পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৪ ]


ঈশ্বৰ-সংসাৰ গহীনতাময়,
  গহীনাই খোজ কাঢ়োক মানুহে।

মাতোঁ, কণ্ঠ তুলি স্বৰ্গ-উদ্দেশেৰে,
  সাহসী, নিৰ্ম্মল, অবিকৃত মাত।
কওক মানুহে নিৰ্ভয় কণ্ঠেৰে,
  সত্যকথা, চিন্তি স্বৰগৰ বাট।

মুৰ্খ মই, তেও নিজৰ পাখিৰে,
  লেখক-জনৰ কৰোঁ কত হিত!
হওক মানুহ মূৰ্খ মোৰ দৰে,
  আনৰ মঙ্গল সাধি পৃথিবীত।

⸺⸺
মৈৰা।

 মৈৰা বৰ শুৱনী চৰাই। ইয়াৰ পাখিৰ বৰণ এনে মৰমলগা যে, তাক দেখিলে, তাতে চকু লাগি ৰয়। হিন্দুবিলাকৰ মতে মৈৰাক মাৰিব নেপায়। তেওঁবিলাকে তাৰ অনুপম সৌন্দৰ্য্য দেখি, এনে ভাব কৰে। বাস্তবিকে যি ডোখৰ ঠাইত মৈৰা থাকে, তাত মন গহীন লাগে। মৈৰাই যেতিয়া নেজেৰে চালি ধৰি অপূৰ্ব্ব শোভাবিস্তাৰ কৰে, তেতিয়া যেন মনক কিবাই স্বৰ্গলৈ টানি নিয়ে, আমাৰ এনে বোধ হয়। আমাৰ মানুহে