তেতিয়াৰপৰা ৰজাৰ আদেশ অনুযায়ী কাম হবলৈ ধৰিলে। দেশত এক অপূৰ্ব্ব, অদ্ভুত, ভয়-লগা কাণ্ড উপস্থিত হল। মানুহৰ মন অশান্তিৰে পূৰ্ণ হল। ৰাতিপুৱা হলেই, মানুহে গধুলি হল বুলি ভাব কৰে, আৰু গধূলি হলে, সকলোৱে তোপনিৰ পৰা উঠে। এইদৰে বহুত দিন গল, এনেতে এজন আন ৰাজ্যৰ ৰাজকোঁৱৰে, দেশভ্ৰমণ কৰি আহি, দিনৰ ভৰ-দুপৰীয়া সময়ত সেই ঠাইত ওলাল হি। তেওঁ চাৰিও চুক নিশাৰ আরু নিমাত দেখি আচৰিত হল; মন তবধ লাগিল। তেওঁ গহীন ভাবেৰে গৈ থাকোঁতে, কিছু দূৰত এজন পৰীয়াৰে তেওঁৰ ভেট হল। পৰীয়াই দেখা মাত্ৰে তেওঁক ডাবি দি কলে, “তই মাজনিশা কিয় এইদৰে ফুৰিছ? বদমাচ্! চোৰ! মই তোক এৰিব নোৱাৰোঁ। পৰীয়াই তেওঁক কটাবান্ধ দি, ৰাতি ৰজাৰ ওচৰত হাজিৰ কৰিলে গৈ। “মোৰ ৰাজ্যত চোৰ ! মোৰ ৰাজ্যত মানুহে ইমান ৰাতি ফুৰিবলৈ সাহ কৰে ! এই কথা কৈ, ৰজাই, তেওঁক কাটিবলৈ, কোটোৱালক হুকুম দিলে ৷ তেওঁ কাকূতিমিনতি কৰি ৰজাক কলে, “সৰ্গদেও। মই নিৰপৰাধী, বিনা দোষত মোৰ প্ৰাণ যায়। মই এক ৰজাৰ কোঁৱৰ। দেশ ফুৰি ফুৰি আহি, মই দিনৰ ভৰ-দুপৰত সৰ্গদেওৰ ৰাজ্যত সোমালোঁ; কিন্তু পৰীয়াই কলে, ‘তই মাজনিশা কিয় আহিছ? তই চোৰ।’ এইবিলাক ওলোটা কথাৰ অৰ্থ মই বুজিব পৰা নাই।” ৰজাই কলে, “মই দিন ৰাতি, আৰু ৰাতিক দিন পাতিছোঁ। যি মোৰ ৰাজ্যত দিনত ফুৰে, তাৰ উগ্ৰ শাস্তি হয়।” কোঁৱৰে কলে, “সৰ্গদেও! আপুনি বৰ প্ৰতাপী ৰজা।আমি মানুহে আপোনাৰ আদেশ শিৰোধাৰ্য্য কৰোঁ। কিন্তু মই
পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৬০
অৱয়ব