পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৫]


কয়, তেতিয়া তাৰ নেজত দেৱ অধিষ্টিত হয়। মটা মৈৰা বিলাকে হে গঢ়িতকৈ চালি ধৰিব জানে, মাইকীবিলাকে অলপকৈ মাথোন ধৰে। মাইকীবিলাক দেখিবলৈও বৰ রূপহী নহয়। হিন্দুৰ মতে মৈৰা কাৰ্ত্তিকৰ বাহন। শ্ৰীকৃষ্ণে গোকুলত গরু চৰাওঁতে, মূৰত মৈৰাপাখি পিন্ধিছিল।

 এই ধুনীয়া চৰাইক, প্ৰতাপী ৰজা সোলোমনে পূৰ আরু দক্ষিণ দিকৰপৰা পেলেষ্টিনলৈ নিয়াইছিল। প্ৰাকৃতিক ইতিহাসৰ নিমিত্তে, তেওঁৰ বৰ রুচি আছিল, আরু জাহাজ বিলাকে, তিনি বছৰত এবাৰকৈ গৈ, পৃথিবী অনেক দূৰ দেশৰপৰা নানা বহুমূলীয়া আরু আশ্চৰ্য্য পদাৰ্থ আনে গৈ। সোণ, রূপ, হাতীদাত, বান্দৰ আদিৰ লগত, জাহাজত মৈৰাও অনা হয়। ইওৰোপলৈ এই চৰাই, প্ৰথমে মিডিয়া অৰ্থাৎ পাৰস্য দেশৰপৰা গৈছিল; সেই দেখি ইওৰোপৰ আগৰ মানুহবিলাকে ইয়াক “মিডিয়াৰ চৰাই” বুলিছিল।

 আমাৰ দেশৰো আগৰ মানুহবিলাকে এই চৰাইক বৰ আদৰ কৰিছিল। ইয়াৰ দাম বহুত বেচি আছিল। আমি সাধুকথাত শুনিবলৈ পাইছোঁ, কোনো এজন ভালমানুহৰ লৰাই, দুখত পৰি, নিজ ঠাই এৰি দূৰলৈ গৈ, বিদেশত ফুৰি ছিল; তেওঁ এক ৰজাৰ ৰাজ্য পালে গৈ; তাতে ৰজাৰ মালি নীৰ ঘৰত আশ্ৰয় ললে। মালিনীৰ বুদ্ধিত তেওঁ এক সুন্দৰ জীবিকাৰ উপায় কৰিছিল। তেওঁ গধুলি, মৈৰা থকা ঠাইত কিছুমান আখৈ চেটিয়াই থৈ আহে গৈ। মৈৰাবিলাকে আখৈ খাবলৈ কঢ়া-আজোৰা কৰে। এইদৰে দন্দ কৰোঁতে, মৈৰাৰ অনেক পাখি সৰে। পাচ দিন ৰাতিপুৱা, তেওঁ সেই পাখি