পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
( ২২ )


হেঁতেন, তেনেহলে সি পৃথিবীৰ মূৰ ধৰিলেগৈহেঁতেন। কিন্তু বাস্তবিকে এই বিশ্বাস সঁচা নহয়। পৃথিবী এটা সুমথিৰা টেঙ্গাৰ নিচিনা ঘূৰণীয়া; আৰু দুই মুৰ অলপ সোমোৱা। সেই মূৰ দুটাৰ নাম মেরু। উত্তৰ মেরুৰ নাম সুমেরু, আরু দক্ষিণ মেরুৰ নাম কুমেরু।

 তুমি যদি সাগৰৰ পাৰত থকা এটা ওখ পৰ্বতত উঠাঁ তেনেহলে চকুৰে বহুত দূৰ দেখিবলৈ পাবা। তেতিয়া তুমি, তোমাৰ ফালে অহা জাহাজ এখনৰ গতিনিৰীক্ষণ কৰিবা। তুমি প্ৰথমতে জাহাজৰ কেৱল মাস্তুল দেখিবলৈ পাবা, কিন্তু যিমান সি ওচৰলৈ আহিব, সিমান তাৰ তলৰ অংশবিলাক দেখি যাবা। পৃথিবী ঘূৰণীয়া নহলে, এনে কেতিয়াও নহলহেঁতেন।

 আকৌ, যোৱা জহাজলৈ মন কৰিলে দেখিবলৈ পাবা যে, প্ৰথমে তাৰ তলিখন সাগৰত লুকাব। কিন্তু যিমান আঁতৰিব, বাকি অংশবিলাক ক্ৰমে ক্ৰমে সিমান লুকাই যাব, আরু অৱশেষত জাহাজ একেবাৰে অদৃশ্য হব। এইবিলাক কথাৰপৰা তুমি সিদ্ধান্ত কৰিব পাৰাঁ যে, পৃথিবী গোলাকাৰ।

 যদি কোনো এঠাইৰপৰা জাহাজ-যাত্ৰা কৰা যায়, আরু দিক-পৰিবৰ্ত্তন নকৰি গৈ থকা যায়, তেনেহলে তুমি ঘুৰি আহি পুনৰ সেই ঠাইত ওলাবাহি। অনেক লোকে এই কথাৰ প্ৰমাণ কৰিছে। পৃথিবীখন ইমান ডাঙ্গৰ যে, অনেক মাহত হে এই ভ্ৰমণৰ শেষ হয়। যদি এখন ৰেলগাড়ী ঘণ্টা ৩০ মাইল হিচাবে কতো নোৰোৱাকৈ যায়, তেনেহলে এটা চকৰ দিবলৈ, এমাহৰ ওপৰ লাগিব।