পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৩৪ ]
 

লোকৰ জনা উচিত। সদাই কিয় দিন নহয়, আৰু সদাই বা কিয় ৰাতি নহয়? এই কথা জনিবলৈ হলে, পৃথিবী আরু সূৰ্য্যৰ সম্বন্ধ জানিব লাগে। পৃথিবী এটা ঘূৰণীয়া গ্ৰহ, এই কথাৰ উল্লেখ পূৰ্ব্বেই হৈছে। সূৰ্য্য ৰশ্মিময়, সি আমাক পোহৰ দিয়ে। ৰাতিপুৱা হলে, সি উদিত হয়, আরু গধূলি অস্ত যায়। কিন্তু বাস্তবিকে সূৰ্য্যে ভ্ৰমণ নকৰে। আমাৰ পৃথিবীখন ঘূৰাৰ কাৰণে হে, তাক যোৱা যেন দেখোঁ। পৃথিবীৰ আকাৰ অতিবিস্তৃত; সেই দেখি আমি তাক স্থিতিশীল বুলি ভাব কৰোঁ৷ যেতিয়া এটা লাটিম বৰকৈ ঘূৰিবলৈ ধৰে, তেতিয়া আমি তাক ৰৈ থকা যেন দেখোঁ । পৃথিবীৰ ভিতৰত মাজে মাজে এডাল সৰল ৰেখাৰ কল্পনা কৰি লোৱা; ভৌগোলিকবিলাকে তাক মেরুদণ্ড বোলে। পৃথিবী সেই কাল্পনিক ৰেখাৰ ওপৰত ঘূৰিব লাগিছে।

 এটা ডাঙ্গৰ গোলাকাৰ বস্তু, এটা চাকীৰ ওচৰত ধৰিলে আমি দেখিবলৈ পাওঁ যে, সম্মুখৰ ভাগ পোহৰ হয় আৰু পিচৰ ভাগ এন্ধাৰ হৈ থাকে। সেইদৰে একেবাৰে পৃথিবীৰ এফালে মাথোন সূৰ্য্যৰ পোহৰ পৰে। সেই পোহৰে যিমান সময় অধিকাৰ কৰে, সিমান সময়কে দিন বেলা যায়। পৃথিবী ঘূৰি থাকোঁতে, নতুন নতুন দেশ ৰাজ্যে সূৰ্য্যৰ পোহৰ পাই থাকে, আরু আগৈয়ে পোহৰ-পোৱাবিলাক লাহে লাহে এন্ধাৰেৰে আবৃত হয়। পৃথিবীয়ে নিজ মেরুদণ্ডৰ ওপৰত ২৪ ঘণ্টাৰ ভিতৰত এবাৰ ঘূৰে। পৃথিবী ঘূৰি, আমি প্ৰথমে সূৰ্য্যৰ পোহৰ পালেই ৰাতিপুৱা হয়, যিমান ঘূৰিবলৈ ধৰিব, সিমান আমি পোহৰ বেচিকৈ পাই আহিম, আরু