পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৬ ]


বিলাক বুটলি আনি বজাৰত বেচি ধন উলিয়াইছিল। মৈৰা পাখিৰ আদৰ এতিয়াও অলপ আছে। মৈৰাপাখিৰে টুপি, বিচনি আদি অনেক বস্তু সজা হয়। গ্ৰীচ আরু এছিয়া মাইনৰত বহুত দিনলৈকে মৈৰাৰ বৰ মান আছিল; আরু ডাঙ্গৰ মানুহ বিলাকে অনেক টকা দি মৈৰা কিনিছিল। পেৰিক্লিচৰ দিনত এটা মানুহে মৈৰা পুহিছিল। সি মানুহবিলাকক মৈৰা দেখাই, বহুত সম্পত্তি কৰিলে। অনেক দৰণি-বাটৰ মানুহ আহিছিল। এনে জনৰৱ আছে, আলেকজাণ্ডৰে সিন্ধু নৈৰ পাৰত মৈৰাবিলাক দেখি ইমান আচৰিত হল যে, তেওঁ সকলোকে শুনাই দিলে, যি কোনোৱে সিহঁতৰ এটাকো মাৰিব, তাৰ উগ্ৰ শাস্তি হব।

 বাঢৈবিলকে নানা কাম কৰি কাঠৰ মৈৰা সাজে। মানুহে ভাল ভাল বস্তুত মৈৰাৰ মূৰ্ত্তি আঁকি থয় । কোনো কোনো বৰনাওৰ টিঙ্গত মৈৰাৰ মূৰ্ত্তি সজা থাকে। দিল্লিৰ সমাট শ্যাজাহানৰ এখন সুপ্ৰসিদ্ধ ময়ূৰাসন আছিল। আসনত বহল নেজেবে এটা মৈৰা সজা অছিল। তাৰ চাৰিও পিনে উজ্জ্বল হীৰা আদি পাথৰ আছিল। পাথৰত নানা ৰঙ্গৰ বহুমূলীয়া মণি পতোৱা হৈছিল। ময়ূৰাসন সাজোতে, প্ৰায় চাৰে ছয় কোটি টকা খৰচ হয়।

 মৈৰাই পোক পৰৱা খায়। মৈৰা সাপৰ পৰম শত্ৰু। ইহতে সাপক দেখা মাত্ৰে ধৰি খায়।

 মৈৰাৰ পাখিৰ সাজটো যিমান চিকুণ, মাতটো সিমান কুন্ধচ্। বাস্তবিকে, তাৰ মাতটো একেবাৰে শুনিবৰ মন নোযোৱা, আরু কৰ্কশ। মানুহে মৈৰাৰ ঠেংকেইটাও বৰ