পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৩ ]
 

 দহত এবাৰ পাৰোঁ যদি কেনেবাকে’,
 এটাত পৰিম ধৰা, নটা লাভ থাকে।
সঁচলীয়া—চক্ৰ নাই মোৰ, পোন বাট ধৰি যাওঁ—
 সৰল শান্তিৰে মই দিন পঠিয়াওঁ।
মিছলীয়া-নকবা, নকবা আৰু, বুজিলোঁ আটাই।—
 মোৰ হৃদয়ত কিন্তু শান্তি নাই নাই!
 তোমাৰ অন্তৰ কেনে শান্তিৰ আশ্ৰম,
 লভিছা সদাই তুমি সন্তোষ পৰম।
 মোৰ তো হৃদয়, হায়! দুখৰ আকৰ।
 মিছাত ফুৰোঁতে মোৰ শৰীৰ জৰ্জ্জৰ ৷
সঁচলীয়া-ভাইটি! ধৰিবা সঁচা, কৰি প্ৰাণপণ,
 অৱশ্যে তোমাৰ হব শান্তিপূৰ্ণ মন।
 সাহসী বুকুৰ ধেনু, লোৱাঁ সঁচা-গুণ।
 ঈশ্বৰ-অমৃত, সঁচা—সুপবিত্ৰ গুণ।
 সামৰণি৷
 ‘মিছলীয়া’ নিজ পথ মানিলে অসাৰ-
 আলোকিলে মোহাবুত বুকৰ এন্ধাৰ।
 সঁচা বুলিবলৈ হল অঙ্গীকাৰযুত।
 চুমা খালে পৰস্পৰ দুজনে বাহুত।

————

কাল-বিভাগ।

 তোমালোকে সকলোৱে দেখিছা, দিন হয়, আরু ৰাতি হয়। কিন্তু এই কালৰ বিভাগ কেনেকৈ হয়, সেইটো তোমা-