কোনো এটা মানুহৰ এজনী শুৱনী তিৰোতা আছিল। সি তাইক বৰ ভাল পাইছিল, আরু এখন্তকো চকুৰ আঁৰত নথৈছিল। এদিন বিশেষ কাৰ্য্যোপলক্ষে বিদেশলৈ যাবলগীয়া হোৱাত, সি এখন চৰাই-বজাৰলৈ আহিল, আরু এটি গুণৱন্ত ভাটৌ কিনিলে। ভাটৌটোৱে মানুহৰ নিচিনাকৈ স্পষ্টকৈ কথা কব পাৰে, আরু তাৰ চকুৰ আগত যি যি ঘটনা হয়, সকলোৰে বৰ্ণনা দিব পাৰে। সি তাক ঘৰলৈ আনি, যত্নেৰে প্ৰতিপালিত কৰিবলৈ ঘৈণীয়েকক কৈ, বিদেশৰ অভিমুখে যাত্ৰা কৰিলে। সি ঘৰলৈ উভতি আহি, ভাটৌটোৰ মুখৰ পৰা, ঘৈণীয়েকৰ চৰিত্ৰৰ বিরুদ্ধে নানা কথা শুনিবলৈ পালে। সি তেতিয়া ঘৰৰ অটাইবিলাক মানুহকে সুধিলে, কিন্তু সকলোৱে শপথ কৰি আসৈ মাতিলে, আরু ভাটোক মিছলীয়া পাতিলে।
তাৰ ঘৈণীয়েকে, স্বামীৰ মনৰ সন্দেহ সমূলি গুচাবলৈ চেষ্টা কৰিলে, আরু ভাটোৰ ওপৰত প্ৰতিশোধ লবলৈ স্থিৰ কৰিলে। স্বামী আকৌ এবাৰ বিদেশলৈ গল। তাইৰ হুকুম অনুসাৰে, এটা বন্দীয়ে ৰাতি ভাটৌটোৰে সজাৰ তলত এখন জাত ঘূৰাই থাকিবলৈ ধৰিলে। দ্বিতীয় এটাই বৰষুণপৰাৰ দৰে সজাটোৰ ওপৰত পানী চেটিয়াবলৈ ধৰিলে। তৃতীয় এটাই এখন দাপোণেৰে চাকিৰপৰা প্ৰতিবিম্ব ধৰি তাৰ চকুত পোহৰ পেলাই আছিল। পাচ দিন, স্বামী উভতি আহি ঘৰ পালে, আরু ভাটোক পূৰ্ব্বৰ দৰে প্ৰশ্ন কৰিলে। ভাটোৱে কলে, “হে প্ৰভু! কালি ৰাতি বজ্ৰ, বৰষুণ আৰু বিজু ল