছে। যদি মই পিতৃসত্যপালন নকৰোঁ, তেনেহলে মোতকৈ অধাৰ্ম্মিক আরু কুপুত্ৰ এই পৃথিবীত নোলাব। আপুনি ঘৰত থাকি পিতৃদেওৰ শুশ্ৰুষা কৰিব; ভৰতক মোৰ নিচিনাকৈ মৰম কৰিব; মাজু আইক ভনীয়েকৰ নিচিনাকৈ মৰমৰ চকুৰে চাব।”

 ৰামে কোনোমতে কৌশল্যাৰপৰা বিদায় গ্ৰহণ কৰি, সুমিত্ৰাৰ ওচৰলৈ গৈ তেওঁক প্ৰণাম কৰিলে। ৰাম, লক্ষ্মণ আৰু সীতা তিনিও বনযাত্ৰা কৰিবলৈ ওলাল। এই কথা শুনা মাত্ৰে, অযোধ্যাৰ সকলো প্ৰজা নিধাতু খাই ভাগি আহিল। সিহঁতে বিলাপ কৰি তেওঁবিলাকক থাকিবলৈ কলে, কিন্তু ৰামে, সান্ত্বনা-বাক্যেৰে সকলোকে বুজাই কলে, “মোক তোমালোকে যেনে মৰম আরু ভক্তি কৰিছা, ভৰতকো তদ্ৰুপ কৰিবা। ভৰত ৰৰ ধীৰ, শান্ত, বুদ্ধিমান্, আৰু ৰাজ নীতিকুশল। ভৰত ৰজা হলে তোমালোকৰ কোনো অমঙ্গল হব নোৱাৰে।” এই বুলি প্ৰজাবিলাকক বিদায় দি, তেওঁ- বিলাকে অৰণৰ অভিমুখে যাত্ৰা কৰিলে।

সঁচলীয়া আরু মিছলীয়াৰ কথোপকথন।

সঁচলীয়া—ভিতৰ বাহিৰ মোৰ বেলেগ নহয়,

বুকুমন অকপট, সৰলতাময়। [ ৪০ ]
 

 অন্তৰে সকলো তাৰ ভাব উলিয়ায়,
 মুখলৈ উজাই আনি কথাৰে ফুটায়।
 নুলুকায় ভাব মোৰ মিছাৰ ভেঁটাত,
 মুখ আরু মন বয় একেটি ধাৰাত।
মিছলীয়া-হৃদয়ৰ ভাব মোৰ বাজলৈ নোলায়,
 মুখৰ বিৰুদ্ধে মনে শত্ৰুতা চলায়।
 অন্তৰৰ ভাব মোৰ অন্তৰে হে জানে,
 কদাপি নকও সঁচা জ্ঞানে বা অজ্ঞানে।
 মনৰ ভাবক কৰোঁ লুটিয়াই বাজ,
 পিন্ধাওঁ যতনে তাক মিছাময় সাজ।
সঁচলীয়া—জ্ঞানী সমাজত মোৰ অশেষ আদৰ।
 সকলো মানুহে মোক শলাগে বিস্তৰ।
 নেথাকে কদাপি মোৰ কথাত ছলনা।
 কোনেও নিদিয়ে মোক নিন্দা গৰিহণা।
মিছলীয়া—কথাক পিন্ধাওঁ মই সুন্দৰ বৰণ,
 দুৰ্ব্বল মানুহ-জাতি কৰোঁ আকৰ্ষণ ।
 চকুত মিছাৰ বোল পৰে সিঁহতৰ;
 নেদেখা চকুৰে মোক সমাদৰে নৰ।
 জগতত পায় সঁচা-মানুহে যিমান,
 তাতোকৈ অধিক মই পাওঁ শ্ৰদ্ধামান।
সঁচলীয়া -জানো ধৰা পৰোঁ, মোৰ নাই এনে ভয়-
 সঁচা কথা কোৱা, একো জগৰ নহয়।
মিছলীয়া—এনে পটু চক্ৰ কৰি মিছা কওঁ মই,
 ধৰা পৰিবৰ মোৰ নেথাকে সংশয়।

[ ৪১ ]
 

 দহত এবাৰ পাৰোঁ যদি কেনেবাকে’,
 এটাত পৰিম ধৰা, নটা লাভ থাকে।
সঁচলীয়া—চক্ৰ নাই মোৰ, পোন বাট ধৰি যাওঁ—
 সৰল শান্তিৰে মই দিন পঠিয়াওঁ।
মিছলীয়া-নকবা, নকবা আৰু, বুজিলোঁ আটাই।—
 মোৰ হৃদয়ত কিন্তু শান্তি নাই নাই!
 তোমাৰ অন্তৰ কেনে শান্তিৰ আশ্ৰম,
 লভিছা সদাই তুমি সন্তোষ পৰম।
 মোৰ তো হৃদয়, হায়! দুখৰ আকৰ।
 মিছাত ফুৰোঁতে মোৰ শৰীৰ জৰ্জ্জৰ ৷
সঁচলীয়া-ভাইটি! ধৰিবা সঁচা, কৰি প্ৰাণপণ,
 অৱশ্যে তোমাৰ হব শান্তিপূৰ্ণ মন।
 সাহসী বুকুৰ ধেনু, লোৱাঁ সঁচা-গুণ।
 ঈশ্বৰ-অমৃত, সঁচা—সুপবিত্ৰ গুণ।
 সামৰণি৷
 ‘মিছলীয়া’ নিজ পথ মানিলে অসাৰ-
 আলোকিলে মোহাবুত বুকৰ এন্ধাৰ।
 সঁচা বুলিবলৈ হল অঙ্গীকাৰযুত।
 চুমা খালে পৰস্পৰ দুজনে বাহুত।

————

কাল-বিভাগ।

 তোমালোকে সকলোৱে দেখিছা, দিন হয়, আরু ৰাতি হয়। কিন্তু এই কালৰ বিভাগ কেনেকৈ হয়, সেইটো তোমা[ ৪২ ]
 

লোকৰ জনা উচিত। সদাই কিয় দিন নহয়, আৰু সদাই বা কিয় ৰাতি নহয়? এই কথা জনিবলৈ হলে, পৃথিবী আরু সূৰ্য্যৰ সম্বন্ধ জানিব লাগে। পৃথিবী এটা ঘূৰণীয়া গ্ৰহ, এই কথাৰ উল্লেখ পূৰ্ব্বেই হৈছে। সূৰ্য্য ৰশ্মিময়, সি আমাক পোহৰ দিয়ে। ৰাতিপুৱা হলে, সি উদিত হয়, আরু গধূলি অস্ত যায়। কিন্তু বাস্তবিকে সূৰ্য্যে ভ্ৰমণ নকৰে। আমাৰ পৃথিবীখন ঘূৰাৰ কাৰণে হে, তাক যোৱা যেন দেখোঁ। পৃথিবীৰ আকাৰ অতিবিস্তৃত; সেই দেখি আমি তাক স্থিতিশীল বুলি ভাব কৰোঁ৷ যেতিয়া এটা লাটিম বৰকৈ ঘূৰিবলৈ ধৰে, তেতিয়া আমি তাক ৰৈ থকা যেন দেখোঁ । পৃথিবীৰ ভিতৰত মাজে মাজে এডাল সৰল ৰেখাৰ কল্পনা কৰি লোৱা; ভৌগোলিকবিলাকে তাক মেরুদণ্ড বোলে। পৃথিবী সেই কাল্পনিক ৰেখাৰ ওপৰত ঘূৰিব লাগিছে।

 এটা ডাঙ্গৰ গোলাকাৰ বস্তু, এটা চাকীৰ ওচৰত ধৰিলে আমি দেখিবলৈ পাওঁ যে, সম্মুখৰ ভাগ পোহৰ হয় আৰু পিচৰ ভাগ এন্ধাৰ হৈ থাকে। সেইদৰে একেবাৰে পৃথিবীৰ এফালে মাথোন সূৰ্য্যৰ পোহৰ পৰে। সেই পোহৰে যিমান সময় অধিকাৰ কৰে, সিমান সময়কে দিন বেলা যায়। পৃথিবী ঘূৰি থাকোঁতে, নতুন নতুন দেশ ৰাজ্যে সূৰ্য্যৰ পোহৰ পাই থাকে, আরু আগৈয়ে পোহৰ-পোৱাবিলাক লাহে লাহে এন্ধাৰেৰে আবৃত হয়। পৃথিবীয়ে নিজ মেরুদণ্ডৰ ওপৰত ২৪ ঘণ্টাৰ ভিতৰত এবাৰ ঘূৰে। পৃথিবী ঘূৰি, আমি প্ৰথমে সূৰ্য্যৰ পোহৰ পালেই ৰাতিপুৱা হয়, যিমান ঘূৰিবলৈ ধৰিব, সিমান আমি পোহৰ বেচিকৈ পাই আহিম, আরু [ ৪৩ ]
 

লাহে লাহে দুপৰীয়া, আবেলি হৈ, পাচে গধূলি হব। আমি আঁতৰি গৈ যেতিয়া পোহৰ সমূলি নোপোৱা হম, তেতিয়া ৰাতি হব। কিছু কালৰ মূৰত, আমি আকৌ সূৰ্য্যৰ আলো দেখিবলৈ পাম। এইদৰে দিন আরু ৰাতি হয়।

 পৃথিবীয়ে নিজৰ মেরুদণ্ডৰ ওপৰত যেনেকৈ ঘূৰে, সেইদৰে আকৌ সূৰ্য্যক পৰিবেষ্টন কৰি ঘূৰি থাকে। এখন গাড়ীলৈ মন কৰিলে, এই কথা বুজিব পাৰিবা। গাড়ীয়ে নিজৰ ডিলাটোৰ ওপৰত ঘূৰি থাকে, ইপিনে আকৌ বাটো গৈ থাকে। পৃথিবীয়ে যি বাটে দি সূৰ্য্যক ঘূৰে, তাৰ নাম কক্ষ। এইদৰে পৃথিৱীৰ এবাৰ ঘূৰণ হলে, এবছৰ হয়; অৰ্থাৎ প্ৰায় ৩৬৫ দিনত পৃথিবীয়ে সূৰ্য্যক এবাৰ প্ৰদক্ষিণ কৰে।

 পৃথিবীৰে আন পথে নগৈ, কিয় নো সূৰ্য্যক প্ৰদক্ষিণ কৰি থাকিব? পৃথিবীয়ে পোন বাটে যাব খোজে, কিন্তু সূৰ্য্যে তাক আকৰ্ষণ কৰে; তেতিযা সি মাজে ঘূৰিবলৈ ধৰে। সকলো জড় পদাৰ্থৰে আকৰ্ষণী শক্তি আছে। এই ধৰ্ম্ম-বশতঃ পৃথিবীয়ে গছৰ গুটি তললৈ সবায়। যাৰ যিমান ডাঙ্গৰ আকাৰ, তাৰ সিমান আকৰ্ষণী শক্তি বেচি। সূৰ্য্যে যেনেকৈ পৃথিবীক, পৃথিবীয়েও তেনেকৈ সূৰ্য্যক আকৰ্ষণ কৰে। কিন্তু সূৰ্য্যৰ আকাৰ পৃথিবীতকৈ অনেক গুণে বেচি; সেই দেখি তাৰ আকৰ্ষণী শক্তি বলৱতী হয়।


—————
[ ৪৪ ]
 

পানী।-নৈ, নিঝৰা ।

 মেঘৰপৰা যে বৰষুণ পৰে, সেই বৰষুণ কি হয়? বৰষুণপৰাৰ অন্ত হলে, কিছু সময়ৰ পাচে পানী নাইকিয়া হয়। সেই পানীৰ অলপ পৰিমাণ বাস্প হৈ ওপৰলৈ যায়, কিন্তু সৰহ ভাগ আন আন ঠাইলৈ যায়। পৃথিবীত যিমান বৰষুণ পৰে, তাৰ পৰিমাণ বহুত বেচি। কোনো ঠাইত বৰষুণ কম হয়, কোনো ঠাইত অতিৰিক্ত বৰষুণ হয়। হিচাব কৰি চোৱা গৈছে যে, বৃটিছ দ্বীপভূমি যদিও বৰষুণীয়া ৰাজ্য নহয়, তথাপি বছৰি তাত প্রায় ৬৮ ঘন মাইল বৰষুণৰ পানী পৰে। ভাৰতবৰ্ষৰ কোনাে অংশত বছেৰেকত ইমান অধিক বৰষুণ হয় যে, পৰাঠাইত সেই বৰষুণ থাকিবলৈ হলে, মাটিৰ ওপৰত ৪১ ফুট দ পানী জমিব। বাটে-পথে যি বৰষুণ-পানী হয়, সেইবিলাক সৰু সৰু ধাৰা পাতি বৈ যায়। আমি লগতে গৈ থাকিলে দেখিম যে, সেইবিলাক বৈ ওচৰৰ পথাৰত পৰিছে। সেই পানী তাতে কেতিয়াও নৰয়; তাৰপৰা বাগৰি কোনাে নলা বা খালত পৰিব—খালৰপৰা সোঁতাত পৰিব সোঁতাৰপৰা নৈত পৰিব-নৈৰপৰা ক্রমে ক্রমে সাগৰত নামিব গৈ। যিমান বৰষুণ পৰে, তাৰ তৃতীয়াংশ কি চতুর্থাংশ পানী মাথােন নৈয়ে দি বৈ সাগৰত মিলে।

 ৰদত কৰ্ক্কৰীয়া মাটিত যেতিয়া বৰকৈ এজাক বৰষুণ হয়, তেতিয়া গাঁত খানি চালে দেখা যাব যে, তলৰ মাটিবিলাক আগৰ নিচিনাকৈ শুকান হৈ থকা নাই। সেই মাটি তিতি থাকিব, আরু তাত পানীও সৰহকৈ গােট খাব। বালিয়ে [ ৪৫ ]
 

পানী বৰকৈ শোহে; কিন্তু বোকাই শুহিব নোৱাৰে। বোকাৰ কণিকাবিলাক ইটোৱে সিটোৱে ইমান চেপা খাই থাকে, যে পানী বৈ যাবলৈ বাট নেপায়। নতুনকৈ পুখুৰি খানিলে, প্ৰথম এবছৰ দুবছৰ তাত পানী নয়; কিন্তু যেতিয়া তলিত বোকা বান্ধিব গৈ, তেতিয়া তাৰ পানী শুকাই নাইকিয়া নহয়। পানীয়ে যেনিয়ে বাট পায়,তেনিয়ে তললৈ গৈ থাকিব। যেতিয়া শিল বা টান বস্তু পাব, তেতিয়া-তাতে ৰব গৈ। কিন্তু তাত থাকি বাট বিচাৰি থাকিব; আন কোনো পিনে বহিৰ্গমনৰ পথ কৰিব নোৱাৰিলে, সেইবিলাকৰ জোৰাই দি ঝৰি ঝৰি গৈ থাকি বাহিৰ ওলাব। এতিয়া আমি দেখিবলৈ পাওঁ যে পানী তললৈ গৈ কেতিয়াবা বোকা আদি অপথ ভূমিত ৰৈ থাকিব। সেই পানীয়ে যতে সুবিধাজনক পথ পাব, সেই পিনেই চলি যাব। কেতিয়াবা সেই পথ ওপৰমুখীয়া হৈ মাটি ফুটি ওলায়। তেতিয়া নিঝৰাৰ সৃষ্টি হয়। কোনো সময়ত পানী, মাটিৰপৰা, আন কি, সাগৰৰ সমতাৰপৰাও অনেক দূৰত জমে গৈ। নানা ঠাইৰপৰা পানী গৈ, তলিৰ কোনো অপথ ভূমিত একেলগ হৈ প্ৰশস্ত জলাশয় হয়, আৰু তেতিয়া ওপৰলৈ প্ৰবল বেগেৰে বহিৰ্গত হয়। এইদৰে, মাটিৰ তলভাগ পানীৰে পূৰ্ণ থাকে। মানুহে কৃত্ৰিম উপায়েৰে নাদ খানি এই পানীৰ ব্যৱহাৰ কৰে। যত কম পানী পোৱা যায়, সকলোতকৈ নিঝৰাৰ পানী নিৰ্ম্মল। পানী একেৰাৰে নিৰ্ম্মল হবলৈ, তাত অম্লজান আৰু উদজান এই দুটা বাষ্প মাথোন থাকিব লাগে। সম্পূৰ্ণরূপে নিকা পানী কোনো এটা পাত্ৰত তপতালে, সি একেবাৰে বাষ্পত পৰিণত হৈ

  [ ৪৬ ]
 
উড়ি যাব, আরু পাত্ৰ শুদা হব। কিন্তু নিঝৰাৰ পানীত আন কিছু গোটা বস্তু বাকি থাকে গৈ। তাত চুণ, লোণ, লো-আদি মিশ্ৰিত থাকে। এইবিলাক বস্তু বৃক্ষজীৱন আরু প্ৰাণী-জীৱনৰ নিমিত্তে বৰ উপকাৰী। চুণে প্ৰাণীবিলাকৰ হাৰৰ উপযোগী ধাতুৰ যোগান দিয়ে; আৰু লোৱে তেজৰ ৰং-কৰা বস্তু যোগায়। আমি এইবিলাক পদাৰ্থৰ বেচি ভাগ আহাৰৰপৰা পাওঁ; তথাপি খোৱা আৰু ৰন্ধা কাৰ্য্যৰ নিমিত্তে, বৰষুণৰ পানীতকৈ নিঝৰাৰ পানী অধিক স্বাস্থ্যকাৰী।

 শুদা মাটিত যিবিলাক জেং-পাত থাকে, আমি সেইবিলাকলৈ সিমানকৈ মন নকৰোঁ। কিন্তু যেতিয়া তাত বৰষুণৰ পানী পৰিব, তেতিয়া সেইবিলাক ওপঙ্গি উঠে, আরু লাহে লাহে পানীৰ ধাৰ ৰ লগত বাগৰি যায়। বৰষুণৰ পানীয়ে প্ৰথমতে অসংখ্য সৰু সৰু ধাৰা পাতে, পাচে দূৰত সেইবিলাকৰ সংখ্যা কম হয়, কিন্তু ধাৰাবিলাক আকাৰত ডাঙ্গৰ হয়। মাটিৰ ওপৰভাগ যদি খলা-বমা নহৈ সমান হলহেঁতেন তেনেহলে পানীবিলাক চাৰিও পোনে বাগৰি সাগৰত পৰিলগৈহেঁতেন, কিন্তু অধিকাংশ ঠায়েই ওখ-চাপৰ।।পৰ্ব্বত, পাহাড়, হ্ৰদ-আদি থকাত, সেইবিলাক ভয়ানক অসমান। যি মাটি আমি চকুৰে সমান যেন দেখোঁ, সেইবিলাকো বাস্তবিকে বহুত অসম। যেতিয়া তাত বৰষুণৰ পানী পৰি নামে দি ববলৈ ধৰে, তেতিয়া হে আমি এই কথাৰ গম ধৰিব

পাৰোঁ। পানী, মাটিৰ সমতাৰ পৰিমাণ যন্ত্ৰ। ওখ ঠাইত পানী নুঠে বা ৰৈ নেথাকে; নাম বিচাৰি বাগৰি যায়। যি পানী বাষ্প হৈ উড়ি নেযায়, নিঝৰা আরু মাটিৰ নিমিত্তে [ ৪৭ ]
 

যাৰ আৱশ্যক নাই, সেই পানী স্বাভাবিক নলাৰে গৈ সাগৰত মিলে। উচ্চভূমিত ইমান সৰহ সোঁতা দেখিবলৈ পোৱা যায়, আরু মাটিত ইমান বেচি বৰষুণৰ পানী পৰে যে, সেই বিলাকৰ দ্বাৰা দেশ প্লাবিত হব লাগিছিল। কিন্তু তেনে নহয়। যেতিয়া কোনো দুটা সোঁতা আহি সম্মিলিত হয়, সি পূৰ্ব্বৰ কোনাে এটাতকৈ আকাৰত বহল নহয়। সি তেতিয়া আকাৰত বিস্তৃত নহয়, কিন্তু বৰ দ হয়। এইদৰে দেখা যায় যে,ভূমি-ভাগে দি যদিও বহুত পানী যায়, সেইবিলাকে সৰহ ঠাই নোজোৰে।

 বৰষুণৰ পানী গৈ অৱশেষত নৈ আরু সোঁতা হয়। কিন্তু যেতিয়া ঘামকালি বহুত দিনলৈকে বৰষুণ নােহােৱাকৈ থাকে, তেতিয়া কেনেকৈ সেইবিলাক নৈ আরু সোঁতা চলি থাকিব পাৰে? বৰষুণ আরু নিঝৰা দুইটাই নৈক পানী যােগায়। যদিও বতৰ ধৰ হয়, তথাপি নিঝৰাৰপৰা পানী আহি থাকি নৈ বােৱাই থাকে। কিন্তু যেতিয়া পানীৰ আকাল হয়, তেতিয়া কোনাে কোনো বাম নিঝৰাবিলাকে ববলৈ এৰে। আরু তেতিয়া সৰু নৈবিলাকৰ পানী শুকায় বা কমি যায়। ইংলণ্ডৰ অনেক নৈবিলাকেই সরু, আৰু সেইবিলাকৰ এই দশা হয়। পৃথিবীত ‘মিচিচিপি’ প্রভৃতি যিবিলাক বৰনৈ আছে, বহুবৃষ্টি বা অনাবৃষ্টি হলেও, সেইবিলাকৰ বিশেষ গম ধৰিব পৰা পৰিবৰ্ত্তন নহয়। কোনো দেশত, শীতকাল আৰু বসন্তকালত নৈ বাঢ়ে, কোনাে দেশত বা গ্রীষ্মকাল আরু শৰৎকালত বাঢ়ে। গ্রীষ্মৰ উত্তাপ যিমান প্ৰখৰ হয়, 'ৰাইন' নৈ সেই অনুসাৰে বাঢ়িবলৈ ধৰে, আরু যিমান শীত পৰে, [ ৪৮ ]
 
সিমান পানী টুটে। এই নৈ বৰফপৰ্ব্বতৰপৰা বহিৰ্গত হৈছে। গ্ৰীষ্মকালত বৰফ দ্ৰবীভূত হয়, আরু এই কাৰণে পানী বাঢ়ে। শীতকালত বৰফবিলাক গোট মাৰি থাকে; আরু ইমান শীতৰ আধিক্য হয় যে, সোঁতাবিলাক জমি যায়। সেই কাৰণে শীতকালত এনেকুৱা নৈবিলাকৰ পানীৰ হ্ৰাস হয়।  নিঝৰাৰ পানীত অনেক খনিজ পদাৰ্থ মিহলি থাকে। সেই কাৰণে, সকলো নৈত এনেকুৱা পদাৰ্থ পোৱা যায়। ৰাইন নৈয়ে উত্তৰ-মহাসাগৰলৈ ইমান চুণগুৰি উটাই নিয়ে যে, সেইবিলাকৰপৰা তেত্ৰিছ হেজাৰ দুশ কোটি শামুক খোল হব। এইবিলাক, ৰাসায়নিক মতে মিহলি হৈ থাকে, আরু চকুৰে দেখা নেযায়। এইবিলৰপৰা পানীৰ বৰণতো একো পৰিবৰ্ত্তন নঘটে। কিন্তু কোনো সময়ত, নৈ একেবাৰে ঘোলা হয়; বোকা-আদিৰে পানী একেবাৰে অপৰিষ্কাৰ হৈ থাকে। ভাৰে ভাৰে বালি, শিলগুটি এই বিলাক উটি যাবলৈ ধৰে। সোঁতৰ কোবত, কেতিয়াবা পানীৰ তলত, শিলগুটিবিলাকে খৰ্‌খৰাই যোৱা শব্দ শুনিবলৈ পোৱা যায়। ঘাঁহনিত শিলগুটিবিলাকৰ ধাৰ নোহোৱা হয়। যেতিয়া বৰ শিলবিলাকৰ ওপৰে দি পানী গৈ থাকে, সেইবিলাক অতি সুন্দৰ-মিহি হয়। কিছুমান নৈয়ে খুব গড়া খহাই থাকে৷ আসামত ব্ৰহ্মপুত্ৰে গড়া হাই ধুবুৰীৰ অনেকাংশ নষ্ট কৰিছে। সোঁতত বিবিধ কাৰ্য্য সম্পাদিত হয়। সোঁতে সদাই নৈৰ তলি পানি থাকে। এই বাবে নৈবিলাকে লাহে লাহে দ হৈ গৈ থাকে। বালি, শিলগুটি-আদি কি হয় ? [ ৪৯ ]
 

আমি নৈত মন কৰিলে দেখিবলৈ পাওঁ যে, এইবিলাকে গৈ কোনো ঠাইত বালি-পথাৰ কৰিছে, কোনো ঠাইত বা শিলা-ভূমি সাজিছে। এইবিলাক সদাই সেই ভাৱেৰেই নেথাকে। বালিপথাৰ বা শিলা-ভূমি দুবছৰ একে ঠাইতে দেখিব পাৰোঁ, কিন্তু তাৰ বালি আৰু শিল আটাইবিলাক তাতে থকা নাই। সোঁতত অনেক উটি গৈছে, আরু অনেক নতুন আহি সেইবিলাকৰ ঠাই অধিকাৰ কৰিছে।

 যেতিয়া নৈয়ে তীৰ প্লাবিত কৰে, তাৰ লগত বোকা, বালিআদিও তীৰলৈ উঠে। নৈয়ে স্বদেশ এৰি গলে, পাৰত প্ৰতাপ কমে—তাৰ সোঁত ধীৰ হয়। সেই বস্তুবিলাক উটি নগৈ তলত গৈ থলি লয়। আরু তেতিয়া পাৰটো অলপ ওখ হয়। এইদৰে, কেইবা বছৰত গৈ, পাৰ ইমান ওখ হৈ পৰে যে, সেই নৈয়ে ভৰ-বাৰিষাতে তাক বুৰাব নোৱাৰে।

—————

প্ৰেম। *


সেই লোকে কৰে পাপ-আচৰণ,
কয় যিটো, আছে প্ৰেমৰ মৰণ;
আন যত ভাব এৰে নিজ ঠাই—
জীৱনেৰে সৈতে সকলো পলায়,
সকলোকে আন মানিবা অসত্য।


 * Southeyৰপৰা ভাঙ্গনি । [ ৫০ ]
 

স্বৰ্গত নেথাকে উচ্চ অভিলাষ,
লোভৰ নহয় নৰকত বাস;
পৃথিবীৰ ভাব পাৰ্থিব ইবোৰ,
জনম-ভূমিতে মৃত্যু সকলোৰ—
প্ৰেমৰ ভগন নাই কোনো কালে;
শুদ্ধ শিখা তাৰ জ্বলে অবিৰাম—
স্বৰ্গ গম্য স্থান, স্বৰ্গত জনম।
পৃথিবী-অতিথি সি কত যন্ত্ৰণা,
সহে অত্যাচাৰ, আৰু প্ৰবঞ্চনা;
ইয়াত সি হয় শুচি পৰীক্ষাত।
পূৰ্ণ শান্তি লভে তেতিয়া স্বৰ্গত।
যতনেৰে খাটি ইয়াত সি বয়,
প্ৰেমৰ আঘোণ কিন্তু তাত হয়।
যেতিয়া মাতৃৱে উচ্চ উদ্যানত,
দেখে গৈ পুত্ৰক হেৰুৱা বাল্যত,—
ভয, কষ্ট, আক লোতক, বেজাৰ,
উজাগৰ ৰাতি, দিন যন্ত্ৰণাৰ,
নেপাব যে সলনিত ইসৱৰ,
আহা! অতিৰিক্ত শোধ আনন্দৰ

—————

[ ৫১ ]

ঈশ্বৰৰ কৌশল।

 ডিঙ্গি চুটি দেখি হাতীৰ, শুৰৰ আৱশ্যক হৈছে; সেইদৰে আকৌ, মূৰ বৰ গধূৰ হোৱাত,ডিঙ্গিটো চুটি হব লগাত পৰিছে। আমি যদি শুৰডালৰ গোঁথনি আৰু ব্যৱচ্ছেদ পৰীক্ষা কৰি চাওঁ, তেনেহলে তাত প্ৰাণীকৌশলতাৰ এটি অতি আচৰিত উদাহৰণ দেখিবলৈ পাম। প্ৰথমত, দীঘলীয়া লেউসেউৱা হাৰৰ চুঙ্গা পাতিবলৈ; দ্বিতীয়ত, সেই চুঙ্গা কোঁচাবলৈ আৰু মেলিবলৈ; তৃতীয়ত, জন্তুটোৰ ইচ্ছাক্ৰমে তাক যেনিয়ে ঘূৰাবলৈ, সৰু আঙ্গঠি আৰু আহবিলাকৰ স্বভাৱ; তাৰ উপৰি, নিচেই আগত এডুখৰি থুহথুহীয়া মঙ্গহৰ সংযোগ। সেই মঙ্গহ এটা আঙ্গুলীৰ মান দীঘল আৰু ডাঙ্গৰ। হাতীয়ে তাৰেই একণিমান বস্তুও মাটিৰপৰা তুলিব পাৰে। একেটা শৰীৰযন্ত্ৰৰ এই আটাইবিলাক গুণ মুঠাই ধৰিলে আমি ইয়াকে পাওঁ যে, ইহঁতৰ গুৰিত অৱশ্যে এজন নিপুণ শিল্পীৰ মন্ত্ৰণা আছে, আৰু সেই মন্ত্ৰণা সাধিবলৈ বহুত আয়োজন লাগিছে ।

 বাদুলিৰ পাখিত এটা হাঁকোটা থাকে। ই আন একো নহয়; কেৱল এটা অভাৱ-পূৰ্ণকাৰী, সজা কৌশল৷ পাখিৰ চুকত, হাঁকোটাৰ নিচিনা বেঁকোৰা এটা নখ আছে। তাৰেই সি ফাট, জোৰা, বিন্ধা, আরু খহটা ঠাইত ধৰি শিল, গুহা আরু ঘৰচালৰ দাতিত লাগি ৰৈ থাকে। এই নখেৰেই আঁকুহি

লগায়; এই খোপনিতে ওলমাবাদুলি দি থাকে; আৰু এই ভাৱৰেপৰা উড়ি যায়। এইবিলাক সকলোৱে মিলি তাৰ ঠেঙ্গ শিথিলতাৰ দোষ দূৰ কৰিছে। হাঁকোটা নথকা হলে, [ ৫২ ]
 

বাদুলি সকলো প্ৰাণীতকৈ উপায়হীন হলহেঁতেন । সি নিজে ঠেঙ্গৰ ওপৰত বাট বুলিব নোৱাৰে, আরু মাটিৰপৰা ওপৰলৈ উড়িব নোৱাৰে। তাৰ এইবিলাক আশকতি, পাখিৰ কৌশলেই তল পেলাইছে। পৰমেশ্বৰেও এইবিধ প্ৰাণীৰ পাখিত নখ দি, সাধাৰণ নিয়মৰপৰা আঁতৰি আহিছে। আচৰিত ৰকমৰ ঘুণ তেওঁ আচৰিতভাৱে গুচালে।

 আঁকোৰা-বগৰ সাৰিৰ চৰ য়ে পানীত থাকি পানীতে চৰিব লাগে। তত্ৰাচ সিহঁতৰ, সাতুৰিবলৈ পতা-ঠেং নাই। এই অভাৱ পূৰাবৰ নিমিত্তে, সিহঁতক বাট বুলিবলৈ দীঘল ঠেং দিছে, বা খপিয়াবলৈ দীঘল ঠোট দিছে; কিন্তু সৰহ ভাগক দুইটা দিছে। ইয়াকে অভাৱ পূৰ্ণকৰণ বলে। এই দৃষ্টান্তৰপৰা এনেকুৱা এটি ভাল চিন্তা মনত হয় যে, প্ৰাকৃতিক জগতৰ সকলো ঠাইত কেনে উপযুক্ত প্ৰাণী বসতি কৰিছে! দ পানীত যেনেকৈ অসংখ্য সাতুৰিব পৰা চৰাই আছে, পিতনি আরু বাম বিলতো তেনেকৈ অসংখ্য বাট বুলি ফুৰা চৰাই থাকিব লাগিছে।

 মকড়াৰ জালখন এটা অভাৱ-পূৰ্ণকাৰী কৌশল। মকড়াই মাখি খাই জীয়াই থাকে, কিন্তু তাক খেদি ধৰিবলৈ তাৰ পাখি নাই। ইয়াতকৈ আরু টান কথা কি হব পাৰে। কিন্তু পৰমেশ্বৰে তাৰো দিহা কৰি থৈছে। তেওঁ মকড়াৰ বাহিৰা আরু ভিতরুৱা গোঁখনি, কামৰ নিমিত্তে বিশেষকৈ উপযোগী কৰি নোহোৱা হলে, সি নিজে হেজাৰ পুৰষাৰ্থ আরু ফিকিৰ কৰিও তাৰ দিহা উলিয়াব নোৱাৰিলেহেঁতেন।

 পৰমেশ্বৰৰ কাম, আমি তেওঁৰ কৌশলৰপৰা বুজিব পাৰোঁ ৷ আমি যত সম্পূৰ্ণ শূন্য দেখোঁ-যত আমি অভাৱত [ ৫৩ ]
 

বাজে আন একো লেখি নেপাওঁ—সেই নাটনি পূৰাবলৈ সদাই কোনো নে কোনো কৌশল থাকেই। কুমজেলুকাৰ পাখি,ঠেং বা সূতা একো নাই। কিন্তু তাৰ চালৰপৰা এবিধ এঠা-এঠি বিজল ওলায়; তাৰ দ্বাৰা সি যতে ততে বগাই ফুৰিব পাৰে। মচেলবিলাক (Mussel) নিচেই অনুপায় দেখি, সিহঁত যেন প্ৰত্যেক ঢৌৰ পাটলিত পৰি আছে, আমাৰ মনত এনেকুৱা লাগে। কিন্তু সিহঁতৰ এই এটি আচৰিত ক্ষমতা আছে যে, সিহঁতে এবিধ লতাচালুৱা সূতা কাটিব পাৰে; আরু সেই সূতাৰে গাৰ পোলাটো এডোখৰ শিল বা কাঠেৰে সৈতে বান্ধি থয়। ককোলে (Cockle) আকৌ তাৰ খহখহীয়া জীবাৰ গুণত, আপোনাপুনি বালিত গাত খানি সোমাই থাকে।

 যদি কোনোবাই কয় যে, ঘুণ-গুচোৱা উপায় নোহোৱাকৈও ঘুণ থকা দেখি, তেনেহলে মই সেই ঘুণ অযথাৰ্থ বুলি আশঙ্কা কৰিম। গেৰেমপহুৰ গাটো চাই মানুহে দাই ধৰে বোলে, তাৰ অঙ্গপ্ৰত্যঙ্গবিলাক সম্পূৰ্ণ নহয়, আরু সেইগুণে সি লেহেমাই বাট বোলে। কিন্তু এই কথা মন কৰিব লাগে যে, সেই লেহেম খোজেই তাৰ হুঁটাহটো পলুৱাবলৈ বেলি কৰি থয়। এজোপা গছৰপৰা আন এজোপা গছলৈ যোৱা সময়ৰ ভিতৰত, সি একো নোখোৱাকৈ থাকে; আৰু এই লঘোন তাৰ নিমিত্তে বৰ লাগতিয়াল, কিয়নো তেতিয়া হে তাৰ নিসন্ধি পেটে অলপ শস্তা পায়, অরু যিখিনি খৰচীয়া কটুৰ বস্তু খায়, সিও জীণ যায়। শৰীৰযন্ত্ৰৰ ধাৰণশক্তিৰে সৈতে, আরু খোৱা-হেপাহেৰে সৈতে, তাৰ গতিধীৰতাৰ সম্বন্ধ আছে—অৰ্থাৎ, [ ৫৪ ]
 
সেই গতিধীৰতাই তাৰ পেটৰ ঠিহনিৰ দোষ নাইকিয়া কৰে।

 এনেকুৱা বহুত ঠাই আছে, যত ঘুণ কেৱল কৃত্ৰিম ঘুণ; আরু যিটো কাৰণৰপৰাই সি হৈছে, সেয়ে তাক গুচাইছে ৷ পোহনীয়া অৱস্থাত মেৰছাগৰ, পলাই সাৰিবলৈ বা আত্মৰক্ষা কৰিবলৈ সিমান একো উপায় নাই। কিন্তু বনৰীয়া জন্তুৰ কথা বেলেগ। বন-মেৰছাগ বেগী আরু চট্‌চটীয়া : কিন্তু ই যদি মানুহৰ অধীনলৈ আহি কেতিয়াবা সেইবিলাক গুণ হেৰুরুৱাব লগাত পৰে, তেতিয়া হলে মানুহে তাক সদাই ৰখি ফুৰি, তাৰ সেই ঘণ দূৰ কৰিব। চতুষ্পদৰ ভিতৰত, এই জাতিয়ে চিকাৰী-জন্তুৰ অত্যাচাৰৰপৰা যিমান সাৰিব পাৰে, আন কোনো জাতিয়ে সিমান পাৰিব নেপায়।*

———
উট চৰাই৷ ‘|’

দক্ষিণ আফ্ৰিকাত অনেক লোকে উট চৰাই পোহে। সেইবিলাক মানুহ বৰ চহকী। তেওঁবিলাকে তিনি হেজাৰৰপৰা আঠ হেজাৰ একৰ পৰিমাণৰ একোখন পথাৰ ৰাখে; তাত তিনি শৰপৰা পাঁচ শলৈকে উট চৰাই থাকে। বছৰ যায়, বছৰ আহে, সিহঁতে তাতে চৰি থাকে, আৰু গড় হিচাবত, চাৰি মাহৰ ভিতৰত এবাৰ সিহঁতক চপাই আনি একে লগ কৰা হয়।


 * উইলিয়াম পেলিৰ (William Paley) লেখাৰপৰা ভাঙ্গনি ।

 † ইৰাকী নাম Ostrich. [ ৫৫ ] তেতিয়া, বোলা যাওক, জুন মাহত, সিহঁতৰ বুঢ়া পাখিবিলাক কাঢ়ি লোৱা হয়। সেইবিলাক, প্ৰত্যেক ডেউকাত থকা ওঁঠাৰৰপৰা কুৰিটালৈকে দীঘল বগা পাখি, আঁঠোটা বা নটা ধুন-লগা পাখি, আরু গোটাদিয়েক দীঘল কলা পাখি। চাৰি মাহৰ পাচত, এইবিলাকৰ ঠাৰি-পাখিবিলাক উঘলা হয়, আৰু তাৰ দুমাহৰ পাচে চুটি কলা পাখিবিলাক আরু নেজৰ পাখিবিলাক লোৱা হয়। ইহঁতৰ প্ৰকৃত সংখ্যা দিয়া টান। সাধাৰণতঃ, চৰাইটোক দুখ নিদিয়াকৈ আরু তাৰ গাত জাৰ গুচিবৰ জোখাৰে থৈ, যিমান পাৰি, সিমান কাঢ়ি লোৱা হয়।

 উট চৰায়ে, বনৰীয়া অৱস্থাত, মানুহ বা কোনো অচিনাকি বস্তুলৈ বৰ ভয় কৰে, আরু আগৈয়ে নেদেখা কিবা এটা নতুন দেখিলেই পলাই লৰ মাৰে। কিন্তু ই, বৰ পোহ মানে। জুন মাহৰপৰা চেপ্টেম্বৰ মাহলৈকে, স্বরূপত, বৰদিনৰ উৎসৱলৈকে হেজাৰে হেজাৰ পোৱালি তোলা হয়, আরু কোনো বিধৰ দুৰ্ঘটনা হৈ, বছৰি অসংখ্য অসংখ্য পোৱালি মৰা পৰে। বাৰমাহ বয়সলৈকে, পোৱালিবিলাকে নানাৰকম ৰোগত প্ৰাণ এৰে। কিন্তু যেতিয়া বৰ হয়, সিহঁতৰ সৰহ ভাগ, ভৰি-ভগাত, যুঁজত বা আকালত আহাৰৰ অভাৱত মৰণ ঘটে।

 উট চৰাইৰ বাহটো নিচেই অনিপুণ। সিহঁতে বালীয়া মাটিত, কেৱল, এটা ঘূৰণীয়াকৈ খোল খানি লয়। কেতিয়াবা মাইকী চৰাইজনীক, কণি পাৰিবলৈ ভৰিৰে মাটি খোঁচৰা দেখিবলৈ পোৱা যায়। কিন্তু সাধাৰণতঃ এই নিয়মেৰ বাহ সজা নহয়। চৰাইজনীয়ে উমনিত পৰি, একে ঠাইতে বহি থাকে দেখি, মাটি আপুনি খোল পৰি যায়। এহাল চৰায়ে, দহোটাৰ[ ৫৬ ]
 

পৰা কুৰিটালৈকে কণি পাৰে; কিন্তু, সচৰাচৰ, তিনি জনী বা চাৰি জনী চৰায়ে একে লগে কণি পাৰে, আৰু কণিৰ সংখ্যা সত্তৰি বা আশী হয়। এজনী চৰায়ে, সুচলমতে ষোলটাতকৈ সৰহ কণিত উম দিব নোৱাৰে; বাকিবিলাক একাষত পৰি থাকি নষ্ট হয়৷

 উট চৰায়ে চৌৱাল্লিছ দিনত পোৱালি জগায়। যেতিয়া জগে, সিহঁতক চৰাই-বাৰীৰপৰা পুহিবলৈ ঘৰলৈ অনা হয়, আরু বনৰীয়া জন্তুৱে অপকাৰ কৰিব নোৱৰা ঠাইত, ৰাতি ঘৰ সাজি ৰখা হয়।

 পোৱালি-জগা সময়ত, মটা চৰাইটো বৰ খঙ্গাল আৰু অসভ্য হয়। ৰাতিয়ে দিনে, তাৰ ৰণমতা মাত শুনিবলৈ পোৱা যায়। ফেঁটী সাপৰ নিচিনাকৈ ডিঙ্গিটো ওফোন্দাই, সি তিনটা বৰ টান চিঞৰ মাৰে। প্ৰথম দটা চুটি, তৃতীয়টো বৰ দীঘলীয়া৷ সিংহ-ব্যাধে কয় যে, উট চৰাই আৰু পশুৰাজ সিংহৰ মাত প্ৰায় একে। প্ৰকৃত অসভ্য, পোৱালি লগা চৰাইৰ আক্ৰমণ বৰ বিপদজনক, কিন্তু পুৰণি-খেলীয়া চিকাৰীয়ে তেনে ঘটনাত ৰং হে পায়।

 সাধাৰণতঃ, উট চৰায়ে দেড়কুৰি হাত দূৰৈৰপৰা আক্ৰমণ কৰে। সি তাৰ চকু জুইকুৰাৰ নিচিনা ৰক্ষা কৰি, ভয়ঙ্কৰ মুৰ্ত্তি ধৰি, খেদি আহে। সি দহ ফুটমান ওখ হৈ, পাখি দুখন মেলি দিয়ে, আরু ফেঁটী সাপৰ দৰে ফোচ্-ফোচ্ কৰি চাৰি পাঁচ খোঁট মাৰে। কিন্তু চিকাৰীয়ে দোখোজ বা এখোজ হুহঁকি আহি, চাঙ্গিনেৰে তাক আঁতৰাই ধৰি থাকে, আরু পাচে চল চাই মাৰি পেলায়। [ ৫৭ ]
 

শুনিবলৈ পোৱা যায়, কোনো এটা উট চৰায়ে পোন্ধাৰ মিনিটত সাত বাৰ আক্ৰমণ কৰিছিল। ঘোঁৰাত যোৱা মানুহক উট চৰায়ে আরু খিয়াল কৰে। কিন্তু যেতিয়ালৈকে ঘোঁৰাই ভয় খাই লৰ নেমাৰে, তেতিয়ালৈকে একে ভয় নেথাকে। উট চৰায়ে খেদি আহিলে, ঘোঁৰাক ৰাখিব লাগে, আরু সি ওচৰ পালে হি, তাৰ টেটুত হাতেৰে ধৰি প্ৰাণকাতৰে আ টি আটি চেপা দিব লাগে। তেতিয়া সি উশাহ নেপাই অবশ হৈ মাটিত পৰিব।

 মাইকী চৰাইজনী প্ৰায় দুষ্ট নহয়। কিন্তু তাই যেতিয়া উমনিত পৰে বা পোৱালি জগায়, তেতিয়া তাইৰ নিমিত্তেও ভয় ৰাখিব লাগে; কিন্তু তাইৰ আচৰণ আরু আক্ৰমণ সিমান ক্ৰুৰ আরু ভয়লগা নহয়।

 তিনটা বা চাইটা উট চৰায়ে লগেৰে আক্ৰমণ কৰিলে কি উপায়? সিহঁতে কেতিয়াও লগেৰে তেনে কাম নকৰে। যদি প্ৰত্যেকে মানুহটোক আক্ৰমণ কৰিবৰ ইচ্ছা কৰে, তেনেহলে প্ৰথমে সিহঁতে নিজৰ ভিতৰত ৰণ কৰি লয়; আৰু তেতিয়া কেৱল জিকারুটোৱে গৈ, সেই লোকেৰে যুঁজে গৈ।

 পাখি কাঢ়িবলৈ চৰাইবিলাকক চপাই অনা, এটা বৰ মহোৎসৱৰ দিন। ৰাতিপুৱাই ঘোঁৰা সজাই ঠিক কৰি লবৰ নিমিত্তে, কাফ্ৰি আরু আন চাকৰবিলাকক আগ দিনা ৰাতিয়েই হুকুম দিয়া যায়। ৰাতি পুওৱা মাত্ৰে, সমাৰেহেৰে চৰাইবাৰীলৈ যাত্ৰা কৰা হয়। ঘোঁৰা-চলোৱাবিলাকে জোৰ জোৰ পাতি চাৰিও পিনে পিঁয়া-পিঁ দিয়ে আরু চৰাইবিলাকক খেদি লৈ আহে গৈ। চৰাইবিলাকে ভয়ানক ৰণ কৰে, আরু বিপক্ষ-

  [ ৫৮ ]
 
দলৰ সৰহ মানুহলৈও একো কাণ নকৰি, প্ৰফুল্ল উছাহেৰে যুঁজিবলৈ ধৰে।

 উট চৰাইক চপাওঁতে যিমান আমোদ হয়, পাখি কাঁঢ়োতে সিমান নহয়। সিহঁতক আনি জাকেৰে গঁৰালত ভৰোৱা হয়। তেতিয়া সিহঁত, মেৰ ছাগলীৰ নিচিনা জুৰ আরু শান্ত হৈ পৰে। সিহঁতৰ মূৰত এটা মোনা সুমাই, মূৰটো ঢাকি পেলোৱা হয়, আরু তেতিয়া দুটা কাফ্ৰিয়ে পাখিবিলাক উঘালিবলৈ ধৰে।

 উট চৰাইৰ মটাটোৱে ৰাতি, আরু মাইকীজনীয়ে দিনত, এই দৰে দুয়ো পাল বাটি কণি উমায়। উট চৰাইৰ কণি বৰ দুৰ্গন্ধ।

————


স্বপ্ন।

দুখ-ভাগী লোক জৰ্জ্জৰিত ক্ষীণ—
পায় গৈ শেষত চিন্তা পথহীন,
অভিমন্যু যেনে দ্ৰোণ-চক্ৰব্যূহ ৷
এতিয়া তো কিন্তু স্বাধীন সিজন,
অধিকাৰ কৰে সম্পদ-আসন,—
শোভে চন্দ্ৰাতপ আরু ঐশ্বৰ্য্যৰ,
সৌভাগ্যে কাষত ধৰে হি চোৱঁৰ—
যেতিয়া স্বপ্নৰ নিঝৰা বৰষে।
আকৌ চোৱাঁ ৰজা,—ক্ষেত্ৰত কুমাৰ,
বিভূতি-ৰাজ্যত যেনিবা কুবেৰ—

[ ৫৯ ]
 

মুহূৰ্ত্তে স্বপ্ন দেখে তেঁও হায়,
ৰ'জচিহ্ন,—ছত্ৰ-দণ্ড আরু নাই,
নধৰে হাতত দীপ্তিমন্ত অস্ত্ৰ,
ধীৰে ধীৰে ভ্ৰমে ভিক্ষুকৰ প্ৰায় ৷
হে দুখী! শলাগোঁ কাৰ্য্য নিয়ন্তাৰ—
দুখ মৃদু হয় খন্তেক তোমাৰ ।
কিন্তু ৰজা! এৰা অহঙ্কাৰ তুমি;
শিকাঁ ই স্বপ্নৰ নীতি সুপবিত্ৰ;
বিপত্তিৰো আছে নানা মরুভূমি—
নৰৰ বিস্তীৰ্ণ জানা কৰ্ম্মক্ষেত্ৰ ।

—————
এক ৰজাৰ সাধুকথা ৷


 কোনো এজন মন-সাহী ৰজাই ভাবিলে, মই নাম কেনেকৈ জ্বলাওঁ? সকলো ৰজাৰ বাটে দি চলিলে মোৰ বেলেগালি একো নেথাকে। মই এটা, কোনেও কতো নকৰা কাম কৰোঁ।” ইয়াকে ঠিক কৰি, তেওঁ ৰাতিক দিন বুলি, আৰু দিনক ৰাতি বুলি ধৰিবলৈ ৰাজ্যময় প্ৰজাক আদেশ কৰিলে। সকলোৱে দিনত শুব লাগিব, আৰু ৰাতি বন-বাৰি কৰিব লাগিব। ৰাতি চৰা বহিব, মেল-দোৱান হব, মানুহে হাট-বজাৰ কৰিব; তেতিয়া আলিয়ে আলিয়ে চাকিৰ পোহৰ থাকিব। দিনত পৰীয়া থাকিব, চকিয়াল থাকিব। সিহঁতে চুৰি ডকাইতিৰ শাসন কৰিব। মুঠতে, আগৈয়ে দিনত কৰা কাম সকলো ৰাতি কৰা হব, আরু আগৰ ৰাতিৰ কাম, এতিয়া দিনত হব। [ ৬০ ]
 
তেতিয়াৰপৰা ৰজাৰ আদেশ অনুযায়ী কাম হবলৈ ধৰিলে। দেশত এক অপূৰ্ব্ব, অদ্ভুত, ভয়-লগা কাণ্ড উপস্থিত হল। মানুহৰ মন অশান্তিৰে পূৰ্ণ হল। ৰাতিপুৱা হলেই, মানুহে গধুলি হল বুলি ভাব কৰে, আৰু গধূলি হলে, সকলোৱে তোপনিৰ পৰা উঠে। এইদৰে বহুত দিন গল, এনেতে এজন আন ৰাজ্যৰ ৰাজকোঁৱৰে, দেশভ্ৰমণ কৰি আহি, দিনৰ ভৰ-দুপৰীয়া সময়ত সেই ঠাইত ওলাল হি। তেওঁ চাৰিও চুক নিশাৰ আরু নিমাত দেখি আচৰিত হল; মন তবধ লাগিল। তেওঁ গহীন ভাবেৰে গৈ থাকোঁতে, কিছু দূৰত এজন পৰীয়াৰে তেওঁৰ ভেট হল। পৰীয়াই দেখা মাত্ৰে তেওঁক ডাবি দি কলে, “তই মাজনিশা কিয় এইদৰে ফুৰিছ? বদমাচ্! চোৰ! মই তোক এৰিব নোৱাৰোঁ। পৰীয়াই তেওঁক কটাবান্ধ দি, ৰাতি ৰজাৰ ওচৰত হাজিৰ কৰিলে গৈ। “মোৰ ৰাজ্যত চোৰ ! মোৰ ৰাজ্যত মানুহে ইমান ৰাতি ফুৰিবলৈ সাহ কৰে ! এই কথা কৈ, ৰজাই, তেওঁক কাটিবলৈ, কোটোৱালক হুকুম দিলে ৷ তেওঁ কাকূতিমিনতি কৰি ৰজাক কলে, “সৰ্গদেও। মই নিৰপৰাধী, বিনা দোষত মোৰ প্ৰাণ যায়। মই এক ৰজাৰ কোঁৱৰ। দেশ ফুৰি ফুৰি আহি, মই দিনৰ ভৰ-দুপৰত সৰ্গদেওৰ ৰাজ্যত সোমালোঁ; কিন্তু পৰীয়াই কলে, ‘তই মাজনিশা কিয় আহিছ? তই চোৰ।’ এইবিলাক ওলোটা কথাৰ অৰ্থ মই বুজিব পৰা নাই।” ৰজাই কলে, “মই দিন ৰাতি, আৰু ৰাতিক দিন পাতিছোঁ। যি মোৰ ৰাজ্যত দিনত ফুৰে, তাৰ উগ্ৰ শাস্তি হয়।” কোঁৱৰে কলে, “সৰ্গদেও! আপুনি বৰ প্ৰতাপী ৰজা।আমি মানুহে আপোনাৰ আদেশ শিৰোধাৰ্য্য কৰোঁ। কিন্তু মই [ ৬১ ]
 

বুজিব পৰা নাই, দিন আরু ৰাতিয়ে আপোনাৰ হুকুম কেনেকৈ মানে।” ৰজাই কলে, “কিয়, দিনৰ কাম সকলো ৰাতি হয়, ৰাতিৰ কাম দিনত হয়। ইয়াতে কোঁৱৰে কলে, “সৰ্গদেও! আপুনি এনে অনুচিত কাৰ্য্যৰপৰা ক্ষান্ত হওক—মানুহে শান্তিৰে কাল নিয়াওক। আপুনি দিনক ৰাতি, আৰু ৰাতিক দিন কেনেকৈ পাতিব পাৰে? আপুনি কেতিয়াও দিনত জোন আৰু ৰাতি সূৰ্য্য উলিয়াব নোৱাৰে।” এই কথাত ৰজা সন্তুষ্ট হৈ, তেওঁক মুক্তি দিলে। আৰু তেতিয়াৰ পৰা দিনক দিন আৰু ৰাতিক ৰাতি বুলি ধৰিবৰ হুকুম হল।

—————
বিষু, খাঁ—উপকথা ।

 ৰক্ষণৰ উপায় অপূৰ্ণ থাকিলে যেনেকৈ অপকাৰ হোৱাৰ সম্ভৱ, অতিপূৰ্ণ হলেও সেইদৰে অনিষ্ট হব পাৰে।

 এসময়ত কোনো এটা মানুহে একে চাপৰতে একুৰি মাখি মসিমুৰ কৰিলে। মনত বৰভাব কৰি, তেতিয়াৰপৰা সি বিষু খাঁ নাম ধৰিলে। তাৰ নিচিনা বীৰপুরুষৰ সরু কামে শোভা নেপায় বুলি, সি বন-বাৰি কৰিবলৈ এৰি দিলে। আন লোকে যদিও তাক নগণিছিল, তথাপি সি ডবিয়াই-হুঁকিয়াই ঘৈণীয়েকৰপৰা সম্মান লব পাৰিছিল। দৈবাৎ তাৰ গাওঁত চোৰৰ উপদ্ৰৱ হল। তেতিয়া সি তাৰ নিজৰ ঘৰৰক্ষা কৰিবলগাত পৰিল। সি এজোৰ ঢাল আনি, এখন পিঠিত, এখন বুকুত আঁটিল কৰি পিন্ধিলে; আধা ডৰ্জ্জন যাঠি আরু এখন তৰোৱাল লগত ললে; আরু এক ডৰ্জ্জন কিৰিচ্ ভৰিত গোটাই [ ৬২ ]
 

গোটাই বন্ধিলে। তাৰ পাচত, সি বাজ ওলাবৰ চেষ্টা কৰিলে; কিন্তু হায়! প্ৰত্যেক খোজত ওজোট খাবলৈ ধৰিলে।

———
সাৰ-কথা।

 ১। অসন্তোষ আত্ম-বিশ্বাসৰ অভাৱ; ই মনৰ দুৰ্বলতা।

 ২। পাপীক লুকাবলৈ বহল সংসাৰত ঠাই নাই। পাপ কাম কৰাঁ—পৃথিবী দাপোণেৰে সজা।
 এমাৰ্চন(Emerson)

 ১। তুমি জীৱনক ভাল পোৱাঁ নে, তেনেহলে সময় নষ্ট নকৰিবা, কিয়নো সময়-ধাতুৰেই জীৱন নিৰ্ম্মিত।
 ফ্ৰেঙ্ক্‌লিন (Franklin )

 ১। মূৰৰ এটা কথা, মুখৰ দুটাৰ সমান।

 ২। জ্ঞানীয়ে এনে প্ৰতিহিংসাৰ মাথোন আদৰ কৰে, যেন শত্ৰুবিলাকে জানিব পাৰোক, তেওঁ সত্য বাটে চলিছে।

 ৩। অসম্ভৱ কথাত শীঘ্ৰ-বিশ্বাসী হোৱাতকৈ, অনিশ্চিত কথাত সন্দেহযুত হোৱা ভাল।
 হিওডৰ জিনোন (Hudor Genone)

 ১। যি কথা মনত ৰাখিব নোখোজাঁ, তাক নপঢ়িবা। যি কথা কামত লগাব নোখোজাঁ, তাক মনত নেৰাখিবা।
 ব্ৰেকি (Blackie)

 ১। তৰ্কত সদাই অলপ বিপদ ঘটে। তুমি তৰ্কত জিকিবা, আরু এজন বন্ধু হেরুওৱাবা, সম্ভৱতঃ ই বেয়া বেপাৰ। [ ৬৩ ]
 

 ২। প্ৰত্যেক মানুহৰ নিমিত্তে স্মৃতিশক্তি যেনে, মনুষ্যজাতিৰ নিমিত্তে কিতাপ তেনে।

 ৩। মানুহ শ্ৰেষ্ঠ হবলৈ কি কি গুণৰ আৱশ্যক? চেঁচা মূৰ, চেনেহী বুকু, উত্তম বুদ্ধি, আরু সুস্থ শৰীৰ। চেঁচা মূৰ নহলে, আমি বেগতে সিদ্ধান্ত কৰিবলৈ যাওঁ; চেনেহী বুকু নহলে, আমি নিশ্চয় স্বাৰ্থপৰ হম; সুস্থ শৰীৰ নহলে আমি একো কৰিব নোৱাৰোঁ; আৰু উত্তম বুদ্ধি নহলে, সৎ অভিপ্ৰায়েৰেও আমি ভালতকৈ অনিষ্ট অধিক কৰিব পাৰোঁ ।

 ৪। শিকিবলৈ টান,কিন্তু শিকাক নিশিকিবলৈ আরু টান।

শ্যাৰ জন লবক (Sir John Lubbock)

—————

দুই সখী।

‘সখী, এটি কথা কওঁ কাণ দিবা জানো?’
‘তোমাৰ কথা নোমই কেতিয়া নুশুনো ।’
‘ফুৰি ফুৰি ফুৰি কালি দেখিলোঁ গৈ পাচে,
এজুপি গছত এটি ফুল লাগি আছে ।
ৰঙ্গা বৰণৰ ফুল, দেখিবলৈ ভাল,
কৰিছে গোটেইখন জাকজমকাল ।
আনিবৰ মন কৰি হাত মেলিছিলোঁ;
ওখ গছ, নোৱাৰিলোঁ, উভতি আহিলোঁ ।
তুমি থকা কে’দিনত কি নো মোৰ নাছে,
ভাবিলোঁ, কিহৰ চিতা, মোৰ সখী আছে।’

[ ৬৪ ]
 

‘বকুল বন্দুলি বেলি গোলাপ মালতী,
জাতি জুতি জবা চপ টগৰ সেউতী।
এতেক রূপহ ফুল নিজৰ ঘৰত,
তাতো আশা কিয়, সখী, পৰৰ ফুলত?
‘সি ফুলত বাজে মোৰ আন ফুল নাই;
কত ভাল পাওঁ তাক, নেজানিলা হায়!
‘তুমি যে ইমান তাক ভাল পোৱাঁ সখী!
সি তোমাক ভাল পোৱা কিয় নো নেদেখি?’
‘যেতিয়া হলোঁ গৈ মই ওচৰত থিয়,
মৰম নকৰে যদি, চাইছিল কিয়।’
‘শাতিৰে নেথাকে চকু, যেনি তেনি যায়।*
ইকথাই মৰমৰ চিন নুবুজায়।’
‘চাই চাই চেনেহৰ চকুলো টুকিলে,
মৰম নহলে, এনে কিয় বা কৰিলে।’
‘নীয়ৰৰ পানীকেই চকুলো মানিলা;
নুবুজি নেজানি, সখী, ভ্ৰমত পৰিলা!’
‘ঘনে ঘনে মোৰ ফালে হেপা মেলিছিল।’
‘বতাহে লৰাই তাক তেনে কৰিছিল।’
‘আহিলে যেতিয়া মোৰ লগত থাকিব,
আপুনি মোলই তাৰ মৰম লাগিব।’


  • পাহীবিলাকৰ মাজৰ সরু কোটৰটিকে চকু বোলে । ফুলপাহি অলপ লৰিলেই অৱশ্যে চকুও তাৰ লগতে ঘূৰিব। [ ৬৫ ]
     

‘হাঁকুটি লগাই ফুল নোৱাৰি পাৰিব,
সরু সরু পাহী সৰি মাটিত পৰিব।
অইন উপায় আরু বিচাৰি নেপাওঁ;
নেলাগে লোৰ ফুল, আহাঁ সখী যাওঁ।
কাইলই যি ফুলৰ লাৱণ্য নেদেখাঁ,
তেনে ফুল তুলি আনি নিপিন্ধিলে একা।’
‘কি বুলিম মই, একে বিচাৰি নেপাওঁ।
জানা সখী! ফুলপাহি লাগে মোক তেও।’

—————
ৰেগুলচ্ ৷*

 ৰোমাণবিলাকে ইটালিৰাজ্যৰ সীমাৰ বাজে,প্ৰথমে কাৰ্থেজবাসীবিলাকেৰে যুধ কৰে। প্ৰথম বিবাদ চিচিলি দ্বীপৰ অধিকাৰ সম্বন্ধে হয়; আৰু তাৰপৰা যি যুধ হয়, সেই যুধ আঠ বছৰ কাল থাকে। ৰোমাণবিলাকে, কাৰ্থেজবিলাকৰ নিজৰ দেশত গৈ সিহঁতেৰে যুঁজিবলৈ এভাগ সৈন্য পঠিয়াবলৈ ঠিক কৰিলে। মেন্‌লিয়চ আৰু ৰেগুলচ্, দুই কন্সলক, সৈন্য আরু জাহাজ-জুমৰ গৰাকি পাতিলে। বাট, কাৰ্থেজৰ জাহাজ-জুমেৰে সৈতে এখন ডাঙ্গৰ সাগৰ-যুঁজ হয়, আরু পানীৰণৰ ভিতৰত, এই প্ৰথম পানীৰণত মাথোন ৰোমাণবিলাকে জয় লব পাৰিছিল। ইয়াৰ দ্বাৰা আফ্ৰিকালৈ যোৱা বাট মুকলি হল; কিন্তু সেনাবিলাকে, আগৈয়ে ঘৰৰপৰা ইমান নিলগলৈ কেতিয়াও নোলোৱা বাবে, অসন্তোষৰ চিন দেখু


 *Miss Youngeৰ লেখাৰপৰা ভাঙ্গনি ৷ [ ৬৬ ]
 

ব'লে। সিহঁতে, মানুহ-শত্ৰুত বাজেও ভয়ঙ্কৰ অজগৰ, সিংহ আরু হাতীৰ লগ পাম বুলি জানিছিল; তাৰ উপৰি, মূৰৰ ওপৰত প্ৰকোপিত ৰদ দিব, ভৰিৰ তলত সৈন্যযাত্ৰাই আমনি কৰিব৷ যিকিহওক, ৰেগুলচে টান মূৰ্ত্তিৰে সকলো গোৰনোৰণি মাৰ নিয়ালে। তেওঁ শুনাই দিলে যে, যি অভক্তি দেখুৱাব, তাৰ প্ৰাণদণ্ড হব। সৈন্য নিৰাপদে বাম উঠিল। তেওঁ ক্লাইপিয়াত এটা কোঠ মৰালে, আরু তাৰ চাৰিও পিনৰ ঠাইবিলাক লুটিলে। তেনে সময়তে, ৰোমৰপৰা হুকুম আছিল যে, মেন্‌লিয়চ উভতি আহিব লাগে, আরু ৰেগুলচে যুধ চলাই থাকোক। ৰেগুলচৰ বৰ বেজাৰৰ কথা হল। তেওঁ বৰ দুখীয়া,আরু এক একৰ মাটিৰ এখন সরু খাতত বাজে তেওঁৰ একো নাছিল, আরু যিটো মানুহক তাত খেত কৰিবলৈ নিযুক্ত কৰিছিল, তেওঁৰ অনুপস্থিতি-কালত সিও মৰিল। এটা ধনত কাম কৰা খেতিয়কে তাৰ ভাৰ লৈছিল, কিন্তু সি অবিশ্বাসী হল, আরু গরু আরু নাঙ্গল-যুৱলি চুৰ কৰি লৈ পলাই গল। তেওঁ সোনকালে উভতি নগলে লৰা-তিৰোতা অনাহাৰত থাকিব বুলি ৰেগুলচৰ মনত ভয় হল। যিকিহওক, ৰাজসভাই তেওঁৰ পৰিয়ালক প্ৰতিপাল কৰিবলৈ গাত ললে, আরু তেওঁ থাকিল।

 দেশখন দেখিবলৈ বৰ শুৱনী, সারুৱা ধান পথাৰেৰে পৰিপূৰ্ণ, আরু ফলবান্ গছেৰে চহকী। সকলো চহকী কাৰ্থেজবাসীবিলাকৰ গাওঁ-ঘৰ আরু বাগিচা আছিল। বাগিচাবিলাক, নিঝৰা, গছগছনি আৰু ফুল আদিৰে সুশোভিত। ৰোমাণ সেনাবিলাক পোনপটীয়া, বলী, ভয়জনক, আরু নিপু[ ৬৭ ]
 

তৌৱাল। নিশ্চয় সিহঁতে এইবিলাক শান্তিময় দৃশ্যৰ বহুত অনিষ্ট কৰিব পায়; সিহঁতে তিনি শ খন গাওঁ লুটিছিল বুলি অহঙ্কাৰ কৰে, আরু দয়া কি বস্তু, তেতিয়ালৈকে সিহঁতে বুজিব নোৱাৰিছিল।

 অৱশেষত কাৰ্থেজবাসীবিলাকে জয়লাভ কৰিলে, আৰু স্বয়ং ৰেগুলচক ধৰিলে, আরু কাৰ্থেজলৈ বান্ধি লৈ গল। তাত জিকারুবিলাকে মাজৰাতিলৈকে ভোজ পাতি ৰং-ধেমালি কৰিলে।

 ৰেগুলচে দুখত আরু সন্তাপত খীণাইশুকাই, দুবছৰ নিৰ্জ্জন বন্দিয়াৰভাৱত থাকিল৷ ইতিমধ্যত যুধ চলি আছিল, আরু ৰোমাণবিলাকে এনে এখন নিষ্পতীয়া যুধ জিকিলে, যে কাৰ্থেজৰ মানুহবিলাকৰ মন ভাগিল, আরু সিহঁতে সন্ধিৰ প্ৰস্তাৱ খুজিবলৈ ঠিক কৰিলে৷ সিহঁতে ভাবিলে যে, ৰোমত মানুহবিলাকে, ৰেগুলচৰ নিচিনাকৈ আনৰ কথাত সিমান কাণ নিদিব, আরু সেই দেখি ৰাজদূতৰ লগত তেওঁক পঠিয়াই দিলে। কিন্তু পঠোৱাৰ আগৈয়ে তেওঁক শপথ কৰালে যে, যদি কোনো সন্ধি বা বন্দিয়াৰৰ সলনাসলনি নহব, তেনেহলে তেওঁ বন্দীশাললৈ ফিৰি আহিব লাগিব। সিহঁতে নেজানিছিল, এটা বিশ্বাসী-হৃদয়ী ৰেমাণে নিজতকৈ তেওঁৰ দেশৰ নিমিত্তে—নিজৰ জীৱনতকৈ নিজৰ কথাৰ নিমিত্তে কিমান বেচি ভাব কৰে!

 ক্ষীণ আরু বিমন হৈ, সেই বন্দিয়াৰ যুদ্ধবীৰে, তেওঁৰ নিজৰ নগৰৰ বৰদুৱাৰৰ মুখ পালে হি, কিন্তু ভিতৰ সোমাবলৈ অমান্তি হৈ বাজতে ৰল। তেওঁ কলে, “মই এতিয়া আরু ৰোমাণ নাগৰিক নহওঁ। মই অসত্যৰ গোলাম হলোঁ, আরু [ ৬৮ ]
 

নগৰৰ চাৰিসীমাৰ ভিতৰত ৰাজসভাই বিদেশীৰ কথা নুশুনিব পাৰে।”

 তেওঁৰ ঘৈণীয়েক মাৰ্চিয়াই লগত দুটি পুতেকক লৈ তেওঁক সন্তাষা কৰিবলৈ লৰি গল, কিন্তু তেওঁ চকুৰে ওপৰলৈ নেচালে, আরু তেঁওবিলাকৰ মন-কাণৰ তল মানুহৰ নিচিনাকৈ, এটা সামান্য গােলামৰ নিচিনাকৈ, তেওঁবিলাকৰ মৰমসাদৰ গ্ৰহণ কৰিলে। আরু বিস্তৰ কাবৌমিনতি কৰাতো, তেওঁ নগৰৰৰ বাজতে থাকিল, আরু যিখনি সরু খাতক তেওঁ ইমান ভাল পাইছিল, তালৈও এবাৰ যাব নুখুজিলে।

 তেওঁ ভিতৰলৈ নােযােৱাত, ৰােমৰ ৰাজসভাই বাহিৰলৈ আহি সভা পাতিলে।

 প্রথমে দূতে তেওঁবিলাকৰ কথা কলে, পাচে ৰেগুলচে থিয় হৈ এনেভাৱে কবলৈ ধৰিলে, যেন তেওঁ কৰ্ত্তব্য পাঠ আওঁৰাইছে, “হে ৰাজপুরুষ সকল! মই কার্থেজবাসীবিলাকৰ গােলামস্বরূপে, গিৰিহঁতৰ হৈ, আপােনালােকেৰে সন্ধি আরু বন্দিয়াৰৰ সলনাসলনি বিষয়ে প্রস্তাৱ কৰিবলৈ আহিছোঁ।” তেতিয়া তেওঁ দূতবিলাকৰ লগত তাৰপৰা গুচি আহিবলৈ মুখ লুটিয়ালে, কিয়নাে এজন বিদেশীয়ে ৰাজসভাৰ কাৰ্য্যাৱলীত যােগ নিদিব পাৰে। তেওঁৰ আগৰ বন্ধুবিলাকে, তাত থাকিবলৈ, আরু যি পূর্ব্বে দুবাৰ কন্সল হৈছিল, তেনে এজন ৰাজপুরুষৰ নিচিনাকৈ নিজৰ মত কবলৈ, তেওঁক বৰকৈ ধৰিলে, কিন্তু তেওঁ সেই পদৰ দাওৱা কৰি, তাৰ মান কমাবলৈ অস্বীকাৰ কৰিলে, কাৰণ এতিয়া গােলাম হল। কিন্তু যদিও কার্থেজবাসী গিৰিহঁতৰ হুকুমত তেওঁ থাকিল, তথাপি আসন নললে। [ ৬৯ ]
 

 তেতিয়া তেওঁ কবলৈ ধৰিলে। তেওঁ ৰাজপুরুষবিলাকক যুধত অধ্যবসায় ধৰিবলৈ কলে। তেওঁ কলে, “কাৰ্থেজবাসীবিলাকৰ মই নিজ চকুৰে বিপত্তি দেখিছোঁ, আরু সন্ধি কেৱল কাৰ্থেজৰ হিতলৈ হব, ৰোমৰ নহয়। সেই দেখি মই আপোনালোকক যুধত ধৰি থাকিবলৈ কওঁ৷ তাৰপৰা তেওঁ বন্দিয়াৰৰ সলনাসলনি বিষয়ত কলে, “যিবিলাক কাৰ্থেজৰ সেনাপতি ৰোমাণবিলাকৰ হাতত আছে, তেওঁবিলাক সুস্থ আরু সবল হৈ আছে, কিন্তু মই নিজে ইমান কৃশ হলোঁ যে, আকৌ কাম কৰিবলৈ মোৰ শক্তি নেথাকিব। আরু মোৰ মনে ধৰিছে, শত্ৰুৱে মোক লাহে লাহে বিহ দিছে, আরু মই সৰহ দিন নিজীওঁ। এইবিলাক কাৰণ দেখুৱাই তেওঁ জোৰ দি কলে যে, বন্দিয়াৰৰ সলনাসলনি কেতিয়াও হব নেলাগে।

 তেওঁক নিজৰ বিপক্ষে নিজক কোৱা দেখি, আন কি, ৰোমাণবিলাকেও আচৰিত মানিলে, আরু ৰোমৰ প্ৰধান পুৰোহিত আহি স্পষ্টকৈ কলে যে, তেওঁক যেতিয়া বলাৎকাৰেৰে শপথ খুওৱা হৈছে, তেওঁ আকৌ বন্দিয়াৰ সোমাবলৈ বাধ্য নহয়। কিন্তু ৰেগুলচৰ সাধু অন্তঃকৰণে এই কথালৈ এক নিমিষো কাণ নেপাতিলে। তেওঁ কলে, “আপোনালোকে মোক অপমান কৰিবলৈ ঠিক কৰিছে নে কি? মৰণ আরু দুৰ্ঘোৰ যাতনা মোৰ নিমিত্তে যে আছে, মই এই কথা নজনাকৈ থকা নাই; কিন্তু এটা অপমানৰ লাজ আরু পাপমনৰ বিষৰ তুলনাত এইবিলাক কি? মই যদিও কাৰ্থেজৰ গোলাম হলোঁ, তেওঁ মোৰ গাত এতিয়াও ৰেমাণৰ তেজ আছে। মই উভতিবলৈ শপথ কৰিলোঁ। মোৰ কৰ্ত্তব্য কাম যোৱাটো; বাকি অংশ ঈশ্বৰৰ হাতত।”

  [ ৭০ ]
 

 ৰাজসভাই ৰেগুলচৰ উপদেশকে সিদ্ধান্ত কৰিলে। কিন্তু তেওঁৰ আত্মােৎসর্গৰ বাবে, তেওঁবিলাকে মনত বৰ দুখ কৰিলে। তেওঁৰ ঘৈণীয়েকে বিলাপ কৰিলে, আরু কলে যে, তেওঁবিলাকে তেওঁক ধৰি ৰাখিব; কিন্তু সকলো চেষ্টা মিছা হল ; কামৰ ভিতৰত তেওঁবিলাকে কেৱল বাৰে বাৰে তেওঁক থাকিবলৈ অনুমতি কৰিব পাৰিছিল; কিন্তু তেওঁৰ কথা লুটিয়াবলৈ একোৱে তেওঁক বুজাব নােৱাৰিলে, আরু তেওঁ যি মৰণ আৰু ফাটেকৰ লােৱা পাম বুলি জানি থৈছিল, তাকে পাবলৈ ইমান ধৈর্য্যেৰে ফিৰি গল, যেন তেওঁ নিজৰ ঘৰলৈ হে উলটি গৈছিল।

————


দ্রৌপদীৰ সয়ম্বৰ ।*

 পাণ্ডৱে একচক্রা নগৰ এৰি, আন এখন নগৰলৈ যাত্রা কৰিলে। তেওঁবিলাকে তালৈ আহি দেখিলে যে, প্রত্যেক মানুহেই, পঞ্চাল দেশৰ ৰজাৰ জীয়ৰী দ্রৌপদীৰ সয়ম্বৰৰ বিষয়ে নানা কথাৰ তােলপাৰ কৰিছে। সয়ম্বৰ হবলৈ অলপ দিন মাথােন বাকি আছে। সকলোৰ মুখত শুনি, এই জনা কুমাৰী সংসাৰৰ সকলােতকৈ শুৱনী, আরু ইমান জেউতীয়া আরু লীলাচতুৰ, যেন তেওঁ এই মাত্র দেৱ-নগৰৰপৰা নামি আহিছে; আরু পৃথিবীৰ চাৰিও কোণৰ সকলো ৰজা আহি সয়ম্বৰত উপস্থিত হব, আরু এনেটী সুন্দৰী ছােৱালীক পত্নীরূপে


 * হইলৰ চাহাবৰ ভাৰতবৰ্ষৰ ইতিহাসৰপৰা ভাঙ্গনি ৷ [ ৭১ ]
 

লাভ কৰিবলৈ যত্ন কৰিব। পাঁচ পাণ্ডৱে দ্ৰৌপদীৰ এইবিলাক কথা শুনি জৰ্জ্জৰিত হ'ল, আরু সয়ম্বৰলৈ যাবলৈ মন স্থিৰ কৰিলে; তেওঁবিলাকৰ ছোৱালীটীৰ কথাকে ভাবি থকাত, ৰাতি তোপনি নাহিল। ৰাতি পুওৱা মাত্ৰকে, তেওঁবিলাকে কুন্তীক ধৌম্য পুৰোহিতৰ হাতত গটাই দি এটা ঘৰত থলে; আরু দ্ৰুপদ ৰজাৰ নগৰ কামপিল্যৰ অভিমুখে সাধ্য অনুসৰি বেগেৰে যাবলৈ ধৰিলে। তেওঁবিলাকে নগৰ পাই দেখিলে গৈ যে, অসংখ্য ৰজাই, হাতী, ঘোঁৰা, দলবলেৰে আহি শিবিৰ পাতি আছে, আরু সয়ম্বৰলৈ নানা ঠাইৰপৰা বামুণ, ক্ষত্ৰিয়, সাউদ, তামাচা-লোক, দৰ্শক প্ৰভৃতি লোক আহিছে৷ নগৰৰ বাহিৰে, চাৰি সীমাত গড়েৰে সুশোভিত এখন ডাঙ্গৰ পথাৰ কৰা হৈছে। তাতে ৰজাবিলাকে ধনুৰ্বিদত নিজৰ নৈপুণ্য দেখাব। তাৰ চাৰিও পিনে, নামপ্ৰখ্যাত নিমন্ত্ৰিত লোকবিলাক থাকিবৰ নিমিত্তে, চমকীয়া মন্দিৰ, আরু সয়ম্বৰৰ কাৰ্য-ক্ৰীড়া দেখিবৰ নিমিত্তে ওখ মঞ্চ সজা হৈছে। পথাৰৰ এচুকত এটা ভয়ানক ওখ খুঁটা আছে, তাৰ মূৰত এটা সোণৰ মাছ আঁৰি থোৱা আছে, তাৰ তলত এখন চক্ৰ অনবৰত চক্‌চক্‌-কৰে ঘূৰি থাকিব লাগিছে। দ্ৰুপদ ৰজাৰ এয়ে পণ যে, চক্ৰ ঘূৰি থাকোঁতে যিজনে তাৰ মাজে দি কাঁড় মাৰি মাছৰ চকু বিন্ধিব পাৰিব, দ্ৰৌপদী তেওঁৰে পত্নী হব।

 আহাৰ-বিহাৰ, ৰং-ধেমালিত ষোল দিন কাটি গল, তেতিয়া কামপিল্য নগৰত সয়ম্বৰৰ পুৱা-কাল প্ৰকাশিত হল; আরু সূৰ্য্যৰ উদয় হলত কেও পিনে জাকজমকাল নিচান উড়িবলৈ [ ৭২ ] ধৰিলে, ঢাক-শব্দ আরু ভেৰীৰৱৰ দ্বাৰা নগৰময় সয়ম্বৰৰ ঘোষণা হল। নগৰৰ সকলো লোক আহি পথাৰত একত্ৰীত হল, আরু গড়ৰ চাৰিও কাষে জমিল। ৰজাৰ সুসজ্জিত সৈন্যবিলাকে সুন্দরূপে শান্তিৰক্ষা কৰিবলৈ ধৰিলে। নৰ্ত্তক আরু তামাচা-লোক, বাজিকৰ আরু গায়ক, নায়ক আৰু পালোৱান, মাল আরু অস্ত্ৰ-যুজারুবিলাকে বিবিধ ক্ৰীড়াৰ দ্বাৰা দৰ্শকবিলাকক আমোদিত কৰিছিল। ৰজা আরু বৰবিলাকে মঞ্চত নিজ নিজ আসন অধিকাৰ কৰিলে; আৰু তাতে পাণ্ডৱবিলাকে ঘোৰ শত্ৰু ৰজা দুৰ্য্যোধন, উচ্চাকাঙ্ক্ষী কৰ্ণ আরু আন আন কৌৰৱ বীৰবিলাকক দেখিবলৈ পালে। কৌৰৱবিলাকে, ইমান দিনে পাণ্ডৱবিলাক নিশ্চয় মৰিল বুলি ভাব কৰিছিল। সেই সভা-স্থলীত, দ্বাৰকাৰ অধিপতি কৃষ্ণ আরু তেওঁৰ ককায়েক সুৰা-ভক্ত বলৰাম উপস্থিত আছিল। পছিমৰপৰা সিন্ধুৰাজ জয়দ্ৰথ, আরু গান্ধাৰ দেশৰ ৰজাৰ দুজন পুতেক আহিল। পূবৰপৰা কোশল-ৰাজ বৎসৰাজ, মগধ-ৰাজ জৰাসন্ধ আৰু পাণ্ডৱ-ৰাজ বসুদেৱ আহিল। দক্ষিণৰ- পৰা চেদীৰাজ শিশুপাল, বিৰাট-ৰাজ বিৰাট আরু মদ্ৰৰাজ শল্য আহিল। এইবিলাকত বাজে আন আন যিবিলাক ৰজা আহিছিল, সেইবিলাকৰ গণনা কৰিব নোৱাৰি। মঞ্চত ঠাই লোৱা আগন্তুকবিলাকক সকলো বিধৰ আহাৰাদি দ্ৰব্য যোগোৱা হৈছিল; গোন্ধ-বিলোৱা মানুহবিলাকে গোলাপপানী, চন্দন, সুগন্ধী কাঠ, আৰু আন গোন্ধ-পানী বিলাই ফুৰিছিল।

 অলপ সময়ৰ পাচত, ৰাজকুমাৰীয়ে আকাঙ্ক্ষী সভা

লোকবিলাকৰ মাজলৈ সৰ্ব্বলাৱণ্যৰে আহিবৰ কাল উপস্থিত [ ৭৩ ]
 

হল। সুন্দৰী চিকুণ সাজেৰে সজ্জিতা, আৰু প্ৰদীপ্ত ৰত্নাদিৰে অলঙ্কৃতা হল, আরু তেওঁ হাতত এৰি বৰমাল্য ললে । তেওঁ তাক যাৰ কণ্ঠত পিন্ধাব, সেই সুভগীয়া পুরুষেই তেওঁৰ স্বামী হব। তেতিয়া বামুণবিলাকে দেৱতাৰ মহিমা-কীৰ্ত্তন কৰি শ্লোক গাবলৈ ধৰিলে, আরু স্তুতিবাদেৰে আকাশ পৰিপূৰ্ণ কৰিলে। ইয়াৰ পাচত, দ্রৌপদীৰ ককায়েক ধৃষ্টদ্যুম্ন ভনীয়েকৰ কাষত থিয় হৈ কবলৈ ধৰিলে। গোটেই সভা নিমাত হল। তেওঁ ঘােষণা কৰিলে, যেয়ে বাণপ্ৰয়ােগ কৰি প্ৰথম বাৰতে, সােণালি মাছৰ চকু বিন্ধিব পাৰিব, তেওঁৱে সেই কন্যা পাব। যুবৰাজে তেতিয়া দ্রৌপদীক, এজন-এজনকৈ কন্যা প্রার্থীবিলাকৰ নাম আৰু গােত্র কলে। তেওঁ সভাৰ সকলােকে শুনাই আকৌ ঘোষণা কৰিলে, যেয়ে লক্ষ্য বিন্ধিব, দ্রৌপদীয়ে তেওঁৰে কণ্ঠত মালা পিন্ধাব, আরু সেই দিনৰপৰা দ্রৌপদী তেওঁৰ হব। ধৃষ্টদ্যুম্নে তেতিয়া ৰজা আৰু বীৰবিলাকলৈ চাই কলে:—এয়া দ্রৌপদী—মােৰ ভনী; একেবাৰতে, লক্ষ্য বিন্ধিব পৰা, নিজৰ শক্তি আরু নিপুণতা আছে বুলি যি জানে, তেওঁ উঠি, সয়ম্বৰৰ প্রতিজ্ঞাকাৰ্য্যসাধন কৰোক।

 এই কথাৰ পাচত ৰজাবিলাক আসনৰপৰা উঠিল, আরু সােনালি মাছৰ খুঁটাৰ ওচৰলৈ চাপিল ; চক্র অবিৰাম ঘূৰিবই লাগিছিল। যিখন শকত আরু গধুৰ ধেনুৰে বাণ এৰিব লাগিব, তেওঁবিলাকে তাক ভালকৈ চাই ললে । যদিও প্রত্যেকে আনৰ প্রতি ঈর্ষান্বিত, তথাপি, কোনেও ধেনু তুলিবলৈ সাহ নকৰে, কিজানি চেষ্টা বিফল হয়, আরু তেতিয়া [ ৭৪ ]
 

সকলোৱে লাজ দিব। কিছু সময়ৰ পাচত, এজন ৰজা আগ বাঢ়িল, আরু ধেনু ভিৰাবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে । আন এজন, আকৌ আন এজন আহি ধেনুত যোৰ দিবলৈ চালে, কিন্তু সকলো অপাৰগ হল, কাৰণ তাৰ অপৰিমিত জোৰ আরু ভয়ানক আকাৰ । অনেক ৰজাই চেষ্টা কৰিলে, আরু অলঙ্কাৰ খহাই থৈ, সাধ্যমতে জোৰ দিলে, কিন্তু এজনেও ধেনু ভিৰাব নোৱাৰিলে। তেতিয়া বীৰোৎসাহী ধনুৰ্ধৰ কৰ্ণ আহি ক্ৰীড়াস্থলীত সোমাল। সকলো লোকৰে মন ভাঙ্গি দি, আরু আটাইকে আচৰিত মনাই, তেওঁ ধেনু ভিৰালে, আরু যোৰত বাণ খুৱালে । সকলোৱে ভয় কৰি থাকোঁতেই, আত্মাভিমানিনী দ্ৰৌপদীয়ে মনত ঠিক কৰিলে যে, এটা ৰথীৰ পুতেক তেওঁৰ প্ৰভু হব নোৱাৰে। আরু উলিয়াই চিঞৰি কলে, “মই হীন জাতৰ মানুহক বিয়া নকৰাওঁ!” লাজত কৰ্ণৰ বিভ্ৰম হল, কাৰণ তেওঁ নিজৰ নীচ জাতৰ কথা বুজি পায়। তেওঁৰ খং উঠিল, আরু তিতা লাগিল, কিন্তু তেতিযাই ক্ৰীড়াস্থলীৰপৰা মিচিকিয়াই ওলাই আহিল আরু সূৰ্য্যলৈ চাই কলে :-“হে সূৰ্য্য ! তুমি সাক্ষী থাকিবা, চক্ৰৰ বাটে দি কাঁড় মাৰি সোণালি মাছৰ চকু বিন্ধিব নোৱৰা বাবে মই পলাই অহা নাই। মই সিদ্ধিলাভ কৰিব পাৰিলেও, দ্ৰৌপদীযে মোক গ্ৰহণ নকৰে, এই কাৰণে হে মই ধেনু এৰিলোঁ ।” তেতিয়া চেদীৰ ৰজা শিশুপাল, আরু মগধৰ প্ৰখ্যাত ৰজা জৰাসন্ধে, ইজনৰ পাচে সিজনে ধেনু ভিৰাবলৈ


 * কাশীদাসে, কৰ্ণৰ, লক্ষ্য বিন্ধিব নোৱৰাৰ আন কাৰণ দিছে । [ ৭৫ ]
 

চেষ্টা কৰিলে, কিন্তু দুয়াে পৰান্ত হল। এই কাম তেনেকুৱা পৰাক্ৰমী ৰজাৰ সাধ্যাতীত হােৱা দেখি,আন আন বীৰবিলাকে ধেনু চুবলৈয়ে সাহ নকৰিলে, জানোচা তেওঁবিলাককো মানুহে হৈ দিয়ে।

 এতে বেলি, পাণ্ডৱবিলাকে ব্রাহ্মণমণ্ডলীৰ মাজত থিয় দি অছিল। অৰ্জ্জুনে সিহঁতৰ মাজৰপৰা ওলাই আগ বাঢ়িল, আরু গৈ ধেনুখন তুলি ললে। সয়ম্বৰত জয়লাভ কৰিবৰ নিমিত্তে এটা বামুণক চেষ্টিত হোৱা দেখি, সভাৰ সকলােৱে আশ্চর্য্য হৈ কোঢাল কৰিবলৈ ধৰিলে। কোনো কোনােৱে অৰ্জ্জুনক উপহাস কৰি কলে.—সকলো বৰ বৰ ৰজাই যাক কৰিব নােৱাৰিলে, এনে এটা মহৎ কাম এটা বামুণ কৰিব নে?” কোনোৱে বা চিঞৰি কলে:–“বামুণে যদি তাৰ শক্তি আরু কাৰ্য্যদক্ষতা নেজানিলেহেঁতেন, সি চেষ্টা নকৰিলেহেতেন।” যিবিলাক প্রকৃত বামুণ অছিল, সকলােৰে মনত ভয় হল, জানোচা এই কাৰ্য্যৰ দ্বাৰা ৰজাবিলাক অসন্তুষ্ট হয়, কাৰণ তেতিয়া সিহঁতে দান-দক্ষিণাৰ পৰা বঞ্চিত হব পাৰে। সিহঁতে অর্জ্জুনক থাকিবলৈ কাকূতি কৰিলে; কিন্তু তেওঁ নিন্দাবাদ বা শলাগ-কথা একোলৈ কাণ নিদিছিল। অৰ্জ্জুনে দ্রোণগুৰুক স্মৰণ কৰিলে, আরু তেতিয়া ধেনুখন ভিৰালে, তাত জৰী লগালে, আরু ডােলত কাঁড় খুৱাই, চক্ৰৰ মাজে দি কাঁড এৰি দিলে, আরু সােণালি মাছৰ চকু বিন্ধিলে। তেতিযা, দূৰৈৰ বজ্ৰৰ ঠনঠনি আরু ঘন ঘন শব্দৰ নিচিনাকৈ, সেই দুজ্জয় সভাৰপৰা জয়ধ্বনি হল; বামুণবিলাকে আনন্দত উত্ৰাৱল হৈ উত্তৰীয়-কাপোৰ জোকাৰিবলৈ ধৰিলে; ঢাক[ ৭৬ ] ঢোলৰ আনন্দ-বাজনাৰে আকাশ পুৰ্ণ হল। সুন্দৰী দ্ৰৌপদীয়ে সেই ডেকা বীৰপুরুষৰ রূপৰ চমৎকাৰিত্ব দেখি বৰ ৰং পালে, আরু তেওঁৰ ককায়েকে কৈ থোৱা উপদেশমতে অৰ্জ্জুনৰ কণ্ঠত বৰমাল্য দিলে, আরু সয়ম্বৰৰ বিধি অনুসাৰে তেওঁক লৈ যাবলৈ অনুমতি কৰিলে।

 কিন্তু ইতিমধ্যত ৰজাবিলাক অগ্নিমূৰ্ত্তি হৈছিল, আরু কবলৈ ধৰিলে :-“এজন ৰজাই কন্যা পাব নোৱাৰিলে নে, আরু আমাক এটা বামুণে অপমান কৰিব? দ্ৰুপদ ৰজাই আমাক সয়ম্বৰলৈ নিমন্ত্ৰণ কৰিব, আরু জীয়েকক এটা বামুণক দিব? ৰজাৰ জীয়েকে সদাই ক্ষত্ৰিয়ক বৰিব লাগে, আরু এটা বামুণে আমাৰ অধিকাৰত হাত দিব? বামুণ অবধ্য, কিন্তু পাপিষ্ঠ দ্ৰুপদৰ বংশ উচ্ছন্ন কৰা।" এই কথা কৈ, তেওঁ বিলাকে অস্ত্ৰ উলিয়াই খঙৰ মূৰ্ত্তিৰে দ্ৰুপদ ৰজাক বেৰি ললে; আৰু ৰাজকন্যাক ভয় দেখালে যে, যদি তেওঁ এজন ক্ষত্ৰিয়ক নবৰে, তেনেহলে তেওঁক জুইত পুৰি মাৰিব। কিন্তু পাণ্ডৱ- বিলাকে দ্ৰুপদৰ ৰক্ষাৰ নিমিত্তে ওলাল, আরু ৰজাবিলাকেৰে যুজি আশ্চৰ্য্য বীৰত্ব দেখালে, আরু বামুণবিলাকে তেওঁক সাহায্য দিবলৈ ঠেলাঠেলি আৰম্ভ কৰিলে। এনে সময়ত, দ্বাৰকাৰ ৰজা কৃষ্ণে, পাঁচ ভাই-কথায়েকৰ ছদ্মবেশ চিনিব

পাৰিলে, আরু সান্ত্বনা-কথাৰে ৰজাবিলাকৰ খং লঘু কৰিলে, আরু তেওঁৰ মত দিলে, বামুণে দ্ৰৌপদীক ধৰ্ম্মানুসাৰে লাভ কৰিছে। সকলো ৰজাই গোমোঠা খঙ্গত ঘৰলৈ উল টিল, আরু পাণ্ডৱবিলাকে, অৰ্জ্জুনৰ পুৰস্কাৰ রূপৱতী দ্ৰৌপদীক লগত লৈ যাবলৈ অনুমতি পালে। [ ৭৭ ]
 

জোনটিলৈ চাই ।

ভনীয়েক—চোৱাঁ হে বাইটী ! হেৰা, চোৱাঁ ফুলপাহি,
 কেনে নো জেউতি, আরু কেনেকুৱা হাঁহি ।
চাই হে থাকিম যেন,  জানা মােৰ এনে মন ;
 পাৰে নে কোনােবা হব এনে কাঠচিত,
 যাৰ প্ৰাণ নপমিব এনেটি হাঁহিত ।

 লৰি লৰি ফুলপাহি কেনেকই যায় ।
 ফুলি আছোঁ বুলি, দেহি, জগত জনায় ।
তুলি আনি তেও হায় !  খােপাত পিন্ধোঁতা নাই ।
 —ভাবি পালে জগততে কাৰো চকু নাই ।
ফুলি ফুলি ফুলপাহি আকৌ মাৰ যায় ।

 ফুলটিৰ কেনেকই কলা হল হিয়া, *
 অ বাইটী! চোৱাচোন, নেলাগে নে বেয়া?
চাই আছে কেনেকই,  আমনজীমনকই !
 তথাপি কোনােৱে তাক হাত মেলি নানে।
 মানুহে ফুলৰ, হায়, আদৰ নেজানে !

বায়েক-ভনীটী! আজলী তুমি, চুমা এটি দিয়াঁ ।
 ই কথাত মানুহৰ দোষ নাইকিয়া:
আছে ফুল আকাশত,—  নেযায় তালই হাত ।
 কিন্তু পৃথিবীত হয় যি ফুল উৎপন,
 তাতো মানুহৰ, হায়, কেনে অযতন !


 * জোনৰ কলঙ্কৰ বিষয়ে কোৱা হৈছে। [ ৭৮ ]
 

নুরুদ্দিন আলিয়ে, তেওঁৰ পুতেক বদরুদ্দিন হোসেনক দিয়া সাংসাৰিক উপদেশ।

—আৰব্য উপন্যাস।

 ১। সকলো বিধ মানুহেৰে ঘনিষ্ঠ সম্বন্ধ নেৰাখিবা। তোমাৰ মনৰ কথা তোমাৰ মনত থবা; মনোভাব আনৰ আগত নকবা।

 ২। কাৰো ওপৰত অত্যাচাৰ নকৰিবা; কাৰণ তেতিয়া তোমাৰ ওপৰত সকলোৰে ঘিণ হব। সংসাৰ মহাজন; তাৰ ওচৰত তুমি পৰিমিতাচাৰ, অনুকম্পা, আরু সহিষ্ণুতাৰ ধরুৱা।

 ৩। তোমাক কোনোবাই গালি পাৰিলে, মুখেৰে নে- মাতিবা। যি মনে মনে থাকে, তাৰ বিপদ নাই। মৌন জীৱনৰ অলঙ্কাৰ আরু ৰক্ষক। ধুমুহা বৰষুণৰ নিচিনাকৈ,আমাৰ কথাই সকলো নষ্ট কৰিব নেলাগে। তাকৰ কথা কোৱা বাবে কোনো মানুহ বিপদত পৰা নাই। কিন্তু সৰহ কথা কোৱাত, অনেক লোকৰ দুৰ্ঘটনা হৈছে।

 ৪। মদপান নকৰিবা, কাৰণ মদেই সকলো পাপৰ আদি- কাৰণ।

 ৫। তুমি পৰিমিতব্যয়ী হবা; যদি তুমি তোমাৰ সম্পত্তি মিছাতে নুৰোৱাঁ, তেনেহলে টানত সি তোমাক পুহিব। তুমি অতিদানী হবা বা অতিকৃপণ হবা, মই এনে কথা কোৱা

নাই; যিমানেই কি কম পোঁৱা, তাকে নিয়মিতরূপে চলাবা,আরু উচিত কামত তাৰ ব্যয় কৰিবা,তেতিয়া তোমাৰ অনেক বন্ধু হব। কিন্তু তোমাৰ বিস্তৰ সম্পত্তি থাকিলেও, যদি তাৰ অপব্যয় কৰাঁ, তেনেহলে সংসাৰে তোমাক এৰিব। [ ৭৯ ]
 

কাগজ।

 কাগজৰপৰা মানুহৰ কিমান উপকাৰ হৈছে, তাক বৰ্ণিব নোৱাৰি। এই কাগজৰ দ্বাৰাই বিদ্যাপ্ৰচলনৰ অতিসুচল হৈছে। আমাৰ কিতাপবিলাক ইয়াৰেই নিৰ্ম্মিত। কিতাপ সভ্যতাৰ প্ৰধান পৰিচালক। প্ৰত্যেক মানুহৰ নিমিত্তে স্মৃতি- শক্তি যেনে, মনুষ্যজাতিৰ নিমিত্তে কিতাপ তেনে। কিতাপ থকা বাবেই, আমি পূৰ্ব্ব পূৰ্ব্ব মহাপুরুষ সকলৰ ভাববিলাক অধিকাৰ কৰি, নিজক উন্নত কৰিব পাৰিছোঁ। সেই ভাব-বিলাক সাঁচি থবৰ একো উপায় নোহোৱা হলে, আমি আজিও অজ্ঞানৰ এন্ধাৰত পৰি থাকিব লাগিলহেঁতেন। এতিয়া সুগমরূপে বুজিব পাৰি, কিতাপে আমাৰ কিমানদূৰ হিতসাধন কৰিছে। এনে কিতাপ, কাগজৰপৰা হৈছে।

 পূৰ্ব্বকালত যদিও কাগজ নাছিল, তথাপি লিখনকাৰ্য্য যে মূলেই নচলিছিল, এনে নহয়। মানুহবিলাকে বট, আহঁত কল, তাল-আদি গছৰ পাতত লিখিছিল। আরু ছালৰো ব্যৱহাৰ আছিল। আমাৰ দেশত আজিকালিও সাঁচি পাতেৰে পুথি লিখা হয়। সাঁচি-পাত সোনকালে নষ্ট নহয়, আরু অনেক দিনলৈকে থাকে।

 কাগজ কৰাৰ প্ৰণালী এনেকুৱা;-ফটাকানি, পাট, শণ, এইবিলাকৰপৰাই ঘাইকৈ কাগজ কৰা হয়। সুতাবিলাক যেন খহটা বা মিহি হয়, কাগজো তেনে খহটা বা মিহি হয়। সেই দেখি, ফটাকাণিবিলাক আগধৰি বেলেগবেলেগকৈ

বিছি, নিকাকৈ ধুব লাগে। সেইবিলাক ঢেকিত মিহিকৈ খুণ্ডি [ ৮০ ]
 
অলপ পানীত পেলাই মণ্ডৰ নিচিনা কৰিব লাগে। আরু তাৰ পাচত উমি উমি তপত হোৱা পানীৰে তাক গুলি লব লাগে। তেতিয়া সেই মণ্ডখিনি বাঁহ বা লোৰ শলিৰ এখন ছাকনীৰে এনেভাৱে ওপৰলৈ তুলি খন্তেক ধৰি থাকিব লাগে, যেন সি চাৰিও পোনে সমানভাৱে মেলি পৰে। অলপ বেলিৰ পাচতে ছাকনীৰ বিন্ধাই দি পানী-অংশ বৈ যাব। তেতিয়া তাক, ছাকনীখন লুটিয়াই, কাঠৰ পাত এচটাৰ ওপৰত নমাই থলেই, কাগজ নিৰ্ম্মিত হয়। কাগজৰ আকাৰ, ছাকনীৰ আকাৰৰ অনুরূপ হয়। এইদৰে ওপৰে ওপৰে অনেক কাগজ জাপি, তাৰ ওপৰত এটা ডগাৰে হেঁচা দি থলে, বাকি পানীখনি ওলাই যাব। তেতিয়া এখন এখন কাগজ বেলেগাই শুকাব লাগে।

তাকে কৰি, ভাত বা আন কোনো তেনে বস্তুৰ মাৰ ঘঁহি, আকৌ শুকাব লাগে। তেতিয়া কাগজবিলাক টান হৈ পৰে। তাৰ পাচত নিয়মমতে কাগজৰ কোষ কাটি, দিস্তা বান্ধি, সেইবিলাক বেচিবৰ নিমিত্তে থৈ দিয়া যায়।

 ইওৰোপ আৰু আমেৰিকা দেশত এইবিলাক সকলো কাম, কলৰ সাহায্যেৰে হয়। এনে উপায় থকাত, কাগজ কৰিবৰ যে কিমান সুবিধা হৈছে, তাক কৈ এঁটাব নোৱাৰি। কলৰ দ্বাৰা, অলপ সময়তে অনেক কাগজ প্ৰস্তুত হয়, আরু গুণতে সেইবিলাক বৰ উত্তম হয়। ব্ৰিটন আরু ফ্ৰান্সৰ কাগজবিলাক আটাইতকৈ ভাল। জন্মণি দেশত প্ৰায়েই বেয়া কাগজ হয়।

 চীনদেশত কেঁচা বাঁহৰ গুৰা আরু আন কেইবা বিধৰো গছৰ বাকলিৰপৰা কাগজ প্ৰস্তুত কৰা হয়। চীনদেশৰ [ ৮১ ]
 

কাগজবিলাক বৰ পাতল। চীনবিলাকে কোনো এটা বহল আধাৰৰ ওপৰত, কাগজ শুকাবলৈ মেলি দিয়ে, আৰু মণ্ডাদি কেৱল ওপৰ ভাগতে ঘঁহে। সেই দেখি সেইবিলাকৰ এপিঠি যেনে ভাল হয়, আন পিঠি তেনে নহয়। বঙ্গদেশতাে কাগজ প্রস্তুত কৰা হয়। পূর্ব্বে শ্ৰীৰামপুৰত কাগজ প্রস্তুত হৈছিল, আজি কালি বালি আরু টিটেগড়ত হয়। এই কাগজ বৰ ভাল হৈছে, আরু ইয়াৰ প্ৰচলনো দিনে দিনে অধিক হব লাগিছে। দেশীয় বেপাৰীৰ শ্ৰী যিমান বাঢ়ে, দেশৰ সিমান উন্নতি হয়।

 আমি নানা বৰণৰ কাগজ দেখিবলৈ পাওঁহক। কাগজ তুলিবৰ সময়ত, মণ্ডৰ লগত যেনেকুৱা ৰং মিহলি কৰা যায়, কাগজো তেনেকুৱা ৰঙ্গৰ হয়। বিলাতী কাগজৰ ২৪ টাত এক দিস্তা, আরু ২০ দিস্তাত এক ৰীম হয়। কিন্তু জৰ্ম্মনী আরু দেশী কাগজৰ গণনা বেলেগ। সেইমতে ২৫টাত এক দিস্তা হয়। ছাপাখানাৰ সুচলৰ নিমিত্তে, আজিকালি অনেক বিলাতী কাগজৰো দিস্তাত ২৫ টাকৈ থাকে।

 ছাগলীৰ ছাল-আদিৰেও কাগজ প্রস্তুত হয়। নােম কাঢ়ি, ছাগলীৰ ছাল চূণৰ পানীত তিয়াই থব লাগে। তাৰপৰা তুলি সুন্দৰরূপে ছাঁচি তাক বেচ পাতল কৰিব লাগে। তাৰ পাচত, এবিধ শিলৰ দ্বাৰা ঘঁহি অতি মিহি কৰা হয় । তাকে ইংৰাজীৰে পার্চমেণ্ট বােলে। পার্চমেন্ট বহুকাল ভালে থাকে।

————

পখী ৷

 —"আপোন মনেৰে উড়ি ফুৰোঁ, মলয়াত নাচি নাচি ঘূৰোঁ;

 তথাপি মনৰ শান্তি নাই কিয়?

 [ ৮২ ]
 

মধুৰ মাতেৰে গাওঁ গীত,  সিও ভয় দিয়ে পৰাণত।
 কতনােবিলাম অসুখীয়া জীৱ।
গছৰ ডালত পৰি থাকো,  ছঁয়াটি মাথােন দেখোঁ।
 সুখৰ দুখৰ ভাগী নাই কেওঁ।
কত দিন উঠিছে কণ্ঠৰ,  দেৱভাষী ৰগৰ সুৰ;
 শুনি হাঁহিবলৈ নােলাল এটিও।
এৰি যাম নির্জন কানন,  তুষিম গৈ মানুহৰ মন।—
 বন্দী হল পখী সােণালি সজাত।
ঠেও ধৰি কত গীত গালে,  নানাবিধ ভঙ্গী আচৰিলে।
 শলাগিলে তাক মানুহে হাঁহিত।
ইদিনত সিদিন মিলিল,  একে ভাৱ কেনেবা লাগিল;
 যাব গৈ খুজিলে মাৰি পাখি-ছাটি।
কোনে আহি হাতটি বুলায়,  ধীৰে ধীৰে সুহুৰি বজায় ।
 আরু নেমানিলে সান্ত্বনাপখীটি!

————

আহােম ৰাজত্বৰ আদি-বিবৰণ।

 ইন্দ্ৰে সৰস্বতীক আশ্ৰয় কৰি মনত কৰিলে, পৃথিবীত চন্দ্র সূৰ্য্যবংশৰ অনেক ৰজা হৈ গৈছে, মই দেৱৰাজ, কিন্তু মােৰ বংশৰ ৰাজত্ব নাই ; এতেকে মােৰ সন্তানৰো পৃথিবীত ভােগ হওক।” এনে প্ৰস্তাৱ ঠিক কৰি তেওঁ বিশ্বকৰ্মাক, † ৰাজপূজাৰ এটি মূর্ত্তি সাজিবলৈ আজ্ঞা কৰিলে। বিশ্বকৰ্মাই চোমদেও ‡ নামেৰে এটি মুর্ত্তি কাটিলে। ইন্দ্ৰে বায়ুক § কটকী


 • আহােমৰ মাতেৰে জাচিংফা।  †লাউখে।

 ‡ প্রকৃত নাম সােমদেৱ হব পায়।  § লুংচাইনেত ৷ [ ৮৩ ]
 
পঠাই, তেওঁৰ পুতেক খেনখামক মতাই আনিলে, আরু পৃথিবীত ৰজা হবলৈ কলে। খেনখাম নিজে আহিবলৈ অমান্তি হল, কিন্তু তেওঁৰ পুতেক খুনলুং আরু খুনলাইক পঠিয়াবলৈ গাত ললে। ইন্দ্ৰেও তাতে মত দিলে। আরু তেওঁ কলে, “খুনলুং। তই বৰ, তয়ে ৰজা হবি; খুনলাই সরু, তোৰ লগত যুবৰাজ-স্বরূপে থাকিব। আরু এই চোমদেওক দিছোঁ, এওঁক নিতে পূজা কৰিব, আরু বছেৰেকত মাঘত এবাৰ আরু চতৰ সংক্ৰান্তিত এবাৰ, শুকুলা কাপোৰ পিন্ধি বিধিমতে উলিয়াই গাখীৰ, গন্ধদ্ৰব্য আৰু গাঠিয়নেৰে ধুৱাই পূজা দি চাবি। তেতিয়া আঁঠ লাখ দেৱতা নামিব, আরু ময়ো ইয়াৰ পৰা চাম। দেৱতাক ধুওৱা পানী সকলোৰে গাত চেটিয়াবি আরু খাবি। এই দেৱতাক সততে নুছুবি আরু নেচাবি। আৰু আন কাকো ছুবচাব নিদিবি; আনে ছুলে চালে দেশত বিভ্ৰাট আৰু মাৰিমৰক হব। আরু আদ্যাশক্তিত * খুজি এই হেংদানখনি দিছোঁ, ইয়াকে তই আওজা খুটাতে বান্ধি থবি; যি লোকে তোৰ বিদ্ৰোহাচৰণ কৰে, তাক সেৱা কৰাবি, যদি তাৰ ফাললৈ হেংদান ঘূৰি আপুনি মুখ কৰে, অৰ্থাৎ তাৰ ফাললৈ যদি ধাৰ-ভাগ হয়, তেতিয়া হে তাক কাটিবি; এয়ে নহলে নেকাটিবি, আৰু যি যি আবৰী, তালৈ এই হেংদান টোঁৱাই দিবি; ভয় পাই বৰিব৷ আরু ইন্দ্ৰে বৰ সরু দুটা ঢাক দি কলে, “শত্ৰু বাঢ়িলে, পূজা দি এই ঢাক কোবাই, মোলৈ জাননী দিবি, তেহে ৰাজশক্তি হব। আরু তেওঁ কাইচেংমুং নামেৰে দুজুৰি কুকুৰা দি কলে, "ইয়াৰ

 * খানখামফাফা। [ ৮৪ ]
 

ঠেঙ্গেৰে মঙ্গল চাবি, সেই মঙ্গলৰ মতে চলিবি; পাখিখনি মঙ্গলকৰ্ম্মত পিন্ধিবি, তোৰ ৰাজশক্তি বাঢ়িব; মূৰটোকে ডেউকা দুখনকে খাবি, তোৰ অশেষ বুদ্ধি হব, আরু তই চক্ৰবৰ্তী ৰজা আরু প্ৰধান বাহুবলী হবি।" সেই কাইচেংমুঙ্গকেই কাইৰাক ফাও বোলে। ইন্দ্ৰে চন্দ্ৰ * আরু সূৰ্য্যৰ † পুতেকক মন্ত্ৰী-স্বরূপে সহায় দি, নীতিনিবন্ধ শিকাই, অনেক পণ্ডিত আদি দেৱাংশ প্ৰজাৰ লগত তেওঁবিলাকক বিদায় দিলে।

 সকলো জাতিৰে সৈতে, চোমদেওক মুৰত লৈ, খুনলুং আরু খুনলাই দুয়ো ভায়েক, হিন্দুমতৰ ৪৯০ শঁকৰ আঘোণত স্বৰ্গৰপৰা লোৰ শিকলিৰে নামি আহি এখন অৰাজক ঠাই পালে হি। তাকে আহোম মতে মুংৰিমুংৰাম বোলে। তাতেই পৃথিবীৰ লোকেৰে তেওঁবিলাকৰ পৰস্পৰ লগ হল। এনেতে খুনলুঙ্গে কাইচেংমুঙ্গৰ বতৰা ললে, কিন্তু কোনেও তাৰ কথা কব নোৱাৰিলে। তেতিয়া খুনলায়ে কলে বোলে তাক আনিবলৈ পাহৰা হল। ইয়াকে শুনি, খুনলুঙ্গে তাৰ গুণবৰ্ণনা কৰি মনত বহুত দুখ কৰিলে, আৰু খুনলাইক কলে যে, এতিয়াও তেওঁ গৈ তাক লৈ আহোক গৈ। কিন্তু তেনে জগৰীয়া হোৱাত, খুনলায়ে যাবৰ সাহ নকৰিলে। তেতিয়া লঙ্গো নামেৰে এটা পৃথিবীৰ মানুহে কলে যে আজ্ঞা পালে সিয়ে যাব পাৰে। খুনলুঙ্গে তাক যাবলৈ আজ্ঞা কৰিলে, আরু তাৰ প্ৰাৰ্থনামতে খেহ দেশখন তাক দিবলৈ স্বীকাৰ কৰিলে। লঙ্গো গৈ সকলো বৃত্তান্ত ইন্দ্ৰত জনালে। তেতিয়া ইন্দ্ৰে চাই জানিব পাৰিলে যে হেংদান আৰু ঢাক ইয়াকো


 * খুন্তুন   † খুন্‌বান‌্। [ ৮৫ ]
 

আনিবলৈ তেওঁবিলাকে পাহৰি আহিল। ইন্দ্ৰে তেওঁবিলাকক বহুত খং কৰি, সেই তিনিওটা বস্তু লঙ্গোৰ হাতত দি পঠালে। লঙ্গোৱে ইন্দ্ৰৰ খঙ্গৰ কথা কৈ কলে, “কাইচেংমুঙ্গক মাৰি তাৰ মঙ্গহখিনি খাব, ঠেঙ্গেৰে মঙ্গল চাব, পাখি পিন্ধিব; মুৰটো আরু ডেউকা দুখন তই খাবি। আরু সিহঁতে যে ইমানতে পাহৰি এৰি গল, সেই বাবে হেংদানখন তোক দিছোঁ। তই যে খেহ দেশখন খুজি আহিছ, সি বৰ দেশ, তেহে তাক বশ কৰিব পাৰিবি।” এই কথা সত্য মানি, খুনলুঙ্গে হেংদান লঙ্গোক দিলে; আৰু কাইচেংমুঙ্গকো মাৰি লঙ্গোৱে কোৱা দৰেই কাম কৰিলে। তেওঁ তাৰ ঠেঙ্গেৰে মঙ্গল চালে। প্ৰথম মঙ্গলত, তেওঁৰ ফালে খোজ কঢ়া, আরু লোকৰ ফালে আল-বঢ়োৱা দেখা গল; দ্বিতীয় মঙ্গলত, তেওঁৰ ফালে সেন আরু লোকৰ ফালে চৰাই হল; তৃতীয় মঙ্গলত পোৱা গল যে, তেওঁ ৰজা হৈ বহি খাব আরু হাতীত উঠি ফুৰিব—লা লিগিৰীৰে ঘৰ ভৰা হব।

 ইয়াকে দেখি খুনলুঙ্গে, আটাইকে বশ কৰিব পাৰিম হেন বুলি, সেই মুংৰিমুংৰামতে নগৰ কৰিবলৈ দুই মন্ত্ৰীক আজ্ঞা কৰিলে। নগৰত আয়ুবৰ বাটবৰ কৰি, খুনলুঙ্গে ঘোষণা কৰি দিলে যে, তেওঁ ৰজা, আরু খুনলাই যুৱৰাজ হল। খুনলায়ে এগছ সোণৰ গুণ কৰালে, আরু কোনেও নজনাকৈ আয়ুবৰৰ শিপাতে পাঁচ মেৰ মেৰালে। পাচে তেওঁ ৰাজপদৰ আৰি কৰি কলে, “আয়ুবৰৰ শিপাত যদি তুমি দিয়া কিবা চিন আছে, তেহে তুমি মূলৰ ৰজা, নতুবা তুমি দুৱলীয়া হে। “খুন্‌লুঙ্গে ভায়েকক সংশয় নকৰি, আৰু মিছা কথাও কব নোৱাৰি কলে [ ৮৬ ]
 
“মই গছৰ শিপাত একো চিন দিয়া নাই।” খুনলায়ে কলে, “খানি চাওক, মই শিপাতে তেতিয়া সোণৰ গুণাৰে বন্ধাইছোঁ।” শিপা খনালত, তাতে সোণৰ গুণা ওলাল, তেতিয়া খুনলায়ে কলে, “মই হে মূলৰ ৰজা, তুমি দুৱলীয়া হে।” এনে বুলি খুলায়ে ককায়েকক দ্রোহ কৰি ৰজা হবৰ ইচ্ছা কৰাত, খুনলুঙ্গে চুৰ কৰি চোমদেওক হাতত লৈ পলাই গৈ ইন্দ্ৰত জনালে গৈ। ইন্দ্ৰে শুনি শাপ দিলে যে, খুনলায়ে চিৰকাল ৰজা হৈ থাকিবলৈ নেপাব, আরু কলে, “সি যে ছল কৰি তাত ৰজা হল, তই মুংখুমুংজাও দেশত ৰজা হ গৈ। এনে বুলি কোৱাত, চোমদেওক লৈ খুনলুং আহি মুংখুমুংজাওতে ৰজা হল হি। তেওঁ ৪০ বছৰ ভােগ কৰি পুতেকহঁতক দেশ বাঁটি দি স্বৰ্গী হল।

 খুন্‌লাই মুংৰিমুংৰামতে ৰজা হৈ ৭০ বছৰ ভােগ কৰি প্রাণ এৰিলে। ইন্দ্ৰৰ শাপত তেওঁ স্বৰ্গলৈ যাব নােৱাৰিলে। তেওঁৰ পুতেক ত্যাও আই জেপত্যাংফা ৰজা হল। এওঁ ৪০ বছৰ ভােগ কৰি অপুত্রক হৈ স্বৰ্গী হল। এওঁ ৰজা হােৱা দিনৰেপৰা লাক্লিৰ গণনা চলিছে। এই হেতুকে এই লাক্লিকে আইজে'প লাক্লি বোলে। নৰা * আরু মান দেশতো এই লাক্লি চলিত হৈ আছে ।

 মুংৰিমুংৰাম অৰাজক হলত, পাত্র মন্ত্ৰীয়ে কটকী পঠাই মুংখুমুংজাও দেশৰ ত্যাওখুঞ্জুন ৰজালৈ জনালে। তেওঁ নিজৰ পুতেক খাম্পফাক দিলে। এওঁৰ বংশ অনুক্ৰমে ৰজা হৈ আহিল। বহুত পুরুষৰ পাচত এজন ৰজা অপুত্রক হৈ


 * মুংকং দেশৰ নহচান্‌ফা নৰা ৰজা । [ ৮৭ ]
 
মৰাত, জুন্‌লুং দেশৰ ৰজাৰ কোৱৰক আনি ৰজা পতা হল। এই বংশৰে ত্যাওতাইলুং ৰজাই বৰ পুতেকক নিজ ৰাজ্য দি, সরু পুতেক ফুত্যাংখাঙ্গক মুংমিতকুপকিংনাও দেশৰ ৰজা পাতি স্বৰ্গী হল। বৰ পুতেক অপুত্ৰক হৈ স্বৰ্গী হোৱাত, পাত্ৰ মন্ত্ৰীয়ে মুংখুমুংজাও দেশৰ খুঞ্চ ৰজাৰ বংশৰ এজনাক আনি ৰজা পাতি ললে। তেওঁৰ পাচত তেওঁৰ পুতেক চুখান্‌ফা ৰজা হল। ইপিনে, ফুত্যাংখাং ৰজাই, ডাঙ্গৰ দুই পুতেকক আন দুখন ৰাজ্য দি, সরু পুতেক চুকাফাক নিজ দেশৰ ৰজা পাতি স্বৰ্গী হল।  পাচে জুন্‌লুং দেশৰ ৰজাৰে চুখান‌্ফা ৰজাৰ ৰণ লাগিল। সেই ৰণলৈ চুখান‌্ফা ৰজাই চুকাফা ৰজাৰ সাহায্য খুজি নেপালে। তাতে চুখানফা ৰজাৰ খং হৈ, তেওঁ চুকাফা ৰজাৰ বিরুদ্ধে যাত্ৰা কৰিবলৈ আলচ পাতিলে। চুকাফা ৰজাই এই কথাৰ বুজ পাই মুংকং দেশলৈ গল। তেওঁ সেই ৰজাৰ চোমদেওক লুকাই হাত কৰি লৈ, ১১৫০ শকৰ আঘোণত ভটিয়াই আহি সৌমাৰ দেশ পালেহি। ১৬ আঘোণৰপৰা সৌমাৰৰ পূৰ্ব্ব এক খণ্ডত ৰজা হল। তেওঁ আহোঁতে, ওপৰ খামজাঙ্গত নগা প্ৰভৃতিক জিকি সীমা কৰি, লগৰে বৰ গোঁহাইৰ ডেকা এজনক গাওঁখোৱা পাতিলে, আরু সেই গাওঁৰে উৎপন্ন বস্তুৰে চৈ সোধাই থাকিবলৈ অজ্ঞা দি পাটকাই পালে হি। তাতে নগৰৰে ৰণ হলত, নগাৰ চাঙ্গে সৈতে গৰকি জিকি নামরূপ পালে হি। তাতে এবছৰ থাকি, তিপাম, সলগুৰি, হাবুং, শিমলুগুৰি এইবিলাক ঠায়ে ঠায়ে দুই তিনি বছৰকৈ থাকি, সেই সেই ঠাইৰ নীতিধাৰা বুজি চৰাইদেওত নগৰ কৰিলে। ১১৬৪ [ ৮৮ ]
 

শঁকত তেওঁ মটকৰ বদৌচা ৰজা আৰু বৰাহীৰ থাকুমথা ৰজাৰে মিত্ৰতা কৰি, তেওঁবিলাকক মিলেৰে বশ কৰিলে। পাচে ১১৭৩ শঁকত মটকবিলাকক খৰিভাৰী, বাৰীচোৱা এনে ললে। এই মটককে মৰাণ বোলে। বৰাহীবিলাকক কাঠকটীয়া চাংমাই, ৰান্ধনি চাংমাই, ভঁড়ালী, জৰাধৰা বেজ, কুকুৰাচোৱা এনে বনুৱা কৰি ললে। বৰাহীবিলাকে কোৱাকুই কৰে, “এই ৰজা প্ৰজাবিলাক আহি ছলেৰে আমাক বনুৱা কৰি ললে। ইহঁত সামান্য নহয়, দেৱতাৰ অংশৰ মানুহ। ইহঁতৰ সম কোনো নাই, ইহঁত অসম মানুহ।” তেতিয়াৰেপৰা ৰজা আৰু লগত অহা প্ৰজাবিলাকৰ অসম নাম খ্যাত হল। সেই কথাৰেপৰা অসমৰ দেশ হল। **

———

আসামৰ মিশ্যনাৰি ইতিহাস ।

 ১৮৩৬ চনৰ মাৰ্চ মাহৰ ২৩ তাৰিখে আমেৰিকাৰ দিক্ষাদিওঁতা পাদুৰি সমাজৰ * সভ্য ব্ৰাওন আরু কটৰ চাহাব † মান দেশৰপৰা আহি সদিয়াত ভৰি দিয়ে। কলিকতাৰপৰা আহোঁতে বাটত তেওঁবিলাকৰ ৪ মাহ লাগে। জুন মাহত সদিয়াত এটা পঢ়াশালি পতা হয়। সেই বছৰৰে আক্তোবৰৰ ১৭ তাৰিখে, টমাচ আরু ব্ৰন্সন চাহাবে ‡ লগত সৰঞ্জাম আদি লৈ বোষ্টন § নগৰৰপৰা সপৰিবাৰে ৰাওনা হৈ, ১৮৩৭


 ** ভাষাৰ অলপ লৰচৰ কৰি, তামুলী ফুকনৰ আসাম বুৰঞ্জীৰপৰা তোলা হৈছে।
 * American Baptist Missionary Union.
  The Rev. Messrs. Brown and Cutter.
  The Rev. Messrs Thomas and Bronson.

 § Boston. [ ৮৯ ]
 

চনৰ জুলাইৰ ১৭ তাৰিখে, টমাচ চাহাবত বাজে বাকি কেইজনে সদিয়া পায় হি। বৰ দুখৰ কথা, নৈৰ পাৰৰ পৰা এজোপা গছ তেওঁৰ নাওখনত পথালিকৈ পৰাত, সদিয়াৰ নামত টমাচ চাহাবে স্বৰ্গযাত্ৰা কৰে। অসমীয়া আৰু খামতি দুয়াে ভাষাত অনেক কিতাপ আরু অনুবাদ-পুথি ৰচা হয়৷ ১৮৩৯ চনত খামতিবিলাকেৰে বিবাদ হল। সেই বিবাদতে অনেক খামতিৰ গাম মৰা পৰে, আরু খামতিবিলাকে পাই পত্ৰং দিলে। তেতিয়াই মিশ্যনাৰিবিলাকে সদিয়া এৰি আহে। ১৮৪১ চনত প্রথম অসমীয়া ধৰ্ম্মান্তৰগামীক দীক্ষিত কৰা হয়। ব্ৰন্সন চাহাবে কিছু দিন জয়পুৰত ঠাই লৈছিল। ১৮৪০ চনত তেওঁ তাৰপৰা নগা-হিললৈ উঠি যায়। ১৮৪০ চনৰ মেইৰপৰা চাইৰ বাৰ্কাৰ* চাহাবে জয়পুৰত থাকি কাম কৰি ১৮৪১ চনৰ মেইত শিৱসাগৰলৈ যায়। ১৮৪১ চনৰ মেই মাহত ব্ৰাওন আরু বাৰ্কাৰ চাহাবে শিৱসাগৰত, আরু সেই চনৰে অক্তোবৰ মাহত ব্ৰন্সন চাহাবে নগাওঁত মিশ্যনাৰি কুঠি পাতে।

 ১৮৪৩ চনত গুৱাহাটীত কুঠি হয়। সেই বছৰতে নগাওঁত এটা মাউৰা-ঘৰ পতা হয়, কিন্তু সি সৰহ দিন থাকিবলৈ নেপালে। ১৮৪৭ চনত রু দুজন পাদুৰি আহিল, আৰু তেতিয়া কাম আগতকৈ বহুত বলী হল। ১৮৪৮ চনত বাইবেলৰ উত্তৰকাণ্ডৰ অসমীয়া ভাঙ্গনিৰ দ্বিতীয় তাঙ্গৰণ, আরু ১৮৫০ চনত তৃতীয় তাঙ্গৰণ প্রকাশিত হয়। ১৮৫১ চনত তিনিওটা কুঠিলৈ নতুন পাদুৰি অনা হয়, আরু তিনটা বেলেগ


 * The Rev. Cyrus Barker, [ ৯০ ]
 
গিৰ্জ্জাঘৰ সজা হয়। ১৮৫৭ চনত নৰিয়া পৰি অনেক মিশ্যনাৰি দেশলৈ উভতি গল, আরু তেতিয়া খ্ৰীষ্ট-গিৰ্জ্জাৰ প্ৰভাৱ কমে। কিছু দিনৰ পাচতে আকৌ আন আন মিশ্যনাৰি,প্ৰবলরূপে কাৰ্য্য চলাবলৈ ধৰিলে।

 মিশ্যনাৰিবিলাকে ১৮৪৬ চনত অরুণোদয় নামেৰে এখনি ধৰ্ম্মকাকত উলিয়ায়, আরু তাক ১৮৮০ চনলৈকে চলাই থাকে। এই কাকতে ইমান নাম কৰিলে যে, আজি কালিও গাৱঁলীয়া মানুহে যেই সেই বাতৰি কাকতকে অরুন্দয় বোলে। অরুন্দয় অরুণোদয়ৰ অপভ্ৰংশ মাত। ১৮৭৬-৮০ চনলকৈ গৰ্ণি* চাহাব অরুণোদয়ৰ সম্পাদক আছিল। ব্ৰন্সন চাহাবে ১৮৬৬ চনত তেওঁৰ অসমীয়া অভিধানটি লিখি শেষ কৰে। বৰ দুৰ্ভাগ্য আৰু বেজাৰৰ কথা, এইটিয়েই আমাৰ প্ৰথম আরু শেষ অসমীয়া অভিধান হল। এই মহাত্মা-পুরুষ ১৮৮৩ চনত আমেৰিকা ৰাজ্যত স্বৰ্গী হয়।

 কোৱা বাহুল্য মাথোন, মিশ্যনাৰিবিলাকেই প্ৰথমে আমাৰ দুখীয়া অসমীয়া ভাষাক জীৱন দিয়ে| পৰোপকাৰেই তেওঁবিলাকৰ মূলমন্ত্ৰ। তেওঁবিলাকে অসমীয়াৰ যি মহৎ উপকাৰ কৰিলে, তাৰ ধাৰ শুজিব নোৱাৰি। সকলে অসমীয়াই কৃতজ্ঞ হৈ তেওঁবিলাকক দেৱতা-স্বরূপে পূজা কৰোক। ঈশ্বৰৰ ৰাজ্যত অগুণকাৰীৰ সুগতি নাই।

——————————————————————————————————————————————————

 * The Rev. A. K. Gurney.

——————

সম্পূৰ্ণ ।


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)