কাগজ।
কাগজৰপৰা মানুহৰ কিমান উপকাৰ হৈছে, তাক বৰ্ণিব নোৱাৰি। এই কাগজৰ দ্বাৰাই বিদ্যাপ্ৰচলনৰ অতিসুচল হৈছে। আমাৰ কিতাপবিলাক ইয়াৰেই নিৰ্ম্মিত। কিতাপ সভ্যতাৰ প্ৰধান পৰিচালক। প্ৰত্যেক মানুহৰ নিমিত্তে স্মৃতি- শক্তি যেনে, মনুষ্যজাতিৰ নিমিত্তে কিতাপ তেনে। কিতাপ থকা বাবেই, আমি পূৰ্ব্ব পূৰ্ব্ব মহাপুরুষ সকলৰ ভাববিলাক অধিকাৰ কৰি, নিজক উন্নত কৰিব পাৰিছোঁ। সেই ভাব-বিলাক সাঁচি থবৰ একো উপায় নোহোৱা হলে, আমি আজিও অজ্ঞানৰ এন্ধাৰত পৰি থাকিব লাগিলহেঁতেন। এতিয়া সুগমরূপে বুজিব পাৰি, কিতাপে আমাৰ কিমানদূৰ হিতসাধন কৰিছে। এনে কিতাপ, কাগজৰপৰা হৈছে।
পূৰ্ব্বকালত যদিও কাগজ নাছিল, তথাপি লিখনকাৰ্য্য যে মূলেই নচলিছিল, এনে নহয়। মানুহবিলাকে বট, আহঁত কল, তাল-আদি গছৰ পাতত লিখিছিল। আরু ছালৰো ব্যৱহাৰ আছিল। আমাৰ দেশত আজিকালিও সাঁচি পাতেৰে পুথি লিখা হয়। সাঁচি-পাত সোনকালে নষ্ট নহয়, আরু অনেক দিনলৈকে থাকে।
কাগজ কৰাৰ প্ৰণালী এনেকুৱা;-ফটাকানি, পাট, শণ, এইবিলাকৰপৰাই ঘাইকৈ কাগজ কৰা হয়। সুতাবিলাক যেন খহটা বা মিহি হয়, কাগজো তেনে খহটা বা মিহি হয়। সেই দেখি, ফটাকাণিবিলাক আগধৰি বেলেগবেলেগকৈ বিছি, নিকাকৈ ধুব লাগে। সেইবিলাক ঢেকিত মিহিকৈ খুণ্ডি