পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ২৯ ]

নিমিত্তে যাৰ সদাই ধাউতি, আমাৰ কোনো বিপদ হলে যি চকুলোৰে বাট নেদেখে, তেনে পিতৃদেওৰ সত্যপালন নকৰিলে, পৰকালত যমৰ যাতনা, ইহকালত মানুহৰ দুৰ্যশ আরু গৰিহণা হব। মই আনন্দমনেৰে বনবাস খাটিম, ভৰত ৰজা হৈ প্ৰজাপালন কৰাক। কিন্তু মোৰ এটি প্ৰাৰ্থনা, আপুনি পিতৃদেওক সান্ত্বনা দিব, মোক নেদেখি তেওঁ ব্যাকুল হব। মোক তেওঁ নিজৰ প্ৰাণটোৰ নিচিনাকৈ ভাবে।” এই কথা কৈ, ৰামে পিতৃদেওক প্ৰদক্ষিণ কৰি সেৱা কৰিলে। তাৰ পাচে মাহীয়েকক সেৱা কৰি বিদায় ললে।

 সীতাই সকলো বৃত্তান্ত শুনি মৰ্ম্মাহতা হল। তেওঁৰ চকুৰপৰা জৰ্ জৰ্ কৰে পানী পৰিবলৈ ধৰিলে। ৰামে কলে, “বেজাৰ নকৰিবা, মই চৈধ্য বছৰ বনত থাকি আকৌ উভতি আহিম। তুমি শোকাকুলা নহবা। গুরুজনৰ সেৱা-শুশ্ৰুষাত সদাই মন দিবা।” সীতাই কান্দি কালি কবলৈ ধৰিলে, “আৰ্য্যপুত্ৰ! নিশ্চয় ময়ো আপোনাৰ লগত বনযাত্ৰা কৰিম। এই চিৰদাসীক এৰি গৈ কেতিয়াও চিৰদুখিনী নকৰিব। তিৰোতাৰ স্বামীয়ে জীৱন, স্বামীয়েই শ্ৰেষ্ঠ দেৱতা। সতীৰ প্ৰধান ধৰ্ম্ম, স্বামীৰ পদসেৱা। যি তিৰোতাই স্বামীৰ লগত থাকি সদাই সেৱা-শুশ্ৰুষা কৰিব, তেওঁৰে নাৰী জনম সাৰ্থক। স্বামীৰ গতিয়ে হে তিৰোতাৰ গতি। তিৰোতাৰ জীৱন, স্বামীৰ জীৱনৰ লগত বন্ধা, তিৰোতাৰ বেলেগ জীৱন নাই। অৰণ্যত নানা কষ্ট, বহুত ক্লেশ, বিপত্তি হব, কিন্তু আপোনাৰ ওচৰত থাকিলে মই সকলো পাহৰিম, দুখক দুখ বুলি নগণিম। মই আপোনাক এৰি ইয়াত থাকিলে, মোৰ মানত এই