পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৩১ ]

পৰা ক্ষান্ত কৰিবৰ নিমিত্তে নানাৰকমে বুজাবলৈ নথলে। কিন্তু ৰামৰ বিশাল, দয়াৰ বুকুৱেও কৰ্ত্তব্যজ্ঞানক তল পেলব নোৱাৰিলে। তেওঁ কলে, “মাতৃ। জগতত সত্যই সনাতন ধৰ্ম্ম। পিতৃদেওৱে তেনে সত্যত বান্ধ খাই আছে। যদি মই পিতৃসত্যপালন নকৰোঁ, তেনেহলে মোতকৈ অধাৰ্ম্মিক আরু কুপুত্ৰ এই পৃথিবীত নোলাব। আপুনি ঘৰত থাকি পিতৃদেওৰ শুশ্ৰুষা কৰিব; ভৰতক মোৰ নিচিনাকৈ মৰম কৰিব; মাজু আইক ভনীয়েকৰ নিচিনাকৈ মৰমৰ চকুৰে চাব।”

 ৰামে কোনোমতে কৌশল্যাৰপৰা বিদায় গ্ৰহণ কৰি, সুমিত্ৰাৰ ওচৰলৈ গৈ তেওঁক প্ৰণাম কৰিলে। ৰাম, লক্ষ্মণ আৰু সীতা তিনিও বনযাত্ৰা কৰিবলৈ ওলাল। এই কথা শুনা মাত্ৰে, অযোধ্যাৰ সকলো প্ৰজা নিধাতু খাই ভাগি আহিল। সিহঁতে বিলাপ কৰি তেওঁবিলাকক থাকিবলৈ কলে, কিন্তু ৰামে, সান্ত্বনা-বাক্যেৰে সকলোকে বুজাই কলে, “মোক তোমালোকে যেনে মৰম আরু ভক্তি কৰিছা, ভৰতকো তদ্ৰুপ কৰিবা। ভৰত ৰৰ ধীৰ, শান্ত, বুদ্ধিমান্, আৰু ৰাজ নীতিকুশল। ভৰত ৰজা হলে তোমালোকৰ কোনো অমঙ্গল হব নোৱাৰে।” এই বুলি প্ৰজাবিলাকক বিদায় দি, তেওঁ- বিলাকে অৰণৰ অভিমুখে যাত্ৰা কৰিলে।

সঁচলীয়া আরু মিছলীয়াৰ কথোপকথন।

সঁচলীয়া—ভিতৰ বাহিৰ মোৰ বেলেগ নহয়, বুকুমন অকপট, সৰলতাময়।